হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ এগৰাকী অনুৰাগীৰ মৃত্যু। আৰু সেই অভিযোগতে শুকুৰবাৰে পুৱা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে। আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে দেশজুৰি হাহাকাৰ লাগিছে। কিন্তু এতিয়া আল্লু অৰ্জুনৰ বিৰুদ্ধে থকা গোচৰে নতুন মোৰ লৈছে। কিয়নো মৃত মহিলাগৰাকীৰ স্বামী ভাস্কৰে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ সাজু বুলি জনাইছে। তেওঁ নিজৰ বিবৃতিত কয় যে তেওঁৰ পত্নীৰ মৃত্যুৰ বাবে আল্লু অৰ্জুনক জগৰীয়া নহয়। ৰেৱতীৰ স্বামী ভাস্কৰে কয়, ‘মই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ সাজু। গ্ৰেপ্তাৰৰ কথা মই নাজানিছিলো আৰু আল্লু অৰ্জুন পদপিষ্ট ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।’’ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পিছতে তেওঁ এই মন্তব্য কৰে মহিলগৰাকীৰ স্বামীয়ে। আৰু পঢ়ক: কি ঘটিছিল ‘পুষ্পা-২’ প্ৰিমিয়াৰত? কি কি ধাৰাত গ্ৰেপ্তাৰ হ’ল আল্লু অৰ্জুন? কি কি লিখা আছে আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত? A to Z Update খবৰ অনুসৰি তেওঁ কয় যে সেইদিনা তেওঁলোকে সন্ধ্যা থিয়েটাৰলৈ গৈছিল কাৰণ তেওঁৰ পুত্ৰই চিনেমাখন চাব বিচাৰিছিল আৰু সেইদিনা তেওঁ থিয়েটাৰলৈ যোৱাটো আল্লু অৰ্জুনৰ দোষ নাছিল। ইয়াৰ পিছতে তেওঁ গ্ৰেপ্তাৰৰ বিষয়ে একো নাজানে বুলি কয় আৰু চিকিৎসালয়ৰ পৰাই খবৰটো চাইছিল। গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁ সাজু বুলিও জনাই মহিলাগৰাকীৰ স্বামীয়ে। ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰৰ বাহিৰত জনসমূদ্ৰ হৈছিল। ছুপাৰষ্টাৰ আল্লু অৰ্জুনক চাবলৈ দৰ্শকৰ ভিৰ কৰিছিল। অভিনেতা তথা সংগীত পৰিচালক দেৱী শ্ৰীপ্ৰসাদে প্ৰিমিয়াৰত অংশগ্ৰহণ কৰিছিল। অনুৰাগী থিয়েটাৰৰ ফালে লৰালৰিকৈ যোৱাৰ লগে লগে বিশৃংখলতাৰ সৃষ্টি হয় আৰু থিয়েটাৰৰ মূল গেটখন ভাঙি পৰে। ফলত ৩৫ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ ৯ বছৰীয়া পুত্ৰ গুৰুতৰভাৱে আহত হয়। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছত আল্লু অৰ্জুনে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৃতকৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা কৰুণ ঘটনাত মই গভীৰভাৱে দুখী হৈছো। অনন্য কষ্টৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে তেওঁলোক অকলশৰীয়া নহয় আৰু মই ব্যক্তিগতভাৱে তেওঁলোকৰ ওচৰলৈ যাম।’’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.