NEWS

US Connection with Bangladesh Turmoil: বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ আঁৰত আমেৰিকাঃ শ্বেখ হাছিনাই আনিলে গুৰুতৰ অভিযোগ

বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ আঁৰত আমেৰিকা। দেশৰ জনতাৰ প্ৰতিবাদত সেও মানি পদত্যাগ তথা দেশান্তৰিত হোৱা শ্বেখ হাছিনাই অৱশেষত মুখ খুলিছে। প্ৰধানমন্ত্ৰীৰ চকী এৰাৰ লগতে দেশ এৰিবলৈ বাধ্য হোৱা শ্বেখ হাছিনাই দেশখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ আমেৰিকাকে জগৰীয়া কৰে। হাছিনাৰ অভিযোগ বাংলাদেশৰ অধীনত থকা ছেইণ্ট মাৰ্টিনছ দ্বীপৰ বাবেই তেওঁক আমেৰিকাই ক্ষমতাৰ পৰা উচ্ছেদ কৰিলে। আমেৰিকাৰ চকু বাংলাদেশৰ ছেইণ্ট মাৰ্টিনছ দ্বীপতঃ বংগপোসাগৰৰ উত্তৰ-পূবত তথা বাংলাদেশৰ ভূ-খণ্ডৰ নিচেই সমীপতে আছে ছেইণ্ট মাৰ্টিনছ দ্বীপ। বাংলাদেশৰ কক্স বজাৰৰ পৰা পৰা মাত্ৰ ৯ কিলোমিটাৰ নিলগত থকা ছেইণ্ট মাৰ্টিনছ দ্বীপটোৰ মাটি কালি প্ৰায় ৩ বৰ্গ কিলোমিটাৰ। বাংলাদেশৰ এই ক্ষুদ্ৰ দ্বীপটোত আমেৰিকাই চকু দি আহিছে। আমেৰিকাই নিজৰ সামৰিক ঘাটি পাতিবলৈ বাংলাদেশৰ পৰা ছেইণ্ট মাৰ্টিনছ দ্বীপটো বিচাৰি আহিছে। ছেইণ্ট মাৰ্টিনছ দ্বীত সামৰিক ঘাটি পাতি বংগ উপসাগৰৰ নিয়ন্ত্ৰণ দখল কৰাই আছিল আমেৰিকাৰ লক্ষ্য। কিন্তু হাছিনা চৰকাৰে ছেইণ্ট মাৰ্টিনছৰ সাৰ্বভৌমত্ব আমেৰিকাৰ হাতত গতাই দিবলৈ কোনো পধ্যেই ৰাজী নহয়। যাৰ বাবে হাছিনা চৰকাৰৰ বিৰুদ্ধে আমেৰিকা নাৰাজ হৈ আহিছে। হাছিনাৰ অভিযোগ নিজৰ অভিষ্ট সিদ্ধি নোহোৱাৰ বাবে বাংলাদেশত অস্থিৰতাৰ সৃষ্টি কৰি আমেৰিকাই দেশখনৰ চৰকাৰ সলনিৰ চেষ্টা চলাই আহিছিল। শ্বেখ হাছিনাই আমেৰিকাৰ বিৰুদ্ধে অভিযোগ আনি পোনপটীয়াকৈ ক’লে- ‘ছেইণ্ট মাৰ্টিনছ দ্বীপৰ সাৰ্বভৌমত্ব আমেৰিকাক অৰ্পণ কৰা হ’লে মই ক্ষমতাত থাকিব পাৰিলোহেঁতেন। কিন্তু মই দেশৰ সাৰ্বভৌমত্ব আনৰ হাতত তুলি দিয়াৰ পক্ষপাতী নহয়।’ একেসময়তে হাছিনাই আমেৰিকাৰ কূটনীতিৰ বশৱৰ্তী হৈ দেশখনত আৰম্ভ হোৱা পৰিস্থিতিয়ে সৃষ্টি কৰিব পৰা অধিক হিংসাৰ পৰা হাত সাৰিবলৈকে হাছিনাই পদত্যাগ কৰাৰ কথাও প্ৰকাশ কৰিছে। হাছিনাই বাংলাদেশী নাগৰিকক পৰৰাষ্ট্ৰৰ কূটনীতিৰ বলী নহ’বলৈও আহ্বান জনায়। লক্ষণীয় ভাৱে ক’ভিড পৰিস্থিতি আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই বাংলাদেশৰ বস্ত্ৰ ৰপ্তানি ব্যৱসায়ত প্ৰভূত প্ৰভাৱ পেলায়। দেশখনৰ অৰ্থনীতি কিছু স্তিমিত হৈ পৰে। এনে সময়তে দেশখনত নিবনুৱা সমস্যাও বৃদ্ধি পায়। তাৰ পৰিপ্ৰেক্ষিততে দেশখনত মুক্তিযোদ্ধাৰ সতি সন্ততিৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত থকা ৩০শতাংশ সংৰক্ষণৰ গইনা লৈ দেশখনক ছাত্ৰৰ প্ৰতিবাদ আৰম্ভ হয়। হাছিনা চৰকাৰ সেই সংৰক্ষণ ৫শতাংশলৈ হ্ৰাস কৰাৰ পাছতো আন্দোলন স্তিমিত নহ’ল। আৰু এই প্ৰতিবাদেই সৰ্বাত্মক ৰূপ লৈ প্ৰধানমন্ত্ৰী হাছিনাক পদত্যাগ কৰিবলৈ বাধ্য কৰিলে। জুলাইত কাৰ্যকাল সমাপ্ত কৰা বাংলাদেশত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত পিটাৰ হাছে বিৰোধী আৰু মৌলবাদীৰ পক্ষত থাকি কূটকৌশল ৰচনাৰে দেশখন অস্থিৰ কৰি তোলাৰে অভিযোগ আনিলে শ্বেখ হাছিনাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.