এক বিমান দুৰ্ঘটনাই কঁপাই গ’ল ব্ৰাজিল। ৰাষ্ট্ৰখনৰ ব্যস্ত পৰ্যটনস্থলীত এখন ব্যক্তিগত বাহনৰ বিস্ফোৰণ। নিমিষতে ভস্মীভূত সকলো। থিতাতে নিহত একে পৰিয়ালৰ ১০ৰো অধিক লোক। পৰ্যটন ক্ষেত্ৰত ঘটিল এই অঘটন। হৰহৰকৈ খহি পৰিল উৰণযান। থিতাতে নিহত ১০ৰো অধিক। যানৰ বিস্ফোৰণত হাহাকাৰ পৰিস্থিতি। ব্ৰাজিলৰ গ্ৰামাডোত এই অবৰ্ণনীয় পৰিস্থিত। সময় তেতিয়া ৯ বাজি ১৩ মিনিট। হঠাৎ এটা ঘৰৰ চিমনিত খুন্দা খালে এখন উৰাজাহাজ। লগে লগেই জুয়ে ছানি ধৰিলে সমগ্ৰ অঞ্চল। লুইজ ক্লাউডিঅ’ গালেআজ্জি নামৰ এজন ব্ৰাজিলিয়ান ব্যৱসায়ীয়ে চলাইছিল বিমানখন। পত্নী, ৩গৰাকী কন্যা আৰু আত্মীয়ৰ সৈতে যাত্ৰা কৰিছিল। কানেলা বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰিছিল বিমানখনৰ। মাত্ৰ ১০ কিলোমিটাৰ আহিয়েই সকলো শেষ। তাৰ পাছৰ পৰিৱেশ দেখিলে সকলোৰে বুকু কঁপি উঠিব। ধ্বংসস্তুপত পৰিণত সমগ্ৰ অঞ্চল। চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য। কেউফালে মাত্ৰ জুই আৰু জুই। ঘটনাৰ লগে লগেই মৃত্যু হ’ল বিমানখনত যাত্ৰা কৰা ১০ জন লোকৰ। ভূমিত থকা ১০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হ’ল অতি গুৰুতৰভাৱে। সমগ্ৰ ঘটনাই সৃষ্টি কৰিলে এক বিভীষিকাময় পৰিস্থিতিৰ। চকুৰ সন্মুখত এনে বিস্ফোৰণে বুকু কঁপাই তুলিলে সকলোৰে। এই মৰ্মন্তুদ ঘটনাৰ পাছতেই আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। ব্ৰাজিলৰ প্ৰতিৰক্ষা বিভাগে উদ্ধাৰ অভিযানত সহায় কৰা প্ৰতিজনকে ধন্যবাদ জনাইছে। কিন্তু এই ঘটনাৰ শিপা বিচাৰি চলি আছে অনুসন্ধান। অদ্যপি ওলোৱা নাই কোনো উত্তৰ। অসমৰ বাতৰি / খবৰ / বিশ্ব / Brazil Plane Crash : ঘৰৰ চিমনিত বিমানৰ খুন্দা, মুহূৰ্ততে ভয়ংকৰ পৰিৱেশ, ১০জনৰ মৰ্মান্তিক মৃত্যু Brazil Plane Crash : ঘৰৰ চিমনিত বিমানৰ খুন্দা, মুহূৰ্ততে ভয়ংকৰ পৰিৱেশ, ১০জনৰ মৰ্মান্তিক মৃত্যু ব্ৰাজিলৰ গ্ৰামাডোত এই অবৰ্ণনীয় পৰিস্থিত। সময় তেতিয়া ৯ বাজি ১৩ মিনিট। হঠাৎ এটা ঘৰৰ চিমনিত খুন্দা খালে এখন উৰাজাহাজ। লগে লগেই জুয়ে ছানি ধৰিলে সমগ্ৰ অঞ্চল। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 23, 2024, 8:48 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি এক বিমান দুৰ্ঘটনাই কঁপাই গ’ল ব্ৰাজিল। ৰাষ্ট্ৰখনৰ ব্যস্ত পৰ্যটনস্থলীত এখন ব্যক্তিগত বাহনৰ বিস্ফোৰণ। নিমিষতে ভস্মীভূত সকলো। থিতাতে নিহত একে পৰিয়ালৰ ১০ৰো অধিক লোক। পৰ্যটন ক্ষেত্ৰত ঘটিল এই অঘটন। হৰহৰকৈ খহি পৰিল উৰণযান। থিতাতে নিহত ১০ৰো অধিক। যানৰ বিস্ফোৰণত হাহাকাৰ পৰিস্থিতি। ব্ৰাজিলৰ গ্ৰামাডোত এই অবৰ্ণনীয় পৰিস্থিত। সময় তেতিয়া ৯ বাজি ১৩ মিনিট। হঠাৎ এটা ঘৰৰ চিমনিত খুন্দা খালে এখন উৰাজাহাজ। লগে লগেই জুয়ে ছানি ধৰিলে সমগ্ৰ অঞ্চল। বিজ্ঞাপন লুইজ ক্লাউডিঅ’ গালেআজ্জি নামৰ এজন ব্ৰাজিলিয়ান ব্যৱসায়ীয়ে চলাইছিল বিমানখন। পত্নী, ৩গৰাকী কন্যা আৰু আত্মীয়ৰ সৈতে যাত্ৰা কৰিছিল। কানেলা বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰিছিল বিমানখনৰ। মাত্ৰ ১০ কিলোমিটাৰ আহিয়েই সকলো শেষ। তাৰ পাছৰ পৰিৱেশ দেখিলে সকলোৰে বুকু কঁপি উঠিব। ধ্বংসস্তুপত পৰিণত সমগ্ৰ অঞ্চল। চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য। কেউফালে মাত্ৰ জুই আৰু জুই। ঘটনাৰ লগে লগেই মৃত্যু হ’ল বিমানখনত যাত্ৰা কৰা ১০ জন লোকৰ। ভূমিত থকা ১০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হ’ল অতি গুৰুতৰভাৱে। সমগ্ৰ ঘটনাই সৃষ্টি কৰিলে এক বিভীষিকাময় পৰিস্থিতিৰ। বিজ্ঞাপন চকুৰ সন্মুখত এনে বিস্ফোৰণে বুকু কঁপাই তুলিলে সকলোৰে। এই মৰ্মন্তুদ ঘটনাৰ পাছতেই আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। ব্ৰাজিলৰ প্ৰতিৰক্ষা বিভাগে উদ্ধাৰ অভিযানত সহায় কৰা প্ৰতিজনকে ধন্যবাদ জনাইছে। কিন্তু এই ঘটনাৰ শিপা বিচাৰি চলি আছে অনুসন্ধান। অদ্যপি ওলোৱা নাই কোনো উত্তৰ। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Brazil , Plane Crash , World News First Published : December 23, 2024, 8:48 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.