শিৱসাগৰ নিতাই পুখুৰীৰ ভৈৰৱ সন্দিকৈৰ কন্যা পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ। পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পংখী সন্দিকৈৰ পিতৃ মাতৃয়েও অংশগ্ৰহণ কৰে কাৰ্যসূচীত। আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অসমীয়া যুৱ মঞ্চসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে কৰে অৱস্থান ধৰ্মঘট । পংখী সন্দিকৈৰ মৃত্যুৰ তদন্তৰ দায়িত্বত থকা ডিব্ৰুগড় নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু ডি এচ পি পূৰ্ণ কান্ত দেউৰীক চাকৰিৰ পৰা নিলম্বনৰো দাবী উত্থাপন কৰে সংগঠনসমূহে। আৰু পঢ়ক : জামুগুৰিহাটত ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টীম, উপভোগ কৰিলে কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য ‘পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰক’, ‘নীতিকেশ দাসক ফাঁচি দিয়ক’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে সংগঠনসমূহে। উল্লেখ্য যে যোৱা ৩ অক্টোবৰত পংখী সন্দিকৈৰ মৃতদেহ উদ্ধাৰ হৈছিল নামৰূপ থাৰ্মেলৰ কোৱাটাৰত। স্বামী নীতিকেশ দাসে পংখী সন্দিকৈক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ পৰিয়ালৰ। নীতিকেশ দাসৰ সৈতে পংখী সন্দিকৈৰ বিয়া হৈছিল ২০২৩ চনৰ ৩ অক্টোবৰত। অসমৰ বাতৰি / খবৰ / অসম / Sivasagar : পংখীৰ মৃত্যুৰ ঘটনাৰ ন্যায় লাগে..., শিৱসাগৰৰ দৌলমুখ চাৰিআলিত দল-সংগঠনৰ প্ৰতিবাদ Sivasagar : পংখীৰ মৃত্যুৰ ঘটনাৰ ন্যায় লাগে..., শিৱসাগৰৰ দৌলমুখ চাৰিআলিত দল-সংগঠনৰ প্ৰতিবাদ ‘পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰক’, ‘নীতিকেশ দাসক ফাঁচি দিয়ক’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে সংগঠনসমূহে। অধিক পঢ়ক … 1-MIN READ Assam Sivasagar,Assam Last Updated : May 17, 2024, 3:02 pm IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি শিৱসাগৰ নিতাই পুখুৰীৰ ভৈৰৱ সন্দিকৈৰ কন্যা পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ। পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পংখী সন্দিকৈৰ পিতৃ মাতৃয়েও অংশগ্ৰহণ কৰে কাৰ্যসূচীত। আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অসমীয়া যুৱ মঞ্চসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে কৰে অৱস্থান ধৰ্মঘট । বিজ্ঞাপন পংখী সন্দিকৈৰ মৃত্যুৰ তদন্তৰ দায়িত্বত থকা ডিব্ৰুগড় নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু ডি এচ পি পূৰ্ণ কান্ত দেউৰীক চাকৰিৰ পৰা নিলম্বনৰো দাবী উত্থাপন কৰে সংগঠনসমূহে। আৰু পঢ়ক : জামুগুৰিহাটত ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টীম, উপভোগ কৰিলে কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য ‘পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰক’, ‘নীতিকেশ দাসক ফাঁচি দিয়ক’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে সংগঠনসমূহে। বিজ্ঞাপন উল্লেখ্য যে যোৱা ৩ অক্টোবৰত পংখী সন্দিকৈৰ মৃতদেহ উদ্ধাৰ হৈছিল নামৰূপ থাৰ্মেলৰ কোৱাটাৰত। স্বামী নীতিকেশ দাসে পংখী সন্দিকৈক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ পৰিয়ালৰ। নীতিকেশ দাসৰ সৈতে পংখী সন্দিকৈৰ বিয়া হৈছিল ২০২৩ চনৰ ৩ অক্টোবৰত। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : May 17, 2024, 3:02 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.