NEWS

Bidurbhai : ৫ কোটিৰ ক্লাবত ‘বিদুৰভাই’, ছবিখনৰ সফলতাৰ আঁৰত আছে কি?

৫ কোটিৰ ক্লাবত ‘বিদুৰভাই’। অসমীয়া ছবিক এক নতুন মাত্ৰা দিলে ‘বিদুৰভাই’ ছবিখনে। ‘বিদুৰভাই’ ছবিখন নোচোৱা মানুহ হয়টো কমেই আছে। প্ৰায় সকলো লোকেই উপভোগ কৰিছে ‘বিদুৰভাই’। ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল ছবিখনে। এই ছবিখনে মাত্ৰ ১০ দিনৰ ভিতৰতেই ৫ কোটিতকৈয়ো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ সংজ্ঞাই সলনি কৰি দিলে ‘বিদুৰভাই’ ছবিখনে। তথাকথিত কোনো নামী দামী অভিনেতা-অভিনেত্ৰী নাই ছবিখনত। এই ছবিখনে প্ৰচাৰৰ নামত খৰচ কৰা নাই লাখে-লাখে টকা। প্ৰচাৰৰ নামত কৰা নাই কোনো হুলুস্থুল, তথাপিও মানুহে আদৰি লৈছে এই ছবিখন। দলে বলে সকলোৱে চিনেমা হলত গৈ উপভোগ কৰিলে ছবিখন। এই ছবিখন সকলোৱে চোৱাৰ এটাই কাৰণ, সকলোৰে জীৱনৰ লগত সংপৃক্ত হ’ব পৰা এটা অতি সুন্দৰ কাহিনী, সুন্দৰ উপস্থাপন আৰু বলিষ্ঠ অভিনয়ে সকলো দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। সেয়ে ছবিখন চোৱাৰ বাবে দৰ্শকক মাতিবলৈ প্ৰয়োজন হোৱা নাই, সকলোৱে স্বইচ্ছাৰে ছবিখন চাবলৈ ঢাপলি মেলিছে ছবিগৃহলৈ। ইয়াৰ দ্বাৰা আমাৰ দৰ্শক সকলেও এইটো কথাও প্ৰমাণ কৰি দিলে যে, এখন ভাল ছবি হ’লে দৰ্শকে চাবই। ‘বিদুৰভাই’ ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত প্ৰযোজক-পৰিচালক, অভিনেতা-অভিনেত্ৰী, সংগীত পৰিচালক তথা কলা-কুশলীলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ছবিখনে সকলোকে দেখুৱাই দিলে যে চিনেমা বনাবলৈ কোটি কোটি টকা খৰচ কৰিলেই নহয়, এখন ছবিৰ বাবে প্ৰয়োজন বস্তৱ জীৱনৰ লগত জড়িত হ’ব পৰা এটা সবল কাহিনী, সেই কাহিনী কিদৰে উপস্থাপন কৰিব পৰা যায় তাৰ বাবে এজন ভাল পৰিচালক আৰু এই সকলোখিনি দৰ্শকৰ মাজত তুলি ধৰিবলৈ প্ৰয়োজন সবল অভিনয়ৰ যিটো এই ছবিখনত ভৰপূৰ হৈ আছে। সেয়ে সকলোৱে আকোঁৱালি লৈছে ‘বিদুৰভাই’। অসমীয়া ছবিৰ প্ৰতি থকা দৰ্শকৰ সকলো অভিযোগ দূৰ কৰিবলৈ সক্ষম হৈছে ‘বিদুৰভাই’ ছবিখনে। দৰ্শকক নতুনত্ব প্ৰদান কৰিবলৈ সম্পূৰ্ণভাবে সফল হৈছে ছবিখনৰ পৰিচালক। অসমীয়া ছবিজগতৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব ‘বিদুৰভাই’। বৰ্তমানো ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত দৰ্শকৰ দিঘলীয়া শাৰী। বিদুৰভাই’ত চুমকি কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাসৰ অভিনয়ে সকলো দৰ্শককে আপ্লুত কৰবলৈ সক্ষম হৈছে। এতিয়া ছবিঘৰত ইটোৰ পিছত সিটো ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ‘বিদুৰভাই’য়ে। ‘বিদুৰভাই’ই অসমীয়া চিনেমাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই ছবিখনৰ দ্বাৰা একাংশ অভিনেতা-অভিনেত্ৰী আৰু পৰিচালকে শিক্ষা লোৱা প্ৰয়োজন। যদিহে ‘বিদুৰভাই’ৰ দৰে দৰ্শকে অসমীয়া ছবি চাব লাগে, তেনেহ’লে তেওঁলোকেও সলনি কৰিব লাগিব পুৰণিকলীয়া ধাৰা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.