এখন চলন্ত বাছত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে নিশা তীৰ্থযাত্ৰীৰে ভৰা এখন চলন্ত বাছত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। বাছখনত যাত্ৰা কৰা ৮ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ আহত হোৱা ২৪ জনৰো অধিক লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চলন্ত বাছখনত জুইৰ লেলিহান শিখা দেখি স্থানীয় ৰাইজে জুই নিৰ্বাপণৰ চেষ্টা চলাইছিল। ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহু কষ্ট কৰি কোনোমতে জুই নিয়ন্ত্ৰণ কৰে। হাৰিয়ানাৰ নুহ জিলাৰ টাৱাডু মহকুমাৰ সীমান্তৰে পাৰ হৈ যোৱা কুণ্ডলী মানেছাৰ পালৱাল এক্সপ্ৰেছৱেত শুকুৰবাৰ নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। চলন্ত বাছখনত অগ্নিকাণ্ডৰ ফলত ৮ জনকৈ লোকৰ জীৱন্তে অগ্নিদগ্ধৰ ঘটনাই শিঁয়ৰাই তুলিছে প্ৰত্যক্ষদৰ্শীক। কিন্তু কি কাৰণত কেনেকৈ চলন্ত বাছখনত অগ্নি সংযোগ হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ দলটো পঞ্জাৱ আৰু চণ্ডীগড়ৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তীৰ্থযাত্ৰীৰ দলটোৱে মথুৰা আৰু বৃন্দাবন ভ্ৰমণ কৰি উভতি আহিছিল। আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। বাছখনত যাত্ৰা কৰা ভুক্তভোগী ভক্ত সৰোজ পঞ্জ আৰু পুনমে জনোৱা মতে শুকুৰবাৰে তেওঁলোকে এখন পৰ্যটন বাছ ভাড়া কৰি বেনাৰস আৰু মথুৰা-বৃন্দাবন দৰ্শনলৈ বুলি ৰাওনা হৈছিল। বাছখনত মুঠ ৬০ জন লোক আছিল। য’ত মহিলা আৰু শিশুও আছিল। তীৰ্থযাত্ৰীসকলৰ অধিকাংশই ইজন-আনজনৰ সম্পৰ্কীয় আছিল, যিসকল আছিল পঞ্জাৱৰ লুধিয়ানা, হোছিয়াৰপুৰ আৰু চণ্ডীগড়ৰ বাসিন্দা। শুকুৰবাৰ নিশা ধৰ্মস্থলী দৰ্শন কৰি উভতি আহি আছিল বুলি তীৰ্থযাত্ৰী পুনমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। নিশা প্ৰায় ১.৩০ বজাত চলন্ত বাছখনত জুইৰ লেলিহান শিখা দেখা যায়। তেওঁ কয় যে তেওঁ আগৰ চিটত বহি আছে। কেনেবাকৈ গাঁৱৰ স্থানীয় লোকৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰা হয়। আনহাতে সহায়ৰ বাবে স্থানত উপস্থিত হোৱা গাঁওবাসী ছাবিৰ, নাছিম, সাজিদ, এহছান আদিয়ে নিশা প্ৰায় ১:৩০ বজাত এখন চলন্ত বাছত জুইৰ শিখা দেখা বুলি কয়। তেওঁলোকে চিঞৰি চিঞৰি চালকক বাছখন ৰখাবলৈ কৈছিল যদিও বাছখন ৰখোৱা নাছিল বুলি জানিবলৈ দিয়ে। তাৰ পাছতে মটৰ চাইকেল চলাই অহা এজন যুৱকে বাছখনৰ পিছে পিছে গৈ চালকক অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰে। বাছখন ৰোৱাৰ সময়লৈকে ইতিমধ্যে বাছখনত জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। গাঁওবাসীয়ে জুই নুমুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে। গাঁওবাসীয়ে জনোৱা মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়। তেতিয়ালৈকে বাছত যাত্ৰা কৰা লোকসকল গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। ইয়াৰে ৮ জনৰ মৃত্যু হয় আৰু বাকী আহতসকলক টাৱাডু সদৰ আৰক্ষী থানাৰ এম্বুলেন্স মাতি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ কিছু সময়ৰ পাছতে আৰক্ষী অধীক্ষক নৰেন্দ্ৰ বিজাৰণিয়াইও নিজৰ দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ উপৰিও টাৱাডুৰ এছ ডি এম সঞ্জীৱ কুমাৰ, টাৱাডু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন্দ্ৰ কুমাৰ আৰু ডি এছ পি ইত্যাদি উপস্থিত হয়। এই সময়ছোৱাত পথটোত যান-বাহনৰ দীঘলীয়া শাৰীৰ বাবে যান-জঁটৰ সৃষ্টি হয়। বহু কষ্টৰ অন্তত আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই পৰ্যন্ত মৃতক লোককেইজনক চিনাক্ত কৰিব পৰা হোৱা নাই। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.