NEWS

Border-Gavaskar Trophy 2024: পাৰ্থত উইকেট পতনৰ অভিলেখ, এদিনতে ১৭টা উইকেটৰ পতন, ভাৰতৰ ১৫০ ৰানৰ প্ৰত্যুত্তৰত ৬৭ ৰানত ৭টা উইকেট হেৰুৱাই সংগ্ৰাম অষ্ট্ৰেলিয়াৰ

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত দুৰ্বল আৰম্ভণি টীম ইণ্ডিয়াৰ। টছত জিকি প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰত ১৫০ ৰাণতে অল আউট। শূন্য ৰাণতে পেভেলিয়নলৈ উভতে অপেনাৰ যশশ্ৰী জয়ছোৱাল। তাৰ পিছতে পুনৰ শূন্য ৰাণতে আউট হয় দেভদূত পাডিকল। পুনৰ বাৰ ব্যৰ্থ হ’ল বিৰাট কোহলি। ৫ ৰাণ কৰিয়েই আউট হয় কোহলি। কিছুসময় ক্ৰিজত থাকি দলক এটা সন্মানজনক স্ক’ৰলৈ নিয়াৰ চেষ্টা চলাইছিল কে এল ৰাহুলে। কিন্তু ২৬ ৰাণৰ ব্যক্তিগত স্ক’ৰত আম্পায়াৰৰ এটা বিতৰ্কিত সিদ্ধান্তৰ বলি হ’ল কে এল ৰাহুল। ৭৬টা বলত ২৬ ৰাণ কৰি পেভেলিয়নলৈ উভতিব লগা হয় কে এল ৰাহুল। ইফালে ঋষভ পণ্টে আনটো দিশত খেলিবলৈ আৰম্ভ কৰে স্বভাৱসুলভ খেল। কেইবাটাও আকৰ্ষণীয় শ্বট দেখা যায় পণ্টৰ বেটৰ পৰা। কিন্তু সেই ইনিংছ দীঘলীয়া নহ’ল। ৭৮টা বলত ৩৭ ৰাণ কৰি আউট হয় ঋষভ পণ্ট। ব্যৰ্থ হয় ধ্ৰুৱ জুৱেল আৰু ৱাশ্বিংটন সুন্দৰ। কিন্তু শেষত ভাৰতৰ স্ক’ৰ ১০০ৰ দেউনা পাৰ কৰাত সহায় কৰে নৱাগত নীতিশ কুমাৰ ৰেড্ডীৰ ৪১ ৰাণৰ ইনিংছটোৱে। কেৰিয়াৰৰ প্ৰথমখন টেষ্টতে সংকটৰ সময়ত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে। দিনটোৰ আৰম্ভণিৰ পৰাই দেখা গ’ল অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ আধিপত্য। অষ্ট্ৰেলিয়াৰ হৈ হেজলউডে চাৰিটা উইকেট দখল কৰে। আনহাতে, অধিনায়ক পেট কামিন্সে, মিচেল মাৰ্চ আৰু মিচেল ষ্টাৰ্কে দুটাকৈ উইকেট দখল কৰে। উল্লেখ্য যে ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহৰ নেতৃত্বত শৃংখলাৰ আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই। ভাৰতৰ হৈ আজিৰ খেলখনত অভিষেক ঘটিছে দুজন খেলুৱৈৰ। হৰ্ষিত ৰাণা আৰু নীতিশ কুমাৰ ৰেড্ডীৰ অভিষেক। কিন্তু ভাৰতৰ টপ অৰ্ডাৰৰ ব্যৰ্থতাই চিন্তাত পেলাইছে মেনেজমেণ্টক। বিশেষকৈ বিৰাট কোহলিৰ ধাৰাবাহিক ব্যৰ্থতাই অধিক চিন্তাত পেলাইছে ভাৰতীয় শিবিৰক। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.