NEWS

কাইলৈ ছবিগৃহলৈ আহিব বিদুৰভাই

Assamese movie bidurbhai releasing tomorrow ডিজিটেল মাধ্যমত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা জনপ্ৰিয় বেৱ চিৰিজ বিদুৰভাইৰ চিনেমা সংস্কৰণ ১৯ জুলাইত অৰ্থাৎকাইলৈ ছবিগৃহলৈ আহিব। কাইলৈ ছবিগৃহলৈ আহিব লগা বিদুৰভাইক লৈ ছবিপ্ৰেমীৰ মাজত দেখা গৈছে উৎকন্ঠা। বিদুৰভাইৰ ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাচত চিনেমা হিচাপে ছবিখনকলৈ দৰ্শকৰ মাজত দেখিবলৈ পোৱা গৈছে বিশেষ চর্চা। সকলোৱে কাইলৈৰ দিনটোৰ বাবে অপেক্ষা কৰিছে। ছবিখনৰ মুক্তিৰ পূৰ্বেই ইতিমধ্যে মুকলি কৰা হৈছে আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থা। গুৱাহাটী, বঙাইগাঁও, তিনিচুকীয়া, ৰঙিয়া, পাঠশালা, মৰিগাঁও, নগাঁও, নাজিৰা, সোণাৰি, যোৰহাটৰ বহুকেইটা ছবিগৃহত মুকলি কৰা হৈছে আগতীয়াকৈ টিকট বুকিং ব্যৱস্থা। অনলাইন যোগেও বিভিন্ন ছবিপ্ৰেমীয়ে ক্ৰয় কৰিছে টিকট। মুক্তিৰ পূৰ্বেই বহুকেইটা ছবিগৃহতে এতিয়া হাউচফুল বিদুৰভাইৰ শ্ব’। অসমীয়া ছবিৰ ভাল দিন উভতি অহাৰ পিছত কেইবাখনো বোলছবিয়ে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিদুৰভাই ৱেৱ চিৰিজৰ পূৰ্বৰ প্ৰতিটো খণ্ডই সকলোকে যথেষ্ট আমোদ দিছিল। মাইক্ৰ’ফাইনেন্স, বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা অসমৰ গ্ৰাম্য সমাজৰ লগতে লকডাউনৰ বাবে দেখা দিয়া চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখসমূহকে কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল অসমীয়া ৱেব চিৰিজ বিদুৰভাই৷ প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা ৱেব চিৰিজখনৰ প্ৰতিটো খণ্ডই ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। যাৰ বাবে ছবিখনক লৈ ছবিপ্ৰেমীৰ বাবে দেখা গৈছে উৎসুকতা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.