NEWS

গাঁঠিৰ বিষ, কোষ্ঠকাঠিন্য, প্ৰস্ৰাৱৰ দূৰ কৰাৰ বাবে মহৌষধ এইবিধ ফল, বৃদ্ধি পাই স্মৃতিশক্তিও

আমাৰ শৰীৰৰ ভিতৰি ভাগ ৰোগ মুক্ত কৰাৰ লগতে বাহ্যিক ভাগৰ বাবেও নাচপতি উপকাৰী ফল । আমাৰ শৰীৰৰ বাবে ফল-মূল খোৱাতো যথেষ্ঠ প্ৰয়োজন। এই ফলসমূহত বহু ধৰণৰ ভিটামিন, ফাইবাৰ, এন্টি অক্সিডেণ্ট ভৰপূৰ পৰিমাণে পোৱা যায়। এনে বহু ধৰণৰ পুষ্টি থকা এবিধ সুস্বাদু ফল হ’ল নাচপতি। বহু ঔষধি গুণেৰে সমৃদ্ধ এই নাচপতি অসমৰ বজাৰত সহজলভ্য। Dietician পৌলমী বেনাৰ্জী মতে নাচপতিৰ বহুতো গুণা গুণ আছে। আমাৰ শৰীৰৰ ভিতৰৰ পৰা ৰোগ মুক্ত কৰাৰ লগতে শৰীৰৰ বাহ্যিক ভাগ যেনে - ছাল আৰু চুলিৰ বাবেও নাচপতি বহুত পৰিমাণে উপকাৰী। ইয়াত থকা আঁহে মানৱ শৰীৰৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত হৃদযন্ত্ৰ সবল হৈ থকাৰ লগতে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু ডায়েবেটিছ প্ৰতিৰোধ কৰে। নিয়মিত নাচপতি খালে আমি কোষ্টকাঠিন্যৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰো। নাচপতিত থকা ফলিক এচিডে ৰক্তহীনতা দূৰ কৰাৰ লগতে ই গাঁঠিৰ বিষৰ বাবেও যথেষ্ট উপকাৰী ফল। এইবোৰ গুণৰ উপৰিও নাচপতিত ভিটামিন Aযথেষ্ট পৰিমাণে থাকে যাৰ ফলত আমাৰ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে। নাচপতিৰ ৰস নিয়মিত সেৱন কৰিলে প্ৰস্ৰাৱৰ বাধা আঁতৰ হোৱাৰ লগতে পেট খোলোচা কৰি ৰখাত সহায় কৰে। স্মৰণ শক্তি বৃদ্ধিদায়ক ফল নাচপতিৰ এই গুণা গুণ সমূহৰ বাবে আমি দৈনন্দিন খাদ্যভাসত ইয়াক সন্নিবিষ্ট কৰিব লাগে। বিশেষভাৱে মন কৰিবলগীয়া কথাযে অন্য ফলৰ তুলনাত নাচপতিত কৰ্বাইড জাতীয় বিষাক্ত পদাৰ্থ কমকৈ প্ৰয়োগ হোৱা দেখা যায়, কাৰণ ই প্ৰাকৃতিক ভাবেই বহু দিনলৈ ভালে থাকে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.