প্ৰায় এবছৰ পূৰ্বে মণিপুৰত সৃষ্টি হৈছিল গোষ্ঠী সংঘৰ্ষ। এই ঘটনাত গৃহহীন হৈছিল বহুলোক। বহু লোকে নিজৰ ঘৰ-বাৰী ত্যাগ কৰি আশ্ৰয় লৈছিল চুবুৰীয়া ৰাজ্য মিজোৰামত। সম্প্ৰতি মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি থকা এইসকল লোকেই পুনৰ দখল কৰিছে সংবাদ শিৰোনাম। সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ পৰা বিতাড়িত হৈ মিজোৰামত বাস কৰা মণিপুৰী লোকসকলে শেহতীয়াকৈ প্ৰকাশ কৰিছে ভাৰত নিৰ্মাণত অংশীদাৰ হ’ব তেওঁলোকো। দেশৰ বৃহত্তম উৎসৱ নিৰ্বাচনত তেওঁলোকেও অংশীদাৰ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেই মৰ্মে মিজোৰামত আশ্ৰিত মণিপুৰী লোকসকলৰ আহ্বান-ভাৰতীয় নাগৰিক হিচাপে তেওঁলোককো প্ৰদান কৰা হওক ভোটাধিকাৰ। ‘‘আমিও ভাৰতৰ নাগৰিক। ভোটদান আমাৰো কৰ্তব্য। পৰিস্থিতিৰ বাবে আমি গৃহভূমিৰ পৰা বিতাড়িত। নিৰ্বাচন আয়োগলৈ আমাৰ অনুৰোধ। প্ৰদান কৰক আমাক ভোটাধিকাৰ’’ আৰু পঢ়ক: আৰ্থিক সংকটত কংগ্ৰেছ! হেলিকপ্টাৰ লৈ ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ মণিপুৰৰ শেহতীয়া সংঘৰ্ষত সৰ্বস্ব হেৰুৱাই সম্প্ৰতি চুবুৰীয়া ৰাজ্য মিজোৰামত আশ্ৰয় লোৱা মণিপুৰী লোকসকলৰ মনৰ কথা, তেওঁলোকেও বিচাৰে ভোট দিবলৈ। তেওঁলোকো হ’ব বিচাৰে গণতন্ত্ৰৰ এই সৰ্ববৃহৎ মহোৎসৱৰ অংশীদাৰ হ’বলৈ। এবছৰৰো অধিক কাল পাৰ হোৱা মণিপুৰৰ সংঘৰ্ষজৰ্জৰ পৰিবেশৰ বাবে সম্প্ৰতি মিজোৰামত ১৫০০ মণিপুৰী লোক ভগনীয়া হৈ আছে। সাম্প্ৰতিক পৰিস্থিতিত মিজোৰামৰ পৰা মণিপুৰলৈ উভতি যোৱা সম্ভৱ নহয় বাবেই মিজোৰামতেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগ্ৰহী এইসকল লোক। আৰু পঢ়ক: হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও ‘‘আমি নিৰ্বাচন আয়োগক অনুৰোধ কৰিছো, আমাক মিজোৰামতেই ভোটাৰধিকাৰ সাব্যস্ত কৰিবলৈ দিয়ক। মিজোৰামতে থাকি এখন মন পছন্দৰ চৰকাৰ গঠনত আগভাগ ল’বৰ মন আছে। ’’ বুলিও মনৰ ভাৱ প্ৰকাশ কৰে মিজোৰামত আশ্ৰয় লৈ থকা মণিপুৰীসকলে। উল্লেখ্য যে মিজোৰামৰ শেহতীয়া বিধান সভা নিৰ্বাচনতো এইসকল লোকে নিৰ্বাচন প্ৰক্ৰিয়াত অংশীদাৰ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোটদান কৰাৰ বাবে অনুমতি লাভ নকৰিলে। পৰৱৰ্তী সময়ত মণিপুৰৰ পৰিস্থিতি কিছু শান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকৰ নিজ ৰাজ্যলৈ উভতি যোৱাৰ পৰিবেশ অহা বুলি আশা কৰা হৈছিল যদিও মণিপুৰত পুনৰ সৃষ্টি হয় অশান্তময় পৰিবেশ। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইসকল বিতাড়িত মণিপুৰী লোকে সম্প্ৰতি মিজোৰামতেই বাস কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ বাবে মিজোৰাম চৰকাৰৰ পৰা যাবতীয় অনুমোদন অবশ্যে জৰুৰী। যদিহে মিজোৰাম চৰকাৰে অনুমোদন জনাই, তেন্তে হয়তো সলনি হ’ন এওঁলোকৰ ঠিকনা, চিৰদিনলৈ। লগতে, যদি ভাৰতৰ নিৰ্বাচন আয়োগে তেওঁলোকক মিজোৰামৰ পৰাই ভোটদান কৰাৰ অধিকাৰ প্ৰদান সন্দৰ্ভত অনুমোদন জনায়, তেন্তে তেওঁলোক নিৰ্বাচনী প্ৰক্ৰিয়াৰো অংশীদাৰ হ’ব পাৰিব। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.