ৰাগবী ইণ্ডিয়াৰ সৌজন্যত, SAIৰ তত্বাৱধানত, অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯ আৰু ১০ নৱেম্বৰত অস্মিতা ৰাগবী ৱ’মেনছ লীগ গোৰেশ্বৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়৷ ইতিমধ্যে ৰাগবী খেলখনক জনপ্ৰিয় কৰিবৰ বাবে তামুলপুৰ ৰাগবী সন্থাই বিগত সময়ছোৱাত কেইবাখনো খেল অনুষ্ঠিত কৰি আহিছে। ৯ নৱেম্বৰৰ পুৱা ৯ বজাত তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে প্ৰতিযোগিতাখন মুকলি কৰে। ছাব জুনিয়ৰ শাখাত ১১টা দল আৰু জুনিয়ৰ শাখাত ৮টা দলে অংশগ্ৰহণ কৰে। ছাব জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম, চৰাইদেউ জিলাই দ্বিতীয় আৰু মেদাঘাট বৰকুচলা, বাক্সা তৃতীয় স্থান দখল কৰে। জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থা প্ৰথম, চৰাইদেউ জিলা দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। ছিনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম স্থান, চিৰাং জিলাই দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান লাভ কৰে। ১০ নৱেম্বৰত ছিনিয়ৰ শাখাৰ খেলত ৮টা দলে অংশগ্ৰহণ কৰে। ছিনিয়ৰ শাখাৰ বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠানত SAIৰ বিষয়া বিশ্বজিৎ সেনগুপ্তা, অসম ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠক, সম্পাদক অজিত কলিতা, যুটীয়া সম্পাদক অংশুমান দত্ত আৰু শান্তনু শইকীয়া, গোৰেশ্বৰ ক্ৰীড়া সন্থাৰ সভাপতি ধনঞ্জয় বসুমতাৰী, সম্পাদক দাদুল চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Assam Sports : গোৰেশ্বৰত অস্মিতা ৰাগবী ৱ’মেনছ লীগৰ সামৰণি, তামুলপুৰ জিলালৈ চেম্পিয়নৰ খিতাপ Assam Sports : গোৰেশ্বৰত অস্মিতা ৰাগবী ৱ’মেনছ লীগৰ সামৰণি, তামুলপুৰ জিলালৈ চেম্পিয়নৰ খিতাপ ৰাগবী ইণ্ডিয়াৰ সৌজন্যত, SAIৰ তত্বাৱধানত, অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯ আৰু ১০ নৱেম্বৰত অস্মিতা ৰাগবী ওমেনচ লীগ গোৰেশ্বৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়৷ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : November 10, 2024, 10:09 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি ৰাগবী ইণ্ডিয়াৰ সৌজন্যত, SAIৰ তত্বাৱধানত, অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯ আৰু ১০ নৱেম্বৰত অস্মিতা ৰাগবী ৱ’মেনছ লীগ গোৰেশ্বৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়৷ ইতিমধ্যে ৰাগবী খেলখনক জনপ্ৰিয় কৰিবৰ বাবে তামুলপুৰ ৰাগবী সন্থাই বিগত সময়ছোৱাত কেইবাখনো খেল অনুষ্ঠিত কৰি আহিছে। ৯ নৱেম্বৰৰ পুৱা ৯ বজাত তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে প্ৰতিযোগিতাখন মুকলি কৰে। বিজ্ঞাপন ছাব জুনিয়ৰ শাখাত ১১টা দল আৰু জুনিয়ৰ শাখাত ৮টা দলে অংশগ্ৰহণ কৰে। ছাব জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম, চৰাইদেউ জিলাই দ্বিতীয় আৰু মেদাঘাট বৰকুচলা, বাক্সা তৃতীয় স্থান দখল কৰে। জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থা প্ৰথম, চৰাইদেউ জিলা দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। ছিনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম স্থান, চিৰাং জিলাই দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান লাভ কৰে। ১০ নৱেম্বৰত ছিনিয়ৰ শাখাৰ খেলত ৮টা দলে অংশগ্ৰহণ কৰে। ছিনিয়ৰ শাখাৰ বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠানত SAIৰ বিষয়া বিশ্বজিৎ সেনগুপ্তা, অসম ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠক, সম্পাদক অজিত কলিতা, যুটীয়া সম্পাদক অংশুমান দত্ত আৰু শান্তনু শইকীয়া, গোৰেশ্বৰ ক্ৰীড়া সন্থাৰ সভাপতি ধনঞ্জয় বসুমতাৰী, সম্পাদক দাদুল চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Sports First Published : November 10, 2024, 10:05 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.