(File Photo) পাৰ্থ জ্যোতি বৰা : বাংলাদেশত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা আৰু জ্ঞানৰ পোহৰ বিলাবলৈ ঢাকাৰ সমীপৰ গাজীপুৰত জন্ম হৈছিল শংকৰদেৱ ফাউণ্ডেচনৰ। শংকৰদেৱ ফাউণ্ডেছনৰ ঔৰসত জন্ম হৈছিল Shankardev Institute of Thought নামৰ আন এক গৱেষণা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ। এই দুই প্ৰতিষ্ঠানে বাংলাদেশত ধৰ্মভেদে বিভিন্ন লোকৰ মাজত শংকৰদেৱৰ চিন্তা, কৰ্মৰাজিৰ বিষয়ে এক দশক ধৰি অৱগত কৰি আহিছে। এতিয়া শংকৰদেৱ ফাউণ্ডেচনৰ মুৰব্বী ঢাকাৰ নিৱাসী সুবোধ চন্দ্ৰ দাসে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনৰ পৰা অতি কমেও ৪ কোটি বাংলাদেশী টকাৰ সাহায্য দাবী কৰিছে। অসম NEৰে টেলিফোনযোগে হোৱা এক বাৰ্তালাপত দাসে এই দাবীৰ কথা সদৰী কৰে। তেওঁ কয় বাংলাদেশ চৰকাৰে দেশখনৰ হিন্দু লোকৰ কাৰণে কোটি কোটি টকা খৰচ কৰে। দুৰ্গা পূজাৰ কাৰণে চৰকাৰে যদি ৪০০ কোটি টকা খৰচ কৰিব পাৰে শংকৰদেৱৰ কাৰণে ৪ কোটি টকাৰ আবণ্টনত একো সমস্যা থাকিব নালাগে বুলি মন্তব্য কৰে দাসে। সাম্প্ৰতিক সময়ত অস্থিৰতা মাজেৰে পাৰ হৈছে চুবুৰীয়া বাংলাদেশ। দেশৰ সংখ্যালঘু লোকসকলক পৰিকল্পিত আক্ৰমণৰ লক্ষ কৰি লোৱা হৈছে। তেনে সময়ত শংকৰদেৱ ফাউণ্ডেচনৰ চৰকাৰৰ প্ৰতি এই দাবীয়ে তাতপৰ্য বহন কৰিছে। সেই চৰকাৰী ধন আৰু আন আন উৎস পৰা প্ৰাপ্ত সাহায্যৰে প্ৰতিষ্ঠানটোৱে এটা দহ মহলীয়া ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে গাজীপুৰত এটা নামঘৰ স্থাপন কৰা হৈছে। দহ মহলীয়া ভৱনটোক শংকৰদেৱকেন্দ্ৰিক সকলো বিষয়ৰ চৰ্চা আৰু গৱেষণাৰ প্ৰাণ কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব বুলি মন্তব্য কৰিছে সুবোধ চন্দ্ৰ দাসে। শংকৰদেৱ ফাউণ্ডেচন ধৰ্মীয় উগ্ৰবাদৰ কোনো স্থান আৰু বাংলাদেশত দেখা দিয়া সংকটৰ সমাধান শংকৰদেৱে দেখুৱাই যোৱা মানৱীয় প্ৰমূল্যবোধৰ মাজত আছে বুলিও মন্তব্য কৰে দাসে। বাংলাদেশৰ বৰ্তমানৰ মুৰব্বী ড০ ইউনুছ এগৰাকী শান্তিৰ নোবেল বঁটা বিজয়ী ব্যক্তি। অতি সম্প্ৰতি দেশখনত হিন্দুৰ ওপৰত হোৱা আক্ৰমণে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। গতিকে শংকৰদেৱৰ নামত অনুদান আগবঢ়ালে তেওঁৰ ভাৱমূৰ্তিত ইতিবাচক প্ৰভাৱ পৰিব বুলিও মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আন এজন ব্যক্তিয়ে। ফাউণ্ডেচনৰ উত্তৰণৰ কাৰণে অসম চৰকাৰৰ তথা সমাজত প্ৰতিষ্ঠিত ব্যক্তিসকলৰো হস্তক্ষেপ বিচাৰিলে দাসে। তেওঁ কয়, বাংলাদেশত ৩৪খন সত্ৰ আছিল; সেই সত্ৰসমূহৰ পুনৰুদ্ধাৰৰ পদক্ষেপে অসম আৰু বাংলাদেশৰ মাজত নতুন দিগন্তৰ সূচনা কৰিব। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.