ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক IPLৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত ACA ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশা লোকত অনুষ্ঠিত হ’ব৷ ইফালে, গুৱাহাটীত হ’ব লগা প্ৰথমখন মেচৰ বাবে বৃহস্পতিবাৰৰ পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে। চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷ এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি বৃহস্পতিবাৰৰ আবেলি ৪ বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া RR দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰি আছে৷ অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জীয়ন কৰিছিল৷ অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেঁপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে ৫০০ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে যিবোৰ পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব৷ ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব৷ অনুৰাগীয়ে তলৰ লিংকটোত ক্লিক কৰি মেচসমূহৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷ এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগি ৰঞ্জিত বৰঠাকুৰে কয় ‘‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল ছিজনতে নহয়, সমগ্ৰ বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে অহা মে’ মাহত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’’ ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘূৰি অহা ঘটনাটোৱে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’ ইফালে, ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা চলিত ছিজনত এতিয়ালৈকে আই পি এলৰ দ্বিতীয় সৰ্বাধিক ৰাণ স্ক’ৰাৰ ৰিয়ান পৰাগে ৭খন মেচত ৩১৮ ৰাণ কৰিছে। নিজৰ দলৰ গুৱাহাটীলৈ পুনৰবাৰ ঘূৰি অহা সন্দৰ্ভত কয় ‘যোৱা বছৰ এচিএ ষ্টেডিয়ামত খেলাটো এটা স্মৰণীয় অভিজ্ঞতা আছিল আৰু আমি সকলোৱে এইবাৰো গুৱাহাটীলৈ উভতি আহি পুনৰ দুখন ঘৰুৱা মেচ খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো৷ এইবাৰ দলটোৱে কিছু ভাল ক্ৰিকেট খেলি আহিছে আৰু আমি আমাৰ সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিবলৈ আগ্ৰহী৷ উত্তৰ-পূবৰ অনুৰাগীসকলকো আমাৰ দলৰ জয়ৰ সাক্ষী কৰাটো মুল লক্ষ্য৷’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.