NEWS

একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে মৎস্য সংগ্ৰহালয়: বৰমাৰ ড° নৃপেন্দ্ৰ নাথ শৰ্মা ‘প্ৰাণী প্ৰভাকৰ’ বঁটাৰে সন্মানিত

Prani Pravakar award to Dr Nipendra Nath Sharma অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়, পাঠশালা (বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়)ৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বাক্সা জিলাৰ নিজ-জুলুকীৰ ড° নৃপেন্দ্ৰ নাথ শৰ্মালৈ ‘প্ৰাণীবিজ্ঞান সমিতি, অসম’ (Zoological society of Assam)এ বিশেষ সন্মান প্ৰদান কৰিছে। গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ‘প্ৰাণী প্ৰভাকৰ বঁটা’ৰে সন্মানিত কৰা হয় ড° নৃপেন্দ্ৰ নাথ শৰ্মাক।উল্লেখযোগ্য যে তেওঁৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ আন ৭গৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাণীবিজ্ঞানীক এই সমিতিৰ তৰফৰ পৰা এই সন্মানেৰে বিভূষিত কৰা হয়। আশীৰ দশকৰ প্ৰথমভাগত বজালী মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগত Honours পাঠ্যক্ৰম আৰম্ভ হৈছিল,পৰৱৰ্তী সময়ত ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ সুপৰিচালনাৰে বজালী মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছিল। অৱসৰকালীন সময়তো মৎস্য বিষয়ক গৱেষণাপ্ৰসূত জ্ঞানৰ আধাৰেৰে ‘The Fishes of Assam’ শিৰোনামেৰে এখনি গ্ৰন্থ প্ৰকাশ কৰে ড° নৃপেন্দ্ৰ নাথ শৰ্মাই। অতি কৰ্মপটু, সৃষ্টিশীল মনৰ ব্যক্তিগৰাকীয়ে ব্যক্তিগত ধনৰাশিৰে বাক্সা জিলাৰ বৰমাৰ নিজ গৃহতেই এটি মৎস্য সংগ্ৰহালয় সাজি উলিয়ায়, যি সংগ্ৰহালয়টোক অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়, বিদ্যালয়ৰ ছাত্ৰসমাজে মৎস্যৰ ওপৰত বিশেষ জ্ঞান লাভৰ সমলগৃহ হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। ব্যক্তিগত ধনৰাশিৰে গঢ়ি তোলা মৎস্য বৈচিত্ৰিক আৰু আনুবংশিক সংগ্ৰহালয়টোত আছে ২৫০ বিধৰো অধিক প্ৰজাতিৰ মাছ। অৱসৰৰ পাছতো ছাত্ৰ-ছাত্ৰীক মৎস্যৰ ওপৰত জ্ঞান প্ৰদানৰ কামত নিয়োজিত হৈ আছে ড° নৃপেন্দ্ৰ নাথ শৰ্মা। প্ৰাণীবিজ্ঞান সমিতি অসমৰ পৰা এই বঁটা লাভ কৰি যথেষ্ট আনন্দিত ড° নৃপেন্দ্ৰ নাথ শৰ্মা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.