আধুনিক যুগৰ নিংসগতা আৰু চিকিৎসালয়তে ৰাজ্যৰ এগৰাকী IPS বিষয়াৰ চৰম সিদ্ধান্ত গ্ৰহণ। সন্ধিয়াৰ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব IPS বিষয়া শিলাদিত্য চেতিয়াৰ চৰম সিদ্ধান্ত গ্ৰহণ। কিন্তু ক্ষণ বাগৰাৰ লগে-লগে ঘটনাই ল’লে অন্য এটা দিশ। খবৰ অনুসৰি ৪ বাজি ১০ মিনিটত মৃত্যু হৈছিল IPS শিলাদিত্য চেতিয়াৰ জীৱনৰ একমাত্ৰ সংগী পত্নী আগমণি বৰবৰুৱাৰ। জনম-জনমলৈ এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া শিলাদিত্য চেতিয়াৰ পত্নীৰ মৃত্যুৰ মাত্ৰ ২০ মিনিট পিছতে নিজেও এই সংসাৰৰ মায়া-মোহ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পত্নীৰ নিঠৰ দেহ থৈ দিয়া বিছনাখনতে ছাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু চৰম সিদ্ধান্তৰ মাজতে শিলাদিত্য চেতিয়াই যেন ক’ৰবাত দি গ’ল অদম্য প্ৰেম আৰু নিংসগতা বহু প্ৰকাশ নকৰা কথা। ৰাজ্যৰ প্ৰশাসনৰ দক্ষ আৰু প্ৰভাৱশালী বিষয়া হোৱাৰ পিছতো বুকুৰ কোনোবাটো কোণত যেন আছিল বহু নিংসগতাৰ বহু বেঠা। দীৰ্ঘদিনে IPS শিলাদিত্য চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। চৰকাৰী দায়িত্বৰ মাজতে পত্নীক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত অকণো কৃপণালী কৰা নাছিল IPS শিলাদিত্য চেতিয়াই। চৰকাৰী কামৰ মাজতো একমাত্ৰ সংগীক সুস্থ কৰি নতুন জীৱন দিয়াৰ বাবে অহৰহ চেষ্টা কৰি গৈছিল IPS শিলাদিত্য চেতিয়াই। সাহসী IPS শিলাদিত্য চেতিয়াৰ মনত এটা আশা আছিল সুস্থ হৈ ঘৰলৈ উভতি আহিব পত্নী, আকৌ ৰঙেৰে উপচি পৰিব তেওঁলোকৰ জীৱন। পত্নীক চিকিৎসা কৰাৰ বাবে চাৰি মাহে ছুটী লৈ আছিল IPS শিলাদিত্য চেতিয়াই। পত্নী অসুস্থ হৈ থকাৰ মাজতেই IPS শিলাদিত্য চেতিয়াৰ জীৱনলৈ নামি আহিছিল আন এক দুঃসংবাদ। এটা বছৰৰ ভিতৰে শহুৰ আৰু শাহুক হেৰাইছিল IPS শিলাদিত্য চেতিয়াই। কিন্তু বিগত কিছুদিনৰ পিছৰ পৰাই অধিক অৱনতি ঘটিছিল পত্নী আগমণি বৰবৰুৱা স্বাস্থ্যৰ। পত্নীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনা তেওঁলোকৰ নতুন ঠিকনা হৈ পৰিছিল নেমকেয়াৰ হাস্পতালৰ এটা আছুতীয়া ICU কোঠা। আৰু আজি বিয়লি আহিল IPS শিলাদিত্য চেতিয়াই কেতিয়া কল্পনা নকৰা সেই খবৰটো। বিয়লি ৪ বাজি ১০ মিনিট তেওঁক এৰি অজান দেশলৈ গুচি গ’ল তেওঁৰ একমাত্ৰ জীৱন সংগী পত্নী আগমণি বৰবৰুৱা। আৰু ঠিক ২০ মিনিটত পিছতে নিজকে শেষ কৰি দিলে অসম আৰক্ষীৰ সাহসী বিষয়া IPS শিলাদিত্য চেতিয়াই। শিলাদিত্য চেতিয়াৰ আছিল দুগৰাকী ভনীয়েক। আৰু দুগৰাকী ভগ্নীয়েক বিয়া দিবলৈ আছিল। এসময়ত যাৰ ভয়ত অপৰাধী থৰহৰি কম্পমান হৈছিল, সেই বিষয়াগৰাকী আজি হাৰি গ’ল। সকলো থকাৰ পিছতো যেন ক’ৰবাত কিবা এটা নোপোৱা দুখ আছিল IPS শিলাদিত্য চেতিয়াৰ। আৰু তৎমুহূৰ্ততে নাইকিয়া হৈ গ’ল চেতিয়া পৰিয়াল। কৰ্মক্ষেত্ৰটো অদম্য সাহসী আছিল IPS শিলাদিত্য চেতিয়া। তিনিচুকীয়া-নলবাৰী- কোকৰাঝাৰ-বৰপেটাত আৰক্ষী অধীক্ষক হিচাপে আছিল শিলাদিত্য চেতিয়া। জেহাদী কাৰ্যকলাপ নিৰ্মূল কৰাত বিশেষ ভূমিকা লৈছিল শিলাদিত্য চেতিয়া। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই গঠন কৰা টাস্ক ফৰ্চৰ নেতৃত্বত আছিল শিলাদিত্য চেতিয়া। ২০০৯ চনৰ বেটছৰ বিষয়া আছিল IPS শিলাদিত্য চেতিয়া। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.