NEWS

Rohit Sharma : ৮ বছৰত দ্বিতীয়বাৰৰ বাবে! কৰিব নিবিচৰা কাম কৰি পেলালে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই! টীম ইণ্ডিয়াত ‘গম্ভীৰ’ পৰিস্থিত!

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ চলাইছে নেকি মিলিটাৰী শাসন! এইবাৰ অধিনায়ক ৰোহিত শৰ্মায়েও কৰিব নিবিচৰা কাম এটা কৰিব লগীয়া হ’ল। শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৰোহিত শৰ্মাই বলিং কৰিব লগা হ’ল। ৮ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ৰোহিত শৰ্মাই এদিনীয়া মেচত বলিং কৰিছে। দেওবাৰে কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হয়। দ্বিতীয় মেচত শ্ৰীলংকাৰ হাতত ভাৰতে পৰাজয় বৰণ কৰিব লগা হয়। দ্বিতীয় এদিনীয়াত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিছিল। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৩ উইকেট দখল কৰে। কুলদীপ যাদৱেও ২টা উইকেট দখল কৰে। কিন্তু শ্ৰীলংকাৰ হাতত ভাৰতে ৩২ ৰাণৰ ব্যৱধানত পৰাজয় বৰণ কৰে। শ্ৰীলংকাৰ ২৪০ ৰান প্ৰত্যুত্তৰত ২০৮ ৰানতে থমকি ৰয় টীম ইণ্ডিয়া। ভাৰতৰ ৰোহিত শৰ্মাৰ বাহিৰে আন কোনেও উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে। কিন্তু দ্বিতীয় এদিনীয়াৰ আটাইতকৈ আমোদজনক দিশটো আছিল ৰোহিত শৰ্মাৰ বলিং। ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই ২ অ’ভাৰ বলিং কৰি ১১ ৰান খৰচ কৰে। ৰোহিত শর্মাই দুটা অ’ভাৰত এটাও বাউণ্ডেৰী নাছিল। কিন্তু ৰোহিতে এটাও উইকেট ল’ব নোৱাৰিলে। 𝗛𝗜𝗧 with the bat, 𝗛𝗜𝗧 with the ball 👊 Watch the action from #SLvIND LIVE now on Sony Sports Ten 1, Sony Sports Ten 3, Sony Sports Ten 4 & Sony Sports Ten 5 📺 #SonySportsNetwork #SLvIND #TeamIndia #RohitSharma | @ImRo45 pic.twitter.com/jhKqbnFGFt ৮ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ৰোহিত শৰ্মাক এদিনীয়া খেলত বলিং কৰা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ বিশ্বকাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে বলিং কৰিছিল। নেদাৰলেণ্ডৰ বিৰুদ্ধে ৰোহিত শর্মাই এটা উইকেট দখল কৰিছিল। ২০২৩ চনৰ বিশ্বকাপৰ পূৰ্বে ২০১৬ চনত ৰোহিত শর্মাক বলিং কৰিছিল। ৰোহিত শৰ্মাই নিজৰ বলিং প্ৰসংগ গুৰুত্বপূৰ্ণ কথা কৈছিল। ৰোহিত শৰ্মাই কৈছিলে, ‘নাই। মোৰ দলত বহুত খেলুৱৈ আছে যিয়ে প্ৰয়োজনৰ সময়ত বল কৰিব পাৰে। মই বেটিঙত গুৰুত্ব দিম। কিন্তু শেষত তেওঁও বলিং কৰিবলগীয়া হ’ল!’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.