দেশজুৰি ধুমুহা আনিছে ‘Pushpa 2: The Rule’য়ে। এটাৰ পাছতো আনটো ৰেকৰ্ড ভংগ কৰি গৈছে আল্লু অৰ্জুন অভিনীত চিনেমা ‘পুষ্পা-২: দ্যা ৰুল’এ। মুক্তিৰ মাত্ৰ ৫দিনৰ ভিতৰতে চিনেমাখনে বিশ্বজুৰি ১০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে কম সময়ৰ ভিতৰত ১০০০ কোটি টকা উপাৰ্জন কৰা চিনেমা হিচাপে পৰিগণিত হৈছে ‘পুষ্পা-২। প্ৰথম ৭ দিনত ‘পুষ্পা-২’এ কিমান উপাৰ্জন কৰিলে জানো আহক… Sacnilkৰ প্ৰতিবেদন অনুসৰি আল্লু অৰ্জুনৰ ‘পুষ্পা-২’ চিনেমাখনে মুক্তিৰ ৭ নম্বৰ দিনটোত ভাৰতত প্ৰায় ৪২ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত তেলুগুৰ পৰা ৯ কোটি, হিন্দীৰ পৰা ৩০ কোটি, তামিলৰ পৰা ২ কোটি আৰু কানাড়া- মালায়ালমৰ পৰা ক্ৰমে ০.৬ কোটি আৰু ০.৪ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে মুক্তিৰ পৰা এতিয়ালৈকে ভাৰতত পুষ্পা-২য়ে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছেগৈ ৬৮৭ কোটি টকা। পুষ্পা-২ চিনেমাখন ৪ ডিচেম্বৰত পেইড প্ৰিভিউৰে আৰম্ভ হৈছিল। এই সময়ছোৱাত চিনেমাখনে ১০.৬৫ কোটি টকা উপাৰ্জন কৰে। ৫ ডিচেম্বৰত বিশ্বব্যাপী চিনেমাখনে মুক্তি লাভ কৰে আৰু এই দিনটোত উপাৰ্জন কৰে ১৬৪.২৫ কোটি টকা। ইয়াৰ লগতে দ্বিতীয় দিনা পুষ্পা-২য়ে ৯৩.৮ কোটি, তৃতীয় দিনা ১১৯.২৫ কোটি, চতুৰ্থ দিনা ১৪১.০৫ কোটি টকা উপাৰ্জন কৰে। শেহতীয়াকৈ সোমবাৰে ভাৰতত পুষ্পা-২য়ে ৬৪.৪৫ কোটি, মঙলবাৰে ৫১.৫৫ কোটি আৰু বুধবাৰে প্ৰায় ৪২ কোটি টকা উপাৰ্জন কৰে। Sacnilk নামৰ সংস্থাটোৱে প্ৰথম ৭ দিনত বিভিন্ন চিনেমাই উপাৰ্জন কৰাৰ ধনৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে পুষ্পা-২ আছে সবাতোকৈ শীৰ্ষত। তথ্য অনুসৰি পুষ্পা-২য়ে প্ৰথম ৭দিনত উপাৰ্জন কৰে ৩৯৮.১০ কোটি, শ্বাহৰুখ খানৰ জৱানে আয় কৰিছিল ৩২৭.৮৮ কোটি, শ্বাহৰুখ খানৰ পাঠানে আয় কৰিছিল ৩১৮.৫০ কোটি, ৰণবীৰ কাপুৰৰ এনিমেলে আয় কৰিছিল ৩০০.৮১ কোটি, ছানি দেউলৰ গদৰ ২য়ে আয় কৰিছিল ২৮৪.৬৩ কোটি, শ্ৰদ্ধা কাপুৰৰ ষ্ট্ৰী-২য়ে আয় কৰিছিল ২৬৬.৩৫ কোটি, যশৰ কে জি এ ২য়ে আয় কৰিছিল ২৫৫.০৫ কোটি আৰু প্ৰভাস অভিনীত বাহুবলী-২য়ে আয় কৰিছিল ২৪৭.০০ কোটি টকা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.