ভাৰতীয় সংগীতৰ নক্ষত্ৰ, বিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান। লগে লগেই অন্ত পৰিল ভাৰতীয় সংগীত জগতৰ এক সোণালী অধ্যায়। ভাৰতীয় বাদ্যযন্ত্ৰ তবলাক বিশ্ব প্ৰতিটো প্ৰান্তৰ লোকৰ মাজত চিনাকি কৰাই দিয়া মূল মানুহজনেই আছিল জাকিৰ হুছেইন। তবলা বাদনৰ প্ৰসংগ আহিলেই সকলোৰে চকুত ভাঁহি আহিছিল হাঁহিমুখীয়া জাকিৰ হুছেইনৰ ছবিখন। দেশৰ সংগীত ক্ষেত্ৰখনলৈ বহু অনবদ্য অৱদান আগবঢ়াই গৈছে ওস্তাদ জাকিৰ হুছেইনে। ১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইত জন্ম হৈছিল জাকিৰ হুছেইন আল্লাৰাখা কুৰেশ্বিৰ। জাকিৰ হুছেইনে ছেইণ্ট মাইকেল হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। মাত্ৰ ৩ বছৰ বয়সকৰ পৰাই তবলাৰ অনুশীলন আৰম্ভ কৰিছিল জাকিৰ হুছেইনে। আৰু ৭ বছৰ বয়সৰ পৰাই তেওঁ তবলা বজাবলৈ আৰম্ভ কৰিছিল । ১১ বছৰ বয়সৰ পৰা জাকিৰ হুছেইনে বিভিন্ন ঠাইত নিজৰ অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰে। জাকিৰ হুছেইনে ১৯৭৩ চনত জৰ্জ হেৰিছনৰ লিভিং ইন দ্য মেটেৰিয়েল ৱৰ্ল্ড এলবাম আৰু ১৯৭৩ চনত জন হেণ্ডীৰ হাৰ্ড ৱৰ্ক এলবামত অভিনয় কৰিছিল। ১৯৭৯ চনত ভ্যান মৰিছনৰ এলবাম ইনটু দ্য মিউজিক এণ্ড আৰ্থ, উইণ্ড এণ্ড ফায়াৰৰ ১৯৮৩ চনৰ এলবাম পাৱাৰলাইটতো তেওঁ অভিনয় কৰিছিল। ১৯৬০ চনৰ পৰা হুছেইনৰ সৈতে সাক্ষাৎ হয় মিকি হাৰ্টেৰ। মিকি হাৰ্টে বিশেষ এলবাম প্লেনেট ড্ৰাম নিৰ্মাণ কৰিবলৈ জাকিৰ হুছেইনক আমন্ত্ৰণ জনায়। ১৯৯১ চনত ৰাইকোডিস্ক লেবেলত মুক্তি পোৱা প্ৰথম প্লেনেট ড্ৰাম এলবামটোৱে ১৯৯২ চনত শ্ৰেষ্ঠ বিশ্ব সংগীত এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰে। যিটোৱে বাদ্যযন্ত্ৰৰ শিতানত প্ৰথম গ্ৰেমী বঁটা লাভ কৰে। গ্ল’বেল ড্ৰাম প্ৰজেক্টৰ এলবামে মিকি হাৰ্ট, জাকিৰ হুছেইন, ছিকিৰু আদেপোজু, আৰু জিওভানি হিডালগোক পুনৰ একত্ৰিত কৰে। ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৫১ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত গ্ল’বেল ড্ৰাম প্ৰজেক্ট এলবামটোৱে শ্ৰেষ্ঠ সমসাময়িক বিশ্ব সংগীত এলবামৰ গ্ৰেমী বঁটা লাভ কৰে। ১৯৯৯ চনত কান চলচ্চিত্ৰ মহোৎসৱত প্ৰৱেশ কৰা মালয়ালম ছবি বানাপ্ৰস্থমৰ ভাৰতীয় সংগীত উপদেষ্টা হিচাপে কাম কৰিছিল জাকিৰ হুছেইনে। ১৯৯৯ চনত এ এফ আই লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এ এফ আই ফেষ্ট)ত গ্ৰেণ্ড জুৰী বঁটাৰ বাবে মনোনীত হৈছিল জাকিৰ হুছেইন। ২০০০ চনত জাকিৰ হুছেইনে লাভ কৰে ইস্তানবুল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ সন্মান। ২০০০ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে জাকিৰ হুছেইনে। তবলা ওস্তাদ জাকিৰ হুছেইনে কেইবাখনো চিনেমাৰ চাউণ্ডট্ৰেক কৰিছিল। বিশেষকৈ ইছমাইল মাৰ্চেণ্টৰ ইন কাষ্টডি আৰু দ্য মিষ্টিক মেছুৰ, আৰু ফ্ৰান্সিছ কপ’লাৰ এপ’কেলিপছ, বাৰ্নাৰ্ডো বাৰ্ট’লুচিৰ লিটিল বুদ্ধ আৰু অন্যান্য ছবিৰ চাউণ্ডট্ৰেকত তবলা সংগত কৰিছিল। হুছেইনে বিভিন্ন বেণ্ডৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল। ১৯৯৮ চনৰ তথ্যচিত্ৰ জাকিৰ এণ্ড হিজ ফ্ৰেণ্ডছ, আৰু তথ্যচিত্ৰ দ্য স্পীকিং হেণ্ড: জাকিৰ হুছেইন এণ্ড দ্য আৰ্ট অৱ দ্য ইণ্ডিয়ান ড্ৰাম আদিত অভিনয় কৰিছিল জাকিৰ হুছেইনে। ১৯৮৩ চনত মাৰ্চেণ্ট আইভৰি ছবি হিট এণ্ড ডাষ্টত ইন্দৰ ‘লাল’ৰ চৰিত্ৰত অভিনয় কৰিছিল হুছেইনে। ছবিখনত সহযোগী সংগীত পৰিচালকৰ দায়িত্বত আছিল জাকিৰ হুছেইন। আৰু পঢ়ক: Ustad Zakir Hussain : তবলাত স্তব্ধ যাদুকৰী স্পৰ্শ! ওস্তাদ জাকিৰ হুছেইনৰ মহাপ্ৰয়াণ, ভাৰতীয় সংগীতৰ অপূৰণীয় ক্ষতি হুছেইন বিল লাছৱেলৰ বিশ্ব সংগীত ছুপাৰ গ্ৰুপ তবলা বিট চাইন্সৰ প্ৰতিষ্ঠাপক সদস্য আছিল।২০১৬ চনত ৰাষ্ট্ৰপতি ওবামাই হোৱাইট হাউছত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক জাজ দিৱস ২০১৬ অল-ষ্টাৰ গ্ল’বেল কনচাৰ্টলৈ আমন্ত্ৰণ জনোৱা বহু সংগীতজ্ঞৰ ভিতৰত হুছেইন অন্যতম আছিল। সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জাকিৰ হুছেইনক ১৯৯০ চনত ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা, ২০১৮ চনত সংগীত নাটক একাডেমী ফেল’শ্বিপ লাভ কৰিছিল। আৰু পঢ়ক: Zakir Hussain: ভাৰতীয় সংগীতৰ নক্ষত্ৰ পতন, ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ, ২০২৩ চনত পদ্মবিভূষণ সন্মানেৰে ভাৰত চৰকাৰে বিভূষিত কৰিছিল ওস্তাদ জাকিৰ হুছেইনক। ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত ৫১সংখ্যক গ্ৰেমী বঁটা লাভ লাভ কৰিছিল হুছেইনে।প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞজনৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে ভাৰতীয় সংগীত জগতক। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.