NEWS

Imane Khelif Confirmed as a Man : মহিলাৰ বেশত পুৰুষ বক্সাৰ! মহিলা হিচাপে পেৰিছ অলিম্পিকত স্বৰ্ণপদক দখল, এতিয়া পোহৰলৈ আহিছে - মহিলা নহয়, পুৰুষহে এইগৰাকী এথলীট

পুৰুষ নে মহিলা! মহিলাৰ বেশত মহিলা বক্সিং ৰিঙত এজন পুৰুষ। পুৰুষ বক্সাৰগৰাকীয়ে বক্সিং ৰিঙত ধৰাশায়ী কৰিলে প্ৰতিপক্ষ মহিলা বক্সাৰক। লাভ কৰিছে সোণৰ পদক। সৰু সুৰা প্ৰতিযোগিতা নহয় বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিকতে সংঘটিত হ’ল এই নাভূত-নাশ্ৰুত ঘটনা। পেৰিছ অলিম্পিকত মহিলাৰ ৬৬ শাখাৰ বক্সিঙত সোণৰ পদক লাভ কৰা ইমানে খেলিফ মহিলা নহয়, এজন পুৰুষ বুলিহে প্ৰমাণিত হৈছে। ইমানে খেলিফৰ এটা মেডিকেল ৰিপ’ৰ্ট পোহৰলৈ অহাৰ পাছতে বিশ্বজুৰি চৰ্চিত হৈ পৰিছে আলজেৰিয়াৰ এইগৰাকী এথলীটৰ জীয়া ফাঁকি। আলজেৰিয়াৰ বক্সাৰ ইমানে খেলিফে পেৰিছ অলিম্পিকত এগৰাকী মহিলা বক্সাৰ হিচাপে ভাগ লৈ সোণৰ পদক লাভ কৰিছিল। সোণৰ পদক জয়ী বক্সাৰগৰাকীয়ে লাভ কৰিছিল অনেক খ্যাতি। লক্ষণীয়ভাৱে বহুতে পুৰুষ বুলি কৰা দাবীক লৈ খেলিফৰ প্ৰতিযোগিতাখনৰ বাবে যোগ্যতাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু বিতৰ্কৰ মাজতে খেলিফে মহিলাৰ ৬৬ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে। পেৰিছ অলিম্পিক অন্ত পৰা লগে লগে যেন বিতৰ্কও অন্ত পৰিছিল। পিছে শেহতীয়াকৈ খেলিফৰ মেডিকেল ৰিপ’ৰ্ট পোহৰলৈ অহাত বিশ্বজুৰি হৈ-চৈ লাগিছে। ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙেও ছচিয়েল মিডিয়াযোগে প্ৰশ্ন কৰিছে- ইমানে খেলিফে এতিয়া পদক ঘূৰাই দিবনে? কিন্তু অলিম্পিকৰ দৰে এটা বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত কিদৰে ইমান ডাঙৰ ভুল হ’বলৈ পালে? প্ৰতিযোগিতাৰ পূৰ্বে ইমানে খেলিফৰ স্বাস্থ্য পৰীক্ষা হোৱা নাছিল নেকি? যদি হৈছিল পেৰিছ অলিম্পিকত পুৰুষ বুলি ধৰা নপৰা ইমানে খালিফে এতিয়া কেনেকৈ পুৰুষ বুলি ধৰি পৰিছে? ইমানে খেলিফ মহিলা নে পুৰুষ সেয়া নিৰ্ণয় কৰাও ইমান সহজ নাছিল। এগৰাকী ফৰাচী সাংবাদিকে এটা মেডিকেল ৰিপ’ৰ্টৰ আধাৰত স্পষ্ট কৰিছে যে ইমানে খেলিফ মহিলা নহয় প্ৰকৃততে এজন পুৰুষহে। প্ৰকৃততে ইমানে খেলিফ 5 Alpha reductase deficiency তথা জন্মৰ পূৰ্বেই যৌন বিকাশৰ বিসংগতিৰ চিকাৰ। সেয়ে ইমানে খেলিফৰ যৌন বিকাশ একেবাৰে স্বাভাৱিক নছিল। ইমানে খেলিফৰ দেহত অণ্ডকোষ আছে। কিন্তু সাধাৰণ পুৰুষৰ দৰে দেহৰ বাহিৰত নহয়, দেহৰ ভিতৰতহে XY ক্ৰমজম বিশিষ্ট অণ্ডকোষ আছে। ইমানে খেলিফৰ বাহ্যিক যৌন অংগও কিছু বিসংগতিপূৰ্ণ। ইমানে খেলিফৰ দেহত জৰায়ু নাই, বিপৰীতে আছে ক্ষুদ্ৰ শিশ্ন। ২০২৩ চনত পেৰিছৰ এখন হাস্পতালৰ গৱেষক চিকিৎসকে আলজেৰিয়াৰ এখন হাস্পতালৰ চিকিৎসকৰ সৈতে যুটীয়াভাৱে ইমানে খেলিফৰ পুংখানুপুংখ মেডিকেল ৰিপ’ৰ্ট প্ৰস্তুত কৰিছিল। এই মেডিকেল ৰিপ’ৰ্টে ইমানে খেলিফৰ লিংগ স্পষ্ট কৰি দিয়াৰ লগতে অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আৰু হৰমন থেৰাপীৰ নিদান দিছিল। কিন্তু ইমানে খেলিফে এই মেডিকেল ৰিপ’ৰ্ট লুকুৱাই মহিলা এথলীট হিচাপে পেৰিছ অলিম্পিকত ভাগ লৈছিল। ফৰাচী সাংবাদিকগৰাকীয়ে ইমানে খেলিফৰ মেডিকেল ৰিপ’ৰ্ট পোহৰলৈ আনি প্ৰমাণ কৰিলে যে খেলিফ প্ৰকৃততে মহিলা নহয় পুৰুষহে। জিনীয় যৌন বিসংগতি ৰোগত ভোগা ইমানে খেলিফৰ এই লিংগ বিতৰ্কই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.