NEWS

ফাঁচি-কাঠৰ ৰায় দিয়াৰ ৫৬ বছৰ পাছত অভিযুক্তক দোষমুক্ত ঘোষণা, নিৰ্দোষী ঘোষণা কৰা মাত্ৰকে আদালত চৌহদতে হুকহুকাই কান্দি পেলালে ৮৮ বছৰীয়া অভিযুক্তই

কাৰাগাৰৰ কাল-কুঠৰীত পাৰ হৈছে জীৱনৰ ৫৬টা মধুৰ বসন্ত। ভায়েকৰ হৈ আইনী যুঁজ চলাওতে যৌৱনে ভাটি দিয়াৰ কথা গমকে নাপালে বায়েকে। ৯১ বছৰীয়া সেই বায়েকৰ দৃঢ়তাৰ বাবেই ৮৮ বছৰ বয়সত আদালতে দোষমুক্ত ঘোষণা কৰিলে ৮৮ বছৰীয়া লোকজনক। চিনেমা চিনেমা যেন লগা এই ঘটনাটো জাপানৰ। ৮৮ বছৰীয়া ইৱাও হাকামাতাক জাপানৰ আদালতে দোষমুক্ত ঘোষণা কৰাৰ বাতৰি এতিয়া চৰ্চিত হৈছে সমগ্ৰ বিশ্বত। কি আছিল অভিযোগ? ১৯৬৮ চনত ৪টা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈছিল ইৱাও হাকামাতা। নিজে কাম কৰা প্ৰতিষ্ঠানৰ মুৰব্বীৰ লগতে পত্নী আৰু ২ নাবালক সন্তানক ছুৰীৰে হানি হত্যা কৰাৰ অভিযোগ উঠিছিল হাকামাতাৰ বিৰুদ্ধে। ৪ জনক হত্যা কৰাৰ পাছত ভুক্তভোগীৰ ঘৰ জ্বলাই দি ২ লাখ য়েন লুট কৰি নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইৱাও হাকামাতা। কিন্তু প্ৰথম দিনাৰ পৰা বাৰম্বাৰ অভিযোগ অস্বীকাৰ কৰাৰ পাছতো জে’লৰ ভাত খাব লগা হৈছিল ইৱাও হাকামাতাই। মৃত্যুদণ্ডৰ ৰায়ৰ আঁৰত কি? ৪ জনক হত্যা আৰু ২ লাখ য়েন লুট কৰি নিয়া ঘটনাৰ এবছৰ দুমাহ পাছত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ৰঙা ৰং লগা এযোৰ পোছাক। সেই পোছাকযোৰত লাগি থকা ৰংখিনি তেজ বুলি দাবী কৰাৰ লগতে পোছাকযোৰ ইৱাও হাকামাতাৰ বুলি দাবী কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ সেই দাবীৰ আধাৰতে জাপানৰ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ইৱাও হাকামাতাই। সেই দিন ধৰি ৫৬ বছৰে মৃত্যুৰ বাবে অপেক্ষা কৰি কৰি হতাশ হৈ পৰিছিল ইৱাও হাকামাতা। জাপানত মৃত্যুদণ্ডৰ বিশেষত্ব কি? মৃত্যুদণ্ডৰে দণ্ডিত আচামীক ফাঁচিকাঠত ওলমোৱাৰ দিন আগতীয়াকৈ জনোৱাৰ নিয়ম নাই জাপানত। ফাঁচিকাঠত ওলমোৱাৰ নিৰ্দিষ্ট দিনাৰ পুৱা ৮ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষই খবৰটো জনাই দোষী সাব্যস্ত হোৱা আচামীজনক। সেইবাবে ফাঁচিকাঠৰ দণ্ডেৰে দণ্ডিত দোষীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থাকে পুৱাৰ ৮ বজাৰ পৰা ৮:৩০ বজাৰ মাজৰ সময়খিনি। এদিন দুদিনকৈ ৪৮ বছৰ ৰোৱাৰ পাছতো ইৱাও হাকামাতাক ফাঁচিকাঠত তুলিবলৈ নামাতিলে কাৰাগাৰ কৰ্তৃপক্ষই। কিন্তু মৃত্যুদণ্ডৰে দণ্ডিত নকৰিলেও মৃ্ত্যু সংবাদৰ প্ৰতিক্ষাই লাহে লাহে অসাৰ কৰি পেলালে ইৱাও হাকামাতাৰ মন-মগজু। শূন্য হৈ পৰিল হাকামাতাৰ সমস্ত মানৱীয় অনুভূতি। বায়েকৰ ভূমিকা কি? জীৱনৰ পৰীক্ষাত ইৱাও হাকামাতাই হাৰ মানিলেও ৫৬ বছৰে আইনী যুঁজ চলাই গ’ল বায়েক হিকাদ’ হাকামাতাই। বায়েকৰ নেৰানেপেৰা প্ৰচেষ্টাতে ২০১৪ চনত ইৱাও হাকামাতাক জামিনত মোকোলাই দি পুনৰ বিচাৰৰ আদেশ দিলে জাপানৰ এখন আদালতে। ১০ বছৰৰ মূৰত আৰক্ষী আৰু পদকীয়া পক্ষৰ অধিবক্তাৰ যুক্তি-তৰ্ক শুনাৰ লগতে DNA পৰীক্ষাৰ তথ্যৰ আধাৰত ইৱাও হাকামাতাক দোষমুক্ত ঘোষণা কৰিলে আদালতে। ৫৬ বছৰৰ আইনী যুঁজৰ পাছত দোষমুক্ত ঘোষণা কৰা মাত্ৰকে আদালত চৌহদতে হুকহুকাই কান্দি পেলালে ইৱাও হাকামাতাই। কেনেদৰে পাৰ হৈছিল ইৱাও হাকামাতাৰ কৈশোৰ? কৈশোৰত বক্সিং খেলৰ প্ৰতি আকৰ্ষিত হৈছিল ইৱাও হাকামাতা। যৌৱনত এগৰাকী পেছাদাৰী বক্সিং খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিছিল ইৱাও হাকামাতাই। কিন্তু ১৯৬৮ চনৰ ৪টা হত্যাকাণ্ডৰ গোচৰে থানবান কৰি পেলালে ইৱাও হাকামাতাৰ সকলো সপোন। ৮৮ বছৰত দোষমুক্ত ঘোষণা হোৱাৰ পাছত এতিয়া অজান ভাৱনাত ৯১ বছৰীয়া বায়েকৰ সৈতে জীৱনৰ বাকী সময়খিনি পাৰ কৰিছে দুৰ্ভগীয়া লোকজনে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.