NEWS

হঠাৎ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যমত দিলে এটি বিশেষ প’ষ্ট!

অসমৰ ছবিজগতৰ পৰা ভ্ৰাম্যমাণ জগতলৈ তেওঁৰ আছে দপ-দপনি। তেওঁৰ সংলাপত কঁপি উঠে ভ্ৰাম্যমাণৰ মঞ্চ। ‘উত্তৰকাল’ৰ পৰা ‘ৰাঘৱ’লৈ এক বৰ্ণিল পৰিক্ৰমা। তেওঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগতৰ অন্যতম জনপ্ৰিয় আৰু সফল অভিনেতা। সুদীৰ্ঘ ৬ বছৰৰ মূৰত পুনৰ ভ্ৰাম্যমাণৰ মঞ্চ জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে অভিনেতা যতীন বৰাই। বৰ্তমান ৰাজ্যৰ প্ৰায়সমূহ নাট্যদলে আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে টঙালি বান্ধিছে। বহু আগশাৰীৰ নাট্যদলে ইতিমধ্যে মুকলি কৰিছে আখৰা শিৱিৰ। কোনো নাট্যদলে মুকলি কৰিছে প্ৰ’ম’-নৃত্য-গীতৰ ভিডিঅ’। এইবাৰ ইতিহাস থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰাই। ইতিমধ্যে ইতিহাস থিয়েটাৰেও অভিজিৎ ভট্টাচাৰ্যৰ ‘মহাৰাজ’ নাটকখনৰ এটি গীত আৰু প্ৰ’ম’ মুকলি কৰিছে। কিন্তু হঠাতে সামাজিক মাধ্যমত চৰ্চাৰ শিৰোনামত জনপ্ৰিয় অভিনেতা যতীন বৰা। ফেচবুকত যতীন বৰাই লিখিছে,‘‘ নমস্কাৰ- মই যতীন বৰা। ইতিহাস থিয়েটাৰৰ ২০২৪-২৫ নাট্যবৰ্ষৰ নিবেদন ‘মহাবীৰ লাচিত’ৰ ছচিয়েল মিডিয়া যোগে প্ৰকাশিত এখন পোষ্টাৰত লাচিত বৰফুকনৰ বেশভূষা আৰু সাজসজ্জাক লৈ ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে। আটাইৰে মত প্ৰকাশৰ স্বাধীনতালৈ সন্মান জনাই এই সম্পৰ্কে সবিশেষ বক্তব্য কাইলৈ সংবাদ মাধ্যম যোগে অসমৰ ৰাইজক অৱগত কৰা হ’ব। আশা কৰিছোঁ- নতুন প্ৰজন্মৰ মাজত মহাবীৰ গৰাকীৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে ইতিহাস থিয়েটাৰে গ্ৰহণ কৰা এই মহৎ প্ৰয়াসক আটায়ে আন্তৰিকতাৰে গ্ৰহণ কৰিব। প্ৰতিজন অসমবাসীৰ দিহা-পৰামৰ্শ আৰু স্নেহেই হব আমাৰ আগবাঢ়ি যোৱাৰ সাৰথি।’’ উল্লেখ্য যে আজি ইতিহাস থিয়েটাৰৰ ‘মহাবীৰ লাচিত’ নাটকখনৰ এখন পোষ্টাৰ সামাজিক মাধ্যমত প’ষ্ট দিছিল যতীন বৰাই। তাৰ পিছতে লাচিত বৰফুকনৰ বেশভূষা আৰু সাজসজ্জাক লৈ ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে সামাজিক মাধ্যমত সন্ধিয়া এই মন্তব্য কৰে যতীন বৰাই। লগতে যতীন বৰাই উল্লেখ কৰে যে ৪ জুলাইত সংবাদ মাধ্যম যোগে সকলো কথা প্ৰকাশ কৰিব। অৱশ্য পৰৱৰ্তী সময়ত যতীন বৰাই এই প’ষ্ট সামাজিক মাধ্যমৰ পৰাই আঁতৰাই দিয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.