NEWS

Virat Kohli : এইবাৰ বিহু নাচিলে বিৰাট কোহলীয়ে! শ্ৰীলংকাৰ বিৰুদ্ধে খেলত কোহলীৰ নৃত্য ভাইৰেল ছ’চিয়েল মিডিয়াত

বিহু নাচিলে বিৰাট কোহলীয়ে। নিজৰ বিভিন্ন শৈলীৰে প্ৰতিদিনে ক্ৰীড়াপ্ৰেমী মন জয় কৰি আহিছে বিৰাট কোহলীয়ে। কেতিয়া আগ্ৰাসী ৰূপত, কেতিয়াবা ধেমেলীয়া ৰূপত কিং কোহলি। কিন্তু এইবাৰ বিৰাট কোহলীয়ে প্ৰতিগৰাকীৰ অসমীয়াৰ মন জয় কৰিলে। এইবাৰ শ্ৰীলংকাত বিহু নাচিলে কিং কোহলীয়ে। শ্ৰীলংকাৰ বিৰুদ্ধে এটা কেচ ধৰি বিৰাট কোহলীয়ে ভাঙিলে কঁকাল। শ্ৰীলংকাৰ বেটছমেন ছাদিৰা ছামাৰ বিক্ৰামাৰ কেচ ধৰি বিহুনৃত্য প্ৰদৰ্শন কৰিলে কোহলীয়ে। মেচৰ ২৭ সংখ্যক অ’ভাৰত অক্ষৰ পেটেলৰ বলত বিৰাট কোহলীৰ হাতত কেচ দিছিল ছাদিৰা ছামাৰ বিক্ৰামাই। কেচ ধৰাৰ পিছত আনন্দ প্ৰকাশ কৰি বিহু নৃত্য প্ৰদৰ্শন কৰে কিং কোহলিয়। The celebration from Virat Kohli after taking the catch. 😂❤️ pic.twitter.com/5rAKm8RKTU উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ৩২ ৰাণত পৰাজয় বৰণ কৰে। দ্বিতীয় এদিনীয়াত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিছিল। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৩ উইকেট দখল কৰে। কুলদীপ যাদৱেও ২টা উইকেট দখল কৰে। কিন্তু শ্ৰীলংকাৰ হাতত ভাৰতে ৩২ ৰাণৰ ব্যৱধানত পৰাজয় বৰণ কৰে। শ্ৰীলংকাৰ ২৪০ ৰান প্ৰত্যুত্তৰত ২০৮ ৰানতে থমকি ৰয় টীম ইণ্ডিয়া। ভাৰতৰ ৰোহিত শৰ্মাৰ বাহিৰে আন কোনেও উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই দৰ্শনীয় অৰ্ধশতক কৰে যদিও, শ্ৰীলংকাৰ হৈ লেগ স্পিনাৰ জিঅ’ফ্ৰে ভাণ্ডাৰছেই বলিঙৰ আগত দিশহাৰা হৈ পৰিল ভাৰতীয় বেটছমেন। শ্ৰীলংকাৰ হৈ লেগ স্পিনাৰ জিঅ’ফ্ৰে ভাণ্ডাৰছে ৬টাকৈ উইকেট দখল কৰে। ভাৰতৰ অক্ষৰ পেটেল কিছু দায়িত্বশীল ইনিংছ খেলে যদিও ভাৰতক জয়ৰ সোৱাদ দিব নোৱাৰিলে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.