NEWS

‘বেহাৰবাৰী আউটপোষ্ট’ এৰি যাবগৈ নেকি SI প্ৰীতম খাৰঘৰীয়া?

প্ৰীতম বৰুৱা, অসমীয়া সাংস্কৃতিক জগতৰ এখন চিনাকি মুখ। দীৰ্ঘদিনে জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউট পোষ্ট’ত অভিনয় কৰি আহিছে প্ৰীতম বৰুৱাই। SI প্ৰীতম খাৰঘৰীয়া নামেৰে সকলোৰে মাজত চিনাকি প্ৰীতম বৰুৱা। কিন্তু শেহীয়াকৈ ‘বেহাৰবাৰী আউট পোষ্ট’ উপ-পৰিদৰ্শক প্ৰীতম খাৰঘৰীয়াৰ আহিছে বদলিৰ নিৰ্দেশনা। কিন্তু সঁচাকৈয়ে বদলি হ’ব নেকি SI প্ৰীতম খাৰঘৰীয়া? সঁচাকৈয়ে ‘বেহাৰবাৰী আউট পোষ্ট’ এৰি যাবগৈ নেকি? SI প্ৰীতম খাৰঘৰীয়াই? এতিয়া এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে প্ৰতিগৰাকী দৰ্শকৰ মাজত। খবৰ আৰু প্ৰচাৰ অনুসৰি এইবাৰ ৰাজ্যৰ আগশাৰী নাট্যদল ‘কহিনুৰ থিয়েটাৰ’ৰ সৈতে চুক্তিবদ্ধ হৈছে প্ৰীতম বৰুৱা। আৰু ১২ জুলাইৰ পৰা ‘কহিনুৰ থিয়েটাৰে’ আৰম্ভ কৰিব এইবাৰৰ নাট্যৰম্ভ। ৩খন ভিন্ন ৰঙীন নাটেৰে এইবাৰৰ নাট্যযুদ্ধলৈ সাজু হৈছে ‘কহিনুৰ থিয়েটাৰ’। অভিজিৎ ভট্টাচাৰ্যৰ ‘মই ব্ৰহ্মপুত্ৰ’, চম্পক শৰ্মাৰ ‘বনৰীয়া ফুল’ আৰু মৃদুল চুতীয়াৰ ‘পিঞ্জৰা’ নাটকেৰে সাজু হৈছে ‘কহিনুৰ থিয়েটাৰ’। আৰু পঢ়ক: বাৰ্বাডোজত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি মাতৃভূমিত উপস্থিত Men in Blue, প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পৰা বিজয় পেৰেডলৈ, ভাৰতীয় দলৰ আজি ক’ত কি কাৰ্যসূচী? ইতিমধ্যে ‘বেহাৰবাৰী আউট পোষ্ট’ নামৰ ধাৰাবাহিকখন ৩০০০ খণ্ড অতিক্ৰম কৰিছে। লগতে উত্তৰ-পূবৰ আটাইতকৈ বেছি খণ্ড সম্প্ৰচাৰিত ধাৰাবাহিকৰূপেও পৰিগণিত হৈছে। কিন্তু আৰু হয়টো দুটা বা তিনিটা খণ্ডৰ পিছতে ‘বেহাৰবাৰী আউট পোষ্ট’ এৰি যাবগৈ SI প্ৰীতম খাৰঘৰীয়া। থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ বাবেই ‘বেহাৰবাৰী আউট পোষ্ট’ এৰি যাবগৈ SI প্ৰীতম খাৰঘৰীয়াই। হয়টো আগন্তুক এটা বছৰলৈ ‘বেহাৰবাৰী আউট পোষ্ট’ত দেখা নাপাব প্ৰীতম বৰুৱাক। নিউজ ১৮ৰে হোৱা একে অনুষ্ঠানত ‘বেহাৰবাৰী আউট পোষ্ট’ এৰি যোৱাৰো ইংগিত প্ৰদান কৰে অভিনেতাগৰাকীয়ে। আৰু পঢ়ক: বানত দিকবিদিক হেৰাইছে বন্যপ্ৰাণীয়ে! বিলৈ বিপত্তি নোহোৱা হৈছে বন্য জীৱকুলৰ! বিহালী আৰু পেঙেৰীত বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনৰ উল্লেখ্য যে প্ৰীতম বৰুৱা ৰাজ্যৰ জনপ্ৰিয় তথা বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাৰ পুত্ৰ। আৰু প্ৰথমবাৰলৈ ভ্ৰাম্যামাণ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে প্ৰীতম বৰুৱা। ধাৰাবাহিকৰ পিছত প্ৰথমবাৰলৈ প্ৰীতম বৰুৱাৰ অভিনয় দেখা পাব অসমৰ নাট্যপ্ৰেমীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.