NEWS

Mpox Outbreaks: আফ্ৰিকাত দ্ৰুত সংক্ৰমণ: বিশ্ব স্বাস্থ্য সংস্থাই গ্লোবেল হেল্থ ইমাৰ্জেন্সী ঘোষণা কৰা কি এই ‘এমপক্স’ আৰু কেনেকৈ হয় সংক্ৰমণ?

মাংকীপক্স, ভাইৰাছজনিত এই ৰোগক লৈ পুনৰ সতৰ্ক হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। বিশ্ব স্বাস্থ্য সংস্থাই দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ‘এমপক্স’ক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছে। ডেমক্ৰেটিক ৰিপাব্লিক অব্ কংগোত দ্ৰুত সংক্ৰমণৰ পাছত এতিয়া এই ৰোগ চুবুৰীয়া দেশলৈ বিয়পি পৰিছে। Mpox কি? এমপক্স, যাক পূৰ্বে মাংকীপক্স বুলি জনা গৈছিল। এই এমপক্স হৈছে মাংকীপক্স ভাইৰাছৰ (MPXV) ফলত হোৱা এক জুনোটিক ৰোগ, যি হৈছে অৰ্থোপক্স ভাইৰাছৰ এটা অংশ। এই ভাইৰাছ পশ্চিম আৰু মধ্য আফ্ৰিকাৰ দেশবোৰত আতংকৰ সৃষ্টি কৰিছে। এমপক্স ভাইৰাছ জীৱজন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব পাৰে। সংক্ৰমিত জন্তুৰ শৰীৰৰ পৰা নিৰ্গত তৰল পদাৰ্থ বা ঘাঁৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হয় এমপক্স। সংক্ৰমণৰ পাছত কি হয়? ভাইৰাছটো শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত হষ্ট কোষৰ চাইটোপ্লেজমত স্থিতি লয়। সংক্ৰমণ সাধাৰণতে ফ্লুৰ দৰে লক্ষণৰ সৈতে আৰম্ভ হয়, যাৰ ভিতৰত আছে জ্বৰ, মূৰৰ বিষ আৰু পেশীৰ বিষ ইত্যাদি। যদিও ৰোগটো সাধাৰণতে স্বসীমিত হয় তথাপি গুৰুতৰ ঘটনা ঘটিব পাৰে, বিশেষকৈ শিশু বা ইমিউনোকম্প্ৰমাচড ব্যক্তিৰ ক্ষেত্ৰত। ইতিহাসলৈ ঘূৰি চাওঁ আহক… ১৯৭০ চনত ডেমক্ৰেটিক ৰিপাব্লিক অব্ কংগোত সম্ভাৱ্য জুনোটিক সংস্পৰ্শৰ পাছত এমপক্সৰ প্ৰথমটো মানৱীয় ঘটনা নথিভুক্ত কৰা হৈছিল। প্ৰথমতে ১৯৫৮ চনত বান্দৰৰ ক্ষেত্ৰত ভাইৰাছটো চিনাক্ত কৰা হৈছিল, সেয়েহে এই ৰোগৰ নাম ৰখা হৈছিল মাংকীপক্স। পৰৱৰ্তী সময়ত বিশ্ব স্বাস্থ্য সংস্থাই বিশেষকৈ আফ্ৰিকাত এই ৰোগবিধৰ দ্ৰুত বিস্তাৰৰ বাবে গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰে। এটা নতুন প্ৰকাৰ উদ্ভৱ হৈছে… ২০২৪ চনত ডেমক্ৰেটিক ৰিপাব্লিক অব্ কংগোত clade Ib নামৰ এটা নতুন প্ৰকাৰৰ উদ্ভৱ হয় আৰু বুৰুণ্ডি, কেনিয়া, ৰৱাণ্ডা আৰু উগাণ্ডাকে ধৰি চুবুৰীয়া দেশবোৰলৈ বিয়পি পৰে। উচ্চ সংক্ৰমণ ক্ষমতাই এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিত অৰিহণা যোগাইছে। কেৱল এই বছৰতে আফ্ৰিকাত ১৭,০০০ৰো অধিক ঘটনা আৰু ৫১৭গৰাকী ৰোগীৰ মৃত্যু হৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.