NEWS

Neeraj Chopra : পেৰিছত স্বৰ্ণ পদক লাভৰ পৰা বঞ্চিত নীৰজ চোপ্ৰা, দেশলৈ আনিলে প্ৰথমটো ৰূপৰ পদক

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো ৰূপৰ পদক। জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই লাভ কৰিলে ৰূপৰ পদক। দেশবাসীয়ে নীৰজৰ পৰা স্বৰ্ণপদক আশা কৰিছিল যদিও ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় নীৰজ চোপ্ৰা। ৮৯.৪৫ মিটাৰ থ্ৰ’ কৰি ৰূপৰ পদক লাভ কৰে নীৰজে। জেভলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰি পাকিস্তানৰ আৰ্ছাদ নাদিমে। একেৰাহে দুবাৰকৈ অলিম্পিকত পদক জয় কৰিলে নীৰজ চোপ্ৰাই। টকিঅ’ অলিম্পিকত স্বৰ্ণজয় কৰিছিল ভাৰতৰ খেলুৱৈগৰাকীয়ে। সকলোৱে ভাবিছিল টকিঅ’ অলিম্পিকৰ সেই কৃতিত্ব পুনৰ অৰ্জন কৰিব নীৰজ চোপ্ৰাই। যোগ্যতা অৰ্জন পৰ্বত সকলোতকৈ বেছি দূৰত্বৰ থ্ৰ’ কৰিছিল নীৰজে। কিন্তু ফাইনেলত সেয়া নহ’ল। ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ভাৰতীয় তাৰকা খেলুৱৈগৰাকী। পাকিস্তানৰ আৰ্ছাদ নাদিমৰ সৈতে হাৰি গ’ল নীৰজ চোপ্ৰাই। কেইবাবছৰ ধৰি নীৰজ আৰু আৰ্ছাদে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। ভাৰতীয় তাৰকাগৰাকীয়ে জনাইছে, আৰ্ছাদ তেওঁৰ বন্ধু। সেই বন্ধুৰ হাততে পৰাস্ত হ’ল নীৰজ। পেৰিছত ফাইনেলৰ আৰম্ভণি সুন্দৰ নহ’ল নীৰজৰ। প্ৰথম থ্ৰ’ কৰিবলৈ গৈ পৰি যায় তেওঁ। চিহ্ন স্পৰ্শ কৰা বাবে প্ৰথম থ্ৰ’ বাতিল হয়। পাকিস্তানৰ আৰ্ছাদ নাদিমে দ্বিতীয় থ্ৰ’ত দলিয়ায় ৯২.৯৭ মিটাৰ। নতুন অলিম্পিক অভিলেখ সৃষ্টি কৰিলে পাকিস্তানৰ খেলুৱৈগৰাকীয়ে।ফলত নীৰজৰ চাপ বৃদ্ধি পায়। দ্বিতীয় থ্ৰ’ত নীৰজে ৮৯.৪৫ মিটাৰ দলিয়ায়। চলিত ছিজনত এয়া তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। কিন্তু স্বৰ্ণ তেতিয়াও বহু দূৰত আছিল। নীৰজৰ তৃতীয় থ্ৰ’ও বাতিল হয়। দ্বিতীয় ৰাউণ্ডতো ভাল নহ’ল নীৰজৰ। চতুৰ্থ থ্ৰ’ও বাতিল হয় নীৰজৰ। পিছৰ থ্ৰ’ত একেই ছবি। অন্তিম থ্ৰ’ও আশাপ্ৰদ নহ’ল। আৰ্ছাদে অন্তিম থ্ৰ’ত ৯০ মিটাৰৰ অধিক দলিয়ায়। দ্বিতীয় স্থানতে শেষ কৰে নীৰজে। স্বৰ্ণপদক জিকিলে পেৰিছ অলিম্পিকত একমাত্ৰ স্বৰ্ণজয়ী ভাৰতীয় হিচাপে পৰিগণিত হ’লহেঁতেন নীৰজ চোপ্ৰা। ৰূপৰ পদক জিকাৰ পিছত নীৰজক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ এক্স হেণ্ডেলযোগে নীৰজক মোদীয়ে জনালে শুভেচ্ছা। Neeraj Chopra is excellence personified! Time and again he’s shown his brilliance. India is elated that he comes back with yet another Olympic success. Congratulations to him on winning the Silver. He will continue to motivate countless upcoming athletes to pursue their dreams… pic.twitter.com/XIjfeDDSeb পেৰিছ অলিম্পিকৰ পূৰ্বে নীৰজৰ লক্ষ্য আছিল ৯০ মিটাৰৰ অধিক দলিওৱা। কিন্তু সেয়া হৈ নুঠিল। তেওঁ পেৰিছত পদক জিকাৰ বাবে ইমানেই গুৰুত্ব দিছিল যে এই বছৰ খুব কম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আঘাতৰ প্ৰতি নজৰ দিছে। প্ৰয়োজনীয় বিশ্ৰাম লৈছে। কঠোৰ অনুশীলন কৰিছে। টকিঅ’ত স্বৰ্ণজয়ৰ পিছত এইবাৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত তেওঁ পতাকাবাহক হোৱাৰ কথা আছিল নীৰজৰ। কিন্তু পেৰিছত উদ্বোধনী অনুষ্ঠানত তেওঁ উপস্থিত নাছিল। সেই সময়ত আণ্টালিয়াত প্ৰশিক্ষণ লৈ আছিল। পেশীৰ শক্তি বৃদ্ধিৰ প্ৰতি নজৰ দিছিল। নিজৰ ইভেণ্টৰ পূৰ্বে পেৰিছলৈ গৈছিল নীৰজ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.