NEWS

Zubeen Garg: বিগত দুটা দিনে চিকিৎসালয়ৰ বিছনাত জুবিন গাৰ্গ! চিকিৎসালয়ৰ পৰা কেতিয়া ঘৰলৈ যাব পাৰিব অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ?

ক্ৰমাৎ সুস্থ হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। বিগত দুটা দিনে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোমবাৰে বিয়লি MICUৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হৈছিল জুবিন গাৰ্গক। নেমকেয়াৰ হাস্পতালৰ চিকিৎসকে জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষাৰ দুটা ৰিপ’ৰ্ট আজি লাভ কৰিব চিকিৎসকে। ৰিপ’ৰ্ট চাই জুবিনক কেতিয়া ঘৰলৈ যাবলৈ দিয়া হ’ব, সেই সন্দৰ্ভত চিকিৎসকে গ্ৰহণ কৰিব সিদ্ধান্ত। খবৰ অনুসৰি নেমকেয়াৰ হাস্পতালৰ পৰা জুবিনক আজি ৰিলিজ দিয়াৰ ৮০% সম্ভাৱনা আছে। উল্লেখ্য যে দেওবাৰে পুৱা জোনালীস্থিত নিজা মিউজিক ষ্টুডিঅ’ত ব্যস্ত আছিল জুবিন গাৰ্গ। দেওবাৰে পুৱা ৯ বাজি ১০ মিনিটত ছিজাৰ এটেক (Seizure Attack) অহাৰ পিছতে ততাতৈয়াকৈ মহানগৰীৰ ভঙাগড়ত থকা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গক। বিগত দুটা দিনে নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চলাই আছে জুবিন গাৰ্গৰ চিকিৎসা। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই সোমবাৰে কৈছিল যে “সকলোখিনি ৰিপ’ৰ্ট চালো, এম আৰ আইৰ ৰিপ’ৰ্টো পৰীক্ষা কৰিলো। জুবিন গাৰ্গক লৈ বৰ্তমান কোনো চিন্তাৰ কাৰণ নাই। এনেধৰণৰ চিজাৰ এটেক হ’লে প্ৰায় ৩বছৰলৈ এটা বিশেষ মেডিচিন দিয়া হয়, সেই মেডিচিনটো নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে। অনিয়মীয়া কৰিলে এনেধৰনৰ চিজাৰ এটেক পুনৰ হয়। যিটো জুবিনৰ ক্ষেত্ৰত পুনৰ হ’ল।’’ উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক। ২০২৩ৰ নৱেম্বৰ মাহত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছিল। ইয়াৰ পূৰ্বেও স্বাস্থ্যজনিক সমস্যাৰ বাবে জুবিন আয়ুৰচন্দ্ৰা, হেল্থ চিটী, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল। ২০২২ চনতো ডিব্ৰুগড়ত জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু তেওঁক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হৈছিল। ২০২১ চনৰ অক্টোবৰত উচ্চ ৰক্তচাপৰ বাবে আয়ুৰচন্দ্ৰাত ভৰ্তি কৰোৱা হৈছিল। ২০২০ চনতো অসুস্থ হৈ পৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। মুম্বাইতো চিকিৎসাৰ বাবে জুবিন কেইবাদিনো থাকিব লগা হৈছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.