NEWS

Sheikh Hasina : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, দেশ এৰি পলায়ন হাছিনাৰ : সূত্ৰ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ। দেশ এৰি পলায়ন কৰিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেনাৰ হেলিকপ্তাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন হাছিনাৰ। ‘ঢাকা পেলেচ’ এৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন কৰিছে শ্বেখ হাছিনাই। বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই খবৰ। ভগ্নী ৰেহানাক লৈ শ্বেখ হাছিনাই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। তেওঁক হেলিকপ্টাৰেৰে ‘নিৰাপদ’ আশ্ৰয়ৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। বাংলাদেশ সেনাৰ অধীনত তদাৰকী চৰকাৰ গঠন হ’ব পাৰে বাংলাদেশত। সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰ পূৰ্বে বাংলাদেশৰ সেনা বাহিনীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হয় পদত্যাগ কৰাৰ বাবে। ৪৫ মিনিট সময় তেওঁক দিয়া হৈছিল বুলি খবৰ। তাৰ পিছতে হাছিনাই পদত্যাগ কৰে। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰে খবৰ, দেশ এৰাৰ পূৰ্বে হাছিনাই জনতাক উদ্দেশ্যি ভাষণ ৰেকৰ্ড কৰিব বিচাৰিছিল। তেওঁক সেই সুযোগো নিদিলে বাংলাদেশ সেনাই। কিছু সময় পিছতে জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ সম্ভাৱনা আছে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে। এক সূত্ৰৰ দাবী, হাছিনা নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু তেওঁক উদ্ধাৰৰ বাবে ভাৰতৰ পৰা বাংলাদেশলৈ বিমান প্ৰেৰণ কৰা নহ’ব বুলি জনায় নতুন দিল্লীয়ে। ভাৰতৰ ফালৰ পৰা জনোৱা হয়, বাংলাদেশৰ আকাশী সীমাত ভাৰতৰ কোনো বিমান প্ৰেৰণ নকৰে। কাৰণ তাত আইন লংঘন হ’ব পাৰে। ভাৰতৰ পৰা জনোৱা হয়, হাছিনাই ভাৰতত উপস্থিত হ’ব লাগিব। তাৰ পিছত তাৰ পৰা তেওঁক দিল্লীলৈ লৈ যোৱা হ’ব পাৰে। হেলিকপ্টাৰত ঢাকাৰ পৰা দিল্লীলৈ আহিব নোৱাৰি। এইক্ষেত্ৰত নিকটৱৰ্তী অৱতৰণ স্থান কলকাতা বিমানবন্দৰ। তাৰ পৰা তেওঁক বিশেষ বিমানেৰে নতুন দিল্লীলৈ লৈ যোৱা হ’ব পাৰে। উল্লেখযোগ্য যে হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত। বিগত কেইবাদনো ধৰি চৰকাৰবিৰোধী আন্দোলন চলিছে বাংলাদেশত। আন্দোলনকাৰীসকলৰ দাবী আছিল - হাছিনা চৰকাৰৰ পদত্যাগ। দেওবাৰে বিক্ষোভকাৰীসকলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱায়। পৰিস্থিতি ক্ৰমাৎ জটিল হৈছে। তাৰ পিছতে সোমবাৰে পদত্যাগ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.