NEWS

Bangladesh: বাংলাদেশত হিংসাৰ দাবানল! প্ৰতি মিনিটত বাঢ়িছে মৃতকৰ সংখ্যা, কেৱল ৰবিবাৰেই ৭৮ জন! বন্ধ ম'বাইল-ইণ্টাৰনেট সেৱা, সান্ধ্য আইন জাৰি

পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজপথত বাংলাদেশৰ ছাত্ৰ-যুৱসমাজ। বাংলাদেশৰ আগশাৰীৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে এই ঘটনাত এতিয়ালৈকে ৭৮ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে আন বিভিন্ন সূত্ৰই দাবী কৰিছে যে এই সংখ্যা শতাধিক। বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিহতসকলৰ ভিতৰত ১৪ জন আৰক্ষীও আছে। ৰাজধানী ঢাকাৰ বাহিৰেও সকলো সংমণ্ডল মুখ্য কাৰ্যালয়, নগৰ নিগম, পৌৰসভা, উদ্যোগিক এলেকা, জিলা সদৰ আৰু উপজিলা মুখ্য কাৰ্যালয়ত সান্ধ্য আইন প্ৰণয়ন কৰা হৈছে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে চৰকাৰৰ পদত্যাগৰ এক দফা দাবী উত্থাপন কৰিছে। আজি অৰ্থাৎ দেওবাৰে আৰম্ভ হৈছে অসহযোগ কাৰ্যসূচী। সমগ্ৰ দেশখনৰ বহু ঠাইত সংঘৰ্ষ অব্যাহত আছে। এই কাৰ্যসূচীত এতিয়ালৈকে মুনছিগঞ্জত ৩ জন, বগৰাত ৩ জন, মাগুৰাত ৩ জন, পাবনাত ২ জন, কমিল্লাত ১ জন, ভোলাত ৩ জন আৰু ৰংপুৰত ৩ জন লোক আৰু মুঠ ২৮ জন লোকৰ মৃত্যু হৈছে। বহুকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন্দোলনৰ আৰম্ভণিতে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল। পিছত চালু কৰা হৈছিল যদিও আজি পুনৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এটা চৰকাৰী সংস্থাই ফেচবুক, মেচেঞ্জাৰ, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম বন্ধ কৰাৰ নিৰ্দেশ দিছে। আজি দেওবাৰে দুপৰীয়া ১ বজাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে (IIG) প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Bangladesh: বাংলাদেশত হিংসাৰ দাবানল! প্ৰতি মিনিটত বাঢ়িছে মৃতকৰ সংখ্যা, কেৱল ৰবিবাৰেই ৭৮ জন! বন্ধ ম'বাইল-ইণ্টাৰনেট সেৱা, সান্ধ্য আইন জাৰি Bangladesh: বাংলাদেশত হিংসাৰ দাবানল! প্ৰতি মিনিটত বাঢ়িছে মৃতকৰ সংখ্যা, কেৱল ৰবিবাৰেই ৭৮ জন! বন্ধ ম'বাইল-ইণ্টাৰনেট সেৱা, সান্ধ্য আইন জাৰি Bangladesh: পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজপথত বাংলাদেশৰ ছাত্ৰ-যুৱসমাজ। বাংলাদেশৰ আগশাৰীৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে এই ঘটনাত এতিয়ালৈকে ৭৮ জন লোকৰ মৃত্যু হৈছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 4, 2024, 9:49 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজপথত বাংলাদেশৰ ছাত্ৰ-যুৱসমাজ। বাংলাদেশৰ আগশাৰীৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে এই ঘটনাত এতিয়ালৈকে ৭৮ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে আন বিভিন্ন সূত্ৰই দাবী কৰিছে যে এই সংখ্যা শতাধিক। বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিহতসকলৰ ভিতৰত ১৪ জন আৰক্ষীও আছে। বিজ্ঞাপন ৰাজধানী ঢাকাৰ বাহিৰেও সকলো সংমণ্ডল মুখ্য কাৰ্যালয়, নগৰ নিগম, পৌৰসভা, উদ্যোগিক এলেকা, জিলা সদৰ আৰু উপজিলা মুখ্য কাৰ্যালয়ত সান্ধ্য আইন প্ৰণয়ন কৰা হৈছে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে চৰকাৰৰ পদত্যাগৰ এক দফা দাবী উত্থাপন কৰিছে। আজি অৰ্থাৎ দেওবাৰে আৰম্ভ হৈছে অসহযোগ কাৰ্যসূচী। সমগ্ৰ দেশখনৰ বহু ঠাইত সংঘৰ্ষ অব্যাহত আছে। এই কাৰ্যসূচীত এতিয়ালৈকে মুনছিগঞ্জত ৩ জন, বগৰাত ৩ জন, মাগুৰাত ৩ জন, পাবনাত ২ জন, কমিল্লাত ১ জন, ভোলাত ৩ জন আৰু ৰংপুৰত ৩ জন লোক আৰু মুঠ ২৮ জন লোকৰ মৃত্যু হৈছে। বহুকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিজ্ঞাপন আন্দোলনৰ আৰম্ভণিতে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল। পিছত চালু কৰা হৈছিল যদিও আজি পুনৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এটা চৰকাৰী সংস্থাই ফেচবুক, মেচেঞ্জাৰ, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম বন্ধ কৰাৰ নিৰ্দেশ দিছে। আজি দেওবাৰে দুপৰীয়া ১ বজাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে (IIG) প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Bangladesh First Published : August 4, 2024, 9:44 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.