NEWS

D Gukesh: বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰা সৰ্বকনিষ্ঠ খেলুৱৈ ডি গুকেশ, চীনৰ প্ৰতিযোগীক পৰাস্ত কৰি ভাৰতৰ বিজয়ধ্বজা উৰুওৱালৈ ডি গুকেশে

পুনৰ দবাত বিশ্ব চেম্পিয়ন ভাৰত। বিশ্বনাথন আনন্দৰ পিছত ভাৰতে পুনৰবাৰ দবাত বিশ্বত বিজয় ধ্বজা উৰুৱাই। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈ নতুন ইতিহাসৰ সৃষ্টি কৰিলে। বিশ্বৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে ভাৰতৰ ডি গুকেশে খিতাপ দখল কৰিবলৈ সক্ষম হয়। শ্বাসৰুদ্ধকৰ ফাইনেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰে ডি গুকেশে। ভাৰত আৰু চীনৰ মাজত আৰম্ভণিৰে পৰা তুমুল প্ৰতিদ্বন্দ্বিতা। ১৩খন ৰোলাৰকোষ্টাৰ খেলৰ পিছত চূড়ান্ত শ্ব’ডাউনলৈকে কোনে খিতাপ জয় কৰিব সেইটো জানিব পৰা নাছিল। দুয়োগৰাকী প্ৰতিযোগীয়ে সমান পইণ্টত আছিল। ডি গুকেশ আৰু ডিং লিৰেনে দুয়োজনে ৬.৫ পইণ্ট লাভ কৰে। বৃহস্পতিবাৰে আছিল ১৪ সংখ্যক মেচ। জয়ী হ’বলৈ এটা পইণ্টৰ প্ৰয়োজন আছিল। কিন্তু শেষত ভাৰতৰ ডি গুকেশে বিজৰ হাঁহি মাৰিবলৈ সক্ষম হয়। গুকেশে এক পইণ্টেৰে জয়লাভ কৰি ৭.৫ পইণ্ট লাভ কৰে। আৰু পঢ়ক: অচিৰেই ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা পাব বৃদ্ধি! কিমান টকাকৈ মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি পাব আপুনি জানেনে? স্বাভাৱিকতে ডি গুকেশে জয়ৰ পিছত নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল। তেওঁ কান্দি থকাও দেখা যায়। গুকেশে ৭ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰিছিল। ১২ বছৰ ৭ মাহ ১৭ দিন বয়সত ডি গুকেশ ভাৰতৰ আটাইতকৈ কম বয়সীয়া গ্ৰেণ্ড মাষ্টৰ আৰু বিশ্বৰ দ্বিতীয় কনিষ্ঠ হিচাপে পৰিগণিত হয়। গুকেশ এই পৰ্যন্ত বহু সফলতা লাভ কৰিছে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / D Gukesh: বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰা সৰ্বকনিষ্ঠ খেলুৱৈ ডি গুকেশ, চীনৰ প্ৰতিযোগীক পৰাস্ত কৰি ভাৰতৰ বিজয়ধ্বজা উৰুওৱালৈ ডি গুকেশে D Gukesh: বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰা সৰ্বকনিষ্ঠ খেলুৱৈ ডি গুকেশ, চীনৰ প্ৰতিযোগীক পৰাস্ত কৰি ভাৰতৰ বিজয়ধ্বজা উৰুওৱালৈ ডি গুকেশে D Gukesh World Chess Champion: পুনৰ দবাত বিশ্ব চেম্পিয়ন ভাৰত। বিশ্বনাথন আনন্দৰ পিছত ভাৰতে পুনৰবাৰ দবাত বিশ্বত বিজয় ধ্বজা উৰুৱাই। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈ নতুন ইতিহাসৰ সৃষ্টি কৰিলে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 12, 2024, 11:10 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি পুনৰ দবাত বিশ্ব চেম্পিয়ন ভাৰত। বিশ্বনাথন আনন্দৰ পিছত ভাৰতে পুনৰবাৰ দবাত বিশ্বত বিজয় ধ্বজা উৰুৱাই। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈ নতুন ইতিহাসৰ সৃষ্টি কৰিলে। বিশ্বৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে ভাৰতৰ ডি গুকেশে খিতাপ দখল কৰিবলৈ সক্ষম হয়। শ্বাসৰুদ্ধকৰ ফাইনেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰে ডি গুকেশে। ভাৰত আৰু চীনৰ মাজত আৰম্ভণিৰে পৰা তুমুল প্ৰতিদ্বন্দ্বিতা। ১৩খন ৰোলাৰকোষ্টাৰ খেলৰ পিছত চূড়ান্ত শ্ব’ডাউনলৈকে কোনে খিতাপ জয় কৰিব সেইটো জানিব পৰা নাছিল। দুয়োগৰাকী প্ৰতিযোগীয়ে সমান পইণ্টত আছিল। ডি গুকেশ আৰু ডিং লিৰেনে দুয়োজনে ৬.৫ পইণ্ট লাভ কৰে। বৃহস্পতিবাৰে আছিল ১৪ সংখ্যক মেচ। জয়ী হ’বলৈ এটা পইণ্টৰ প্ৰয়োজন আছিল। কিন্তু শেষত ভাৰতৰ ডি গুকেশে বিজৰ হাঁহি মাৰিবলৈ সক্ষম হয়। গুকেশে এক পইণ্টেৰে জয়লাভ কৰি ৭.৫ পইণ্ট লাভ কৰে। বিজ্ঞাপন আৰু পঢ়ক: অচিৰেই ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা পাব বৃদ্ধি! কিমান টকাকৈ মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি পাব আপুনি জানেনে? স্বাভাৱিকতে ডি গুকেশে জয়ৰ পিছত নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল। তেওঁ কান্দি থকাও দেখা যায়। গুকেশে ৭ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰিছিল। ১২ বছৰ ৭ মাহ ১৭ দিন বয়সত ডি গুকেশ ভাৰতৰ আটাইতকৈ কম বয়সীয়া গ্ৰেণ্ড মাষ্টৰ আৰু বিশ্বৰ দ্বিতীয় কনিষ্ঠ হিচাপে পৰিগণিত হয়। গুকেশ এই পৰ্যন্ত বহু সফলতা লাভ কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Sports News First Published : December 12, 2024, 11:10 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.