শিল্পসত্বাৰ অধিকাৰী গোলাঘাটৰ এগৰাকী ব্যক্তি। গোলাঘাট জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন অক্ষাত গাঁওকমাৰবন্ধা নামচনীয়া গাঁও। এই নামচনীয়া গাঁৱৰে এজন অক্ষাত শিল্পী। তেঁওৰ নাম ৰমা বৰগোহাঁই। এই শিল্পীগৰাকীয়ে সাজি উলিয়াইছে অসমৰ থলুৱা বাঁহেৰে ঢোল, খোল, নেগেৰা, দবা আৰু গগণা। অতি নিখুঁতভাবে তৈয়াৰ কৰি উলিয়াইছে অসমৰ লোকবাদ্য সমূহ। অতি ব্যতিক্ৰমী চিন্তা চৰ্চাৰে এই শিল্পী জনৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বাদ্য সমূহৰে চমক সৃষ্টি কৰিছে সকলোকে। পেছাগত বৃত্তি হিচাপে ৰমা বৰগোহাঁই এজন আদৰ্শবান কৃষক। দিনটো কৃষিকাৰ্যৰ লগত জড়িত হৈ ব্যস্ততাৰ মাজতো জীয়াই ৰাখিব বিছাৰে তেওঁৰ শিল্পীসুলভ মনটোক। আজৰি সময়খিনিতে দা খনলৈ বাৰীৰ পিছফালৰ বাঁহনি খনলৈ গৈ কাটি আনে বাহঁ এটা।সেই বাঁহটোৰ পৰাই সাজিবলৈ চেষ্টা কৰে বাহঁৰ বিভিন্ন সামগ্ৰী। সৰুৰে পৰাই এক শিল্পী সুলভ মন লৈ সদায় ব্যতিক্ৰমী বস্তুৰ নিৰ্মাণৰ চিন্তা চৰ্চা চলাই ৰমা বৰগোহাঁইয়ে। নিজ সাধনা আৰু একাগ্ৰতাৰে অতি নিৰৱিচ্ছিন্নভাৱে প্ৰস্তুত কৰি গৈছে অসমৰ লোকবাদ্য সমূহ। সঁচা অৰ্থত কবলৈ গ’লে এজন প্ৰতিভাৱান কেঁচা মাটিৰ গোন্ধৰে সজীৱ হোৱা নামচনীয়াৰ শিল্পীজনে বাঁহৰ কামিত আঠা আৰু কাঠৰ গুড়ি সংমিশ্ৰণে ঢোল, খোল, নেগেৰা, দবা সাজি উলিয়ায়ছে। গাঁওখনত সাংস্কৃতিক, সামাজিক সকলো ক্ষেত্ৰতে আগবঢ়া শিল্পীগৰাকী। বসন্ত আগমনৰ লগে-লগে তৎনোহোৱা হয় প্ৰতিগৰাকী অসমীয়াৰ। সমান্তৰালকৈ তেওঁৰ গাঁওখনৰ ডেকা-গাভৰুৰ পৰা কণ শিশু সকল আহি ৰমা বৰগোহাঁই ওচৰত উবুৰি খাই পৰে। কোনোবা জনী নাচনীক গগণা, কাকৈ ফণী কাৰোবাক আকৌ টকা, ঢোলৰ মাৰি ইত্যাদি ইত্যাদি বোৰ সাজি উলিয়াকলৈয়ে অতি ব্যস্ত হৈ পৰে। এনেদৰেই আজৰি সময়খিনিত বাঁহৰ কাঠি তুলি কেইবাবছৰ ধৰি সম্পূৰ্ণ একক প্ৰচেষ্টাৰে অসমৰ লোক সংস্কৃতিৰ লোক বাদ্য সমূহ যেনে ঢোল, খোল, নেগেৰা, গগণা, টকা নিৰ্মাণ কৰি অসমৰ গ্ৰাম্য চহা সমাজ জীৱনৰ থলুৱা কুটীৰ শিল্প বাহঁ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে শিল্পী ৰমা বৰগোহাঁইয়ে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.