NEWS

Unified Pension Scheme: নতুন পেঞ্চন আঁচনি আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে! কি কি সুবিধা থাকিব ইউনিফাইড পেঞ্চন স্কীমত?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আৰম্ভ কৰা হৈছে। যি পেঞ্চন স্কীমৰ আওতাত ন্যূনতম ৫০ শতাংশ পেঞ্চন নিশ্চিত হৈ গৈছে। কেতিয়াৰ পৰা এই আঁচনি আৰম্ভ হ’ব? কি কি সুবিধা লাভ কৰিব? চাওক বিতংভাৱে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন স্কীম ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কিন্তু পুৰণি আঁচনি (OPS) ঘূৰাই অনা নহয়। নতুন যি পেঞ্চম স্কীম (নেচনেল পেঞ্চন ছিষ্টেম) আছে, সেয়া থাকিব। লগতে নতুন পেঞ্চম আঁচনি হিচাপে ‘ইউনিফাইড পেঞ্চম স্কীম’ আৰম্ভ কৰা হৈছে। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চম স্কীমেত অনুমোদন জনাইছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। ইয়াত নিশ্চিত পেঞ্চন লাভ কৰিব। নিশ্চিতভাৱে ৫০ শতাংশ পেঞ্চন (বেছিক দৰমহাৰ ৫০ শতাংশ) প্ৰদানৰ বিষয়টো এই আঁচনিৰ প্ৰথম ভিত্তি হ’ব। আৰু নিশ্চিতভাৱে ৬০ শতাংশ পাৰিবাৰিক পেঞ্চন প্ৰদানৰ বিষয়টো দ্বিতীয় ভিত্তি হ’ব ‘ইউনিফাইড পেঞ্চম স্কীম’ৰ। এই ইউনিফাইড পেঞ্চন স্কীমৰ ফলত প্ৰায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী লাভৱান হ’ব।’ আৰু পঢ়ক : UPSত দৰমহাৰ পৰা কিমানকৈ কৰ্তন কৰিব টকা, অৱসৰৰ পিছত কিমান পাব পেঞ্চন, UPS সন্দৰ্ভত চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ দীৰ্ঘদিন ধৰি পুৰণি পেঞ্চন আঁচনি ওভতাই অনাৰ দাবী তুলিছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ একাংশই। সেই দাবীক লৈ জইণ্ট কনচাল্টিভ মেকানিজমৰ সৈতে মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অৱশ্যে বিশেষজ্ঞৰ মতে, পুৰণি পেঞ্চম স্কীম ঘূৰাই আনিলে চৰকাৰৰ ওপৰত বৰ্ধিত বোজা পৰিব। সেই পৰিস্থিতিত ‘ইউনিফাইড পেঞ্চন স্কীম’ আৰম্ভ কৰাৰ ঘোষণা হ’ল। নিশ্চিত ৫০ শতাংশ পেঞ্চন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে, অৱসৰ গ্ৰহণৰ পূৰ্বে অন্তিম ১২ মাহত যি বেছিক দৰমহা আছিল, সেই গড় বেছিক দৰমহাৰ ৫০ শতাংশ ধন নিশ্চিতভাৱে লাভ কৰিব। ন্যূনতম ১০ বছৰ চাকৰিৰ ক্ষেত্ৰত অনুপাতৰ ভিত্তিত পেঞ্চন প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে পুৰণি পেঞ্চন স্কীমৰ আওতাত অন্তিম দৰমহাৰ বেছিক দৰমহাৰ ৫০ শতাংশ লাভ কৰিছিল পেঞ্চন হিচাপে। যিটো সংখ্যা বাঢ়িছিল ডি আৰ বৃদ্ধিৰ লগে লগে। লগতে পঢ়ক : পূজাৰ পূৰ্বেই ডাঙৰ উপহাৰ! চৰকাৰী কৰ্মচাৰীৰ বাঢ়িব নেকি দৰমহা? ডাঙৰ সিদ্ধান্তৰ দিশে চৰকাৰ নিশ্চিত ৬০ শতাংশ পেঞ্চন কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে মৃত্যুৰ পূৰ্বে যি পেঞ্চন থাকিব, তাৰ ৬০ শতাংশ লাভ কৰিব পৰিয়ালে। ন্যূনতম নিশ্চিত পেঞ্চন কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে ন্যূনতম ১০ বছৰ চাকৰি কৰিলে মাহিলী ন্যূনতম ১০,০০০ টকা পেঞ্চন লাভ কৰিব। ইউনিফাইড পেঞ্চন স্কীম বাধ্যতামূলক নেকি? ইউনিফাইড পেঞ্চন স্কীম বাধ্যতামূলক হোৱা নাই। যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বিচাৰে, তেওঁলোকে ইউনিফাইড পেঞ্চন স্কীম বাচি ল’ব পাৰে। যিসকল কৰ্মচাৰীয়ে নতুন পেঞ্চন স্কীমত থাকিব বিচাৰে, তেওঁলোকে সেই সুযোগ লাভ কৰিব। কেতিয়াৰ পৰা আৰম্ভ হ’ব UPS? কেন্দ্ৰীয় চৰকাৰে জনাইছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ইউনিফাইড পেঞ্চন স্কীম আৰম্ভ হ’ব। অৰ্থাৎ ২০২৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা এই নতুন পেঞ্চন আঁচনি আৰম্ভ কৰা হ’ব বুলি জনায় অশ্বিনী বৈষ্ণৱে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.