ভাৰতীয় নাগৰিকক ছিৰিয়া ভ্ৰমণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ আগবঢ়াইছে। ছিৰিয়াৰ অস্থিৰ পৰিস্থিতিৰ বাবে পৰৱৰ্তী জাননী নিদিয়াপৰ্যন্ত বিদেশ মন্ত্ৰণালয়ে ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰিছে। ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে ছিৰিয়াত থকা ভাৰতীয়সকলক দেশলৈ ঘূৰি আহিবলৈও বিদেশ মন্ত্ৰণালয়ে পৰামৰ্শ আগবঢ়াইছে। নিৰাপত্তাৰ প্ৰতি নজৰ ৰাখি যিমান সোনকালে পাৰে, যিকোনো বাণিজ্যিক বিমানত স্বদেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। একেসময়তে ছিৰিয়াত ভাৰতীয় সকলৰ আহ-যাহ যিমান পাৰে হ্ৰাস কৰিবলৈ কোৱা হৈছে। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে। জৰুৰীকালীন পৰিস্থিতিত ছিৰিয়াত থকা ভাৰতীয়ই +963 993385973 হেল্পলাইন নম্বৰত ফোন কৰি ডামাছকাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব। একেটা নম্বৰতে ৱাটছআপো কৰিব পাৰিব। ডামাছকাছৰ দূতাবাসৰে hod.damascus@mea.gov.in ত ইমেইল যোগেও যোগাযোগ কৰিব পাৰিব। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে হঠাতে ছিৰিয়া ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ আঁৰত প্ৰকৃততে কি? ছিৰিয়াত ১৩ বছৰীয়া গৃহযুদ্ধই শেহতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে। ছিৰিয়াৰ বিদ্ৰোহী বাহিনীৰ দ্ৰুত আগ্ৰাসনত দেশখন অস্থিৰ হৈ পৰিছে। বিদ্ৰোহী বাহিনীয়ে এফালৰ পৰা দখল কৰি আহিছে উত্তৰ পশ্চিমৰ ভিন্ন অঞ্চল। ছিৰিয়াৰ অন্যতম বৃহৎ চহৰ এলেপ্প’ আৰু হামা চহৰ দখল কৰাৰ পাছত বিদ্ৰোহী বাহিনী দাৰা প্ৰদেশত প্ৰৱেশ কৰিছে। জৰ্ডান সীমান্তৱৰ্তী দেৰা প্ৰদেশখনৰ অধিকাংশই বিদ্ৰোহী বাহিনীয়ে দখল কৰিছে। ছিৰিয়াৰ উত্তৰ পশ্চিম অঞ্চলৰ বহু লোকে ইতিমধ্যে ঘৰ এৰি পশ্চিম অঞ্চললৈ ঢাপলি মেলিছে। হামা চহৰৰো বহু লোকে ঘৰ এৰি পশ্চিম ছিৰিয়ালৈ পলায়ন কৰিছে। লক্ষ্যণীয়ভাৱে পশ্চিম ছিৰিয়া এতিয়াও ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ নিয়ন্ত্ৰণত আছে। বিপৰীতে বিদ্ৰোহী বাহিনীয়ে ক্ৰমে ৰাজধানী চহৰ ডামাছকাছৰ দিশে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হায়াট তাহৰিৰ অল ছাম নেতৃত্বাধীন ইছলামিক বিদ্ৰোহী বাহিনীয়ে ক্ৰমে ছিৰিয়া চৰকাৰৰ অধীনত থকা অঞ্চলসমূহ এফালৰ পৰা দখল কৰি আগবাঢ়িছে। বিদ্ৰোহী বাহিনীৰ আগ্ৰাসনত দেশখন ক্ৰমে অস্থিৰ হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী বাহিনীয়ে দেশখনৰ ২লাখ ৮০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে। উল্লেখযোগ্য যে ছিৰিয়াত ২০১১ চনতে গৃহযুদ্ধ আৰম্ভ হৈছিল। ১৩ বছৰ যোৰা গৃহযুদ্ধত ৩ লাখতকৈয়ো অধিল লোকৰ মৃত্যু হোৱাৰ লগতে কেইবালাখ লোকে বাসগৃহ এৰিবলৈ বাধ্য হৈছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.