NEWS

DB STOCK BROKING SCAM : গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? কোনোবাই অপহৰণ কৰিলে নেকি DB STOCK BROKINGৰ স্বত্বাধিকাৰী দীপাংকৰক?

ৰাজ্য কঁপোৱা DB Stock Broking কোটি-কোটি টকাৰ কেলেংকাৰীৰ চাঞ্চল্য এতিয়াও অব্যাহত। পোহৰলৈ আহিছে DB Stock Brokingৰ বহু কু-কাণ্ড। কিন্তু তেনে সময়তে গুৱাহাটীৰ মাজমজিয়াত উদ্ধাৰ দীপাংকৰ বৰ্মন বিলাসী স্ক’ৰপিঅ’ বাহন। গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল বিলাসী স্ক’ৰপিঅ’। যিমানে দিন বাগৰিছে সিমানেই গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে ৰাজ্য জোকাৰি যোৱা DB-কাণ্ড। মহাধুৰন্ধৰ দীপাংকৰ বৰ্মনৰ পলায়নবাদী চৰিত্ৰই বহু প্ৰশ্নৰ দিশ উন্মোচন কৰিছে। দীপাংকৰ সন্ধানহীনৰ ৭ দিন পিছত গুৱাহাটীতে ওলাল দীপাংকৰৰ স্ক’ৰপিঅ’ বাহন। গুৱাহাটী ক্লাৱৰ মুকলি ঠাইত নিশা আৰক্ষীয়ে বিচাৰি পালে বিলাসী বাহনখন। AS-01EL-5855 নম্বৰৰ স্ক’ৰপিঅ’ৰ পিছৰ এটা টায়াৰ ব্লাষ্ট আছে। উল্লেখ্যে যে ক’লা গাড়ীখনত উদ্ধাৰ হোৱা নাই একো সামগ্ৰী। বাহনখনৰ পিছ চকা ফঁটা অৱস্থাত পৰি ৰোৱাত আৰক্ষীৰ মাজত লগাইছে ঘটনাৰ নতুন পাক। আৰু পঢ়ক: ভেদ হ’ল ৰহস্য! জি এছ ৰোডত হাতত মাৰণাস্ত্ৰ লোৱা বাইক আৰোহীৰ প্ৰকৃত সত্য পোহৰলৈ পল্টন বজাৰ আৰক্ষীয়ে CCTV বিচৰিও লাভ কৰা নাই ভিজুৱেল। গুৱাহাটী ক্লাৱতে প্ৰবঞ্চনাৰে ধন লুটি গাড়ী এৰি পলাল নেকি দীপাংকৰ বৰ্মনে? নে ঘটনাৰ ৰহস্য বিয়পাবলৈ দীপাংকৰৰ সহযোগীয়ে এৰি থৈ গ’ল এই বাহনখন? ইফালে, এতিয়াও দীপাংকৰৰ জালুকবাৰীৰ ঘৰত পৰি ৰৈছে দুখনকৈ বিলাসী বাহন। হাজাৰ হাজাৰ গ্ৰাহকৰ পৰা হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰি দীপাংকৰে পূৰ্বতে ৰচনা কৰিছিল নেকি পলায়নৰ। সন্মুখত বিয়া, ঘৰত ৰুগীয়া পিতৃ-মাতৃ। হেৰুওৱা ধন ঘূৰাই পোৱাৰ আশাত বিনিয়োগকাৰী। পাছে শ্বেয়াৰ মাৰ্কেটিং প্ৰবঞ্চনাৰ জাল ৰচি ক’ত লুকাল দীপাংকৰ? আৰু পঢ়ক: হাতত AK-47 লৈ মহানগৰীৰ মাজমজিয়াত এগৰাকী যুৱতী! দুই হাতত দুটাকৈ উদ্যত মাৰণাস্ত্ৰ লৈ কোন যুৱতীৰ টহল মহানগৰীৰ ৰাজপথত? কিন্তু ইয়াৰ মাজতো আন এক প্ৰশ্নৰ অৱতাৰণা হৈছে। কোনোৱে অপহৰণ কৰিলে নেকি DB Stock Brokingৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক? দীপাংকৰৰ প্ৰেয়সী মনালিছা দাসসহ আৰু DBৰ কৰ্মচাৰীক আৰক্ষীয়ে জেৰা চলাইও আৰক্ষী লাভ কৰা নাই নতুন তথ্য। শামুকীয়া গতিৰ তদন্তই সু-ফল দিব নে ভুক্তভোগী গ্ৰাহকক? আৰু পঢ়ক: অৱসৰৰ ৪৮ ঘণ্টাৰ পিছতে পুনৰ ক্ৰিকেটলৈ ঘূৰি অহাৰ ঘোষণা শিখৰ ধাৱানৰ! এইবাৰ কোনখন প্ৰতিযোগিতাত খেলিব ধাৱানে? জানিব পৰা মতে, DB Stockত প্ৰথমে ইনভেষ্ট কৰা ইনভেষ্টৰক দুগুণ ধন দিছিল দীপাংকৰে। প্ৰথম ১০জনে কৰা ইনভেষ্টৰক দ্বিতীয়বাৰ ইনভেষ্ট কৰা ইনভেষ্টৰ ধনেৰে দুগুণ ধন দিছিল দীপাংকৰে। পৰৱৰ্তী সময়ত ১৩ জনীয়া কৰ্মচাৰীৰে গুৱাহাটীৰ কাৰ্যালয়ৰ কাম চলাইছিল প্ৰৱঞ্চক দীপাংকৰে। কেইবাটাও আঁচনিত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল ধন। এবছৰত ১২০%, ছমাহত ৫৪%, তিনি মাহত ২৭% আৰু এমাহত ৮% গ্ৰাহকক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দীপাংকৰে। অধিক লাভৰ আশাত কষ্টৰ ধন বিনিয়োগ কৰি মূলধনো হেৰুৱাবলগীয়া হ’ল বহু গ্ৰাহকে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.