১৩ বছৰ অন্তত গৃহভূমিত টেষ্ট শৃংখলা হেৰুওৱাৰ পিছতে এতিয়া টীম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে সৰৱ ক্ৰিকেটপ্ৰেমীসকল। কাৰণ ২০১২ চনৰ পিছত প্ৰথমবাৰলৈ নিউজিলেণ্ডৰ হাতত ৩-০ৰ ব্যৱধানত শৃংখলা হেৰুৱালে ৰোহিত বাহিনীয়ে। এতিয়া সকলোৰে প্ৰশ্ন গৃহভূমিতে তুলনামূলকভাৱ দুৰ্বল কিৱি বাহিনীৰ হাতত ধৰাশায়ী হোৱা টীম ইণ্ডিয়াই আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কিমান সফল হ’ব? কেংগাৰু বাহিনীৰ হাতত আৰু বেয়াকৈ পৰাস্ত হ’ব নেকি ৰোহিত বাহিনী? ভাৰতীয় টেষ্ট দলটোৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছতে ক্ৰিকেট অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। প্ৰায় সংখ্যক অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত লিখিলে ভাৰতীয় দলটোক উদ্ধাৰৰ বাবে পুনৰ দললৈ আমন্ত্ৰণ কৰিব লাগে চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেক। ক্ৰিকেট প্ৰেমীসকলে লিখিছে ভাৰতীয় দলটোত পূজাৰা আৰু ৰাহানে থকা হ’লে ভাৰতীয় দলটোৰ এনে অৱস্থা নহ’লহেতেন। কিন্তু প্ৰশ্ন হয় পূজাৰা আৰু ৰাহানে পুনৰ ঘূৰি আহিলেই সকলো সমস্যাৰ সমাধান হ’বনে? কাৰণ বিগত বৰ্ষতে দুৰ্বল ফৰ্মৰ বাবে ভাৰতীয় টেষ্ট দলৰ পৰা বাদ দিয়া হৈছিল দুয়োজন তাৰকা খেলুৱৈক। কিন্তু শেহতীয়াকৈ ৰঞ্জি ট্ৰফীত চেতেশ্বৰ পূজাৰ আৰু ইৰাণী ট্ৰফীত জিলিকি উঠিছে ৰাহানে। কিন্তু ইতিমধ্যে ২০২৪-২৫ৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। যাৰবাবে এতিয়া এবছৰতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলা দুজন ক্ৰিকেটাৰক হঠাৎ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ মাতি অনাৰ কোনো সম্ভাৱনা নাই। কিন্তু পূজাৰা আৰু ৰাহানেক অন্তৰ্ভুক্ত কৰাটো দলটোৰ শেহতীয়া বেটিং ব্যৰ্থতাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক যেনেই লাগে। কাৰণ টেষ্টত এই যুঁটিৰ আছে বছৰ বছৰ অভিজ্ঞতা। মিডল অৰ্ডাৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বহু মেচত ভাৰতক বিজয়ৰ সোৱাদ দিয়াইছে দুয়োজন ক্ৰিকেটাৰে। বিশেষকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দুয়োজন ক্ৰিকেটাৰৰ প্ৰদৰ্শন অতি সন্তোষজনক। কিন্তু এতিয়া ভাৰতীয় দলটোৰ সংকটমোচক হিচাপে থিয় হ’ব কোন? কাৰণ ৰাহানে-পূজাৰাক দললৈ পুনৰ মাতি অনাৰ সম্ভাৱনা নাই। কাৰণ দুয়োৰে বয়স ৩৬ বছৰ। বয়সৰ দিশৰ পৰাও দুয়োৰে পৰা বহু বেছিদিন ক্ৰিকেট আশা কৰিব নোৱাৰি। তেনেস্থলত ভাৰতীয় দলটোৰ পূজাৰা-ৰাহানেৰ দৰে এটা বিশ্বাসযোগ্য মিডল অৰ্ডাৰ যুঁটিৰ প্ৰয়োজন। ভাৰতে চলিত সপ্তাহৰ শেষৰ ফালে অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰি ২২ নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব। ভাৰতীয় বেটছমেনগৰাকীৰ দুৰ্বল প্ৰদৰ্শনত স্তম্ভিত হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত ৫-০ ব্যৱধানত পৰাস্ত হ’ব বুলি ভৱিষ্যতবাণী কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে। কিং কোহলী, হিটমেন ৰোহিত শৰ্মাৰ দুৰ্বল ফৰ্মেও চিন্তাত ৰাখিছে ভাৰতীয় টীম মেনেজমেণ্টক। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.