NEWS

Vinesh Phogat: ৰূপৰ পদক লাভ কৰিবনে বিনেশ ফোগাটে? কি জনালে ক্ৰীড়া আদালতে

ক’ৰ্ট অৱ আৰ্বিট্ৰেশ্বনৰ এড-হক ডিভিজন নেভিগেছন বিভাগে এতিয়াও শেষ কৰিব পৰা নাই বিনেশৰ আপীলৰ শুনানি। এই সিদ্ধান্ত স্থগিত ৰখা হৈছে। পেৰিছ অলিম্পিকৰ ফাইনেলৰ আগতেই মল্লযুঁজত অযোগ্য বিবেচিত হৈছিল বিনেশ ফোগাট। ইয়াৰ পিছতেই বিনেশে ৰূপৰ পদকৰ বাবে আৰ্বিটেশ্বন ক’ৰ্টত আবেদন কৰিছিল। প্ৰাথমিক সিদ্ধান্ত অনুসৰি ১৩ আগষ্টত ৰায়দানৰ কথা আছিল। কিন্তু আকৌ পিছুৱাই দিয়া হ’ল ৰায়দানৰ তাৰিখ। এইবাৰ ১৬ আগষ্টত এই সিদ্ধান্ত ঘোষণা হোৱাৰ কথা। ক’ৰ্ট অৱ আৰ্বিটেশ্বনে মঙলবাৰে এক বিবৃত্তিৰ জৰিয়তে ১৬ আগষ্ট পৰ্যন্ত সিদ্ধান্ত স্থগিত কৰাৰ কথা জানিবলৈ দিছে। বিবৃত্তিটোত কোৱা হৈছে যে, “অলিম্পিক গেমছৰ নিয়মৰ ১৮ নং অনুচ্ছেদৰ অধীনত ক’ৰ্ট অৱ আৰ্বিটেশ্বন ডিভিজনৰ অধ্যক্ষ পেনেলৰ সিদ্ধান্ত দিয়াৰ বাবে ১৬ আগষ্টৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। The Court of Arbitration for Sport (CAS) extends till August 16 ( 6 pm-Paris time) the decision on Indian wrestler Vinesh Phogat's appeal to be awarded the joint silver medal in the women's 50kg freestyle category: IOA #ParisOlympics2024 ফাইনেলৰ পূৰ্বে পেৰিছ অলিম্পিকৰ ৫০ কেজি মল্লযুঁজৰ শাখাত ভাৰতৰ বিনেশ ফোগাটে ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু মেচৰ আগতে যেতিয়া তেওঁৰ ওজন কৰা হৈছিল তেতিয়া ১০০ গ্ৰাম বেছি আছিল। তাৰ পিছত তেওঁক অযোগ্য ঘোষণা কৰা হয়। বিনেশে ছেমি ফাইনেলত যিগৰাকী মল্লযুঁজাৰুক পৰাস্ত কৰিছিল তেওঁক ফাইনেলত স্থান দিয়া হৈছিল। কিন্তু ফাইনেলত পৰাস্ত হয়। আমেৰিকাই স্বৰ্ণ পদক লাভ কৰে। অযোগ্য ঘোষণাৰ পিছত বিনেশে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত আবেদন জনায়। বিনেশে কেৱল পেৰিছ অলিম্পিকতেই নহয়, ইয়াৰ পূৰ্বেও দুবাৰ মুখথেকেচা খাইছিল। ২০১৬ৰ ৰিঅ’ অলিম্পিক গেমছত অভিষেক ঘটিছিল বিনেশ ফোগাটৰ। ২০১৬ ৰিঅ’ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত আঁঠুত দুঃখ পোৱাৰ বাবে পদক জয়ৰ আশা চূৰমাৰ হৈ গৈছিল। ইয়াৰ পিছত বিনেশ ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ৫৩ কেজিৰ শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল আৰু ২০২৪ বৰ্ষত অতিৰিক্ত ওজনৰ বাবে বহিস্কাৰ হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.