File Photo কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত গুলীচালনা হোৱাতো বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছে অসমখন অশান্ত কৰিব বিচাৰিছে। কংগ্ৰেছৰ তিনি নেতাৰ মাজত প্ৰতিযোগিতা চলিছে। গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় বেলট বাকচত। গুৱাহাটীত তেওঁলোকে গণ্ডগোল হোৱাটো বিচাৰিছে। আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে।’’ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এতিয়া অসমত আন্দোলনৰ বতাহ নাই, এতিয়া অসমত নিযুত মইনাৰ বতাহ বলিছে। আমাক বেয়া পোৱাসকলেও স্বীকাৰ কৰিব, প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, মেডিকেল কলেজ হৈছে। আমাৰ জীৱন আৰু যৌৱন গঢ় লৈছিল হত্যা-হিংসাৰ মাজত। কিন্তু এতিয়াৰ যুৱপ্ৰজন্মৰ যৌৱন গঢ় লৈছে বিকাশৰ মাজত। আগতে অসমৰ বাতৰি কাকতত প্ৰতিদিনেই গঁড় হত্যাৰ বাতৰি প্ৰকাশিত হৈছিল।’’ ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাহুল গান্ধীৰ ব্যৱহাৰে আমাক স্তম্ভিত কৰিছে। মহিলা সাংসদক অপমান কৰি তেওঁ নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। সংসদত নোহোৱা-নোপজা ঘটনা ঘটিছে। ৰাহুল গান্ধীৰ আচল চৰিত্ৰ পোহৰলৈ আহিছে। ৰাহুল গান্ধীৰ কামে সমাজখনক বিভক্ত কৰিব, অন্যায় কৰিব। তেওঁ আগৰ পৰাই তেনেকুৱা। উদয় ভানু শিৱক আটক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। জে’লতেই যাব লাগিছিল, আমি হোটেলত থৈছোঁ। বেলেগ ৰাজ্য হোৱা হ’লে জে’ললৈ পঠিয়ালেহেঁতেন।’’ অসমৰ বাতৰি / খবৰ / দেশ / Himanta Biswa Sarma : ‘কংগ্ৰেছে অসমত গুলীচালনা হোৱাটো বিচাৰিছে, অসমখন অশান্ত কৰিব বিচাৰিছে’ - ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Himanta Biswa Sarma : ‘কংগ্ৰেছে অসমত গুলীচালনা হোৱাটো বিচাৰিছে, অসমখন অশান্ত কৰিব বিচাৰিছে’ - ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই File Photo মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় বেলট বাকচত। গুৱাহাটীত তেওঁলোকে গণ্ডগোল হোৱাটো বিচাৰিছে। আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে।’’ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : December 20, 2024, 2:54 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত গুলীচালনা হোৱাতো বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছে অসমখন অশান্ত কৰিব বিচাৰিছে। কংগ্ৰেছৰ তিনি নেতাৰ মাজত প্ৰতিযোগিতা চলিছে। গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় বেলট বাকচত। গুৱাহাটীত তেওঁলোকে গণ্ডগোল হোৱাটো বিচাৰিছে। আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে।’’ বিজ্ঞাপন হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এতিয়া অসমত আন্দোলনৰ বতাহ নাই, এতিয়া অসমত নিযুত মইনাৰ বতাহ বলিছে। আমাক বেয়া পোৱাসকলেও স্বীকাৰ কৰিব, প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, মেডিকেল কলেজ হৈছে। আমাৰ জীৱন আৰু যৌৱন গঢ় লৈছিল হত্যা-হিংসাৰ মাজত। কিন্তু এতিয়াৰ যুৱপ্ৰজন্মৰ যৌৱন গঢ় লৈছে বিকাশৰ মাজত। আগতে অসমৰ বাতৰি কাকতত প্ৰতিদিনেই গঁড় হত্যাৰ বাতৰি প্ৰকাশিত হৈছিল।’’ বিজ্ঞাপন ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাহুল গান্ধীৰ ব্যৱহাৰে আমাক স্তম্ভিত কৰিছে। মহিলা সাংসদক অপমান কৰি তেওঁ নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। সংসদত নোহোৱা-নোপজা ঘটনা ঘটিছে। ৰাহুল গান্ধীৰ আচল চৰিত্ৰ পোহৰলৈ আহিছে। ৰাহুল গান্ধীৰ কামে সমাজখনক বিভক্ত কৰিব, অন্যায় কৰিব। তেওঁ আগৰ পৰাই তেনেকুৱা। উদয় ভানু শিৱক আটক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। জে’লতেই যাব লাগিছিল, আমি হোটেলত থৈছোঁ। বেলেগ ৰাজ্য হোৱা হ’লে জে’ললৈ পঠিয়ালেহেঁতেন।’’ বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Himanta Biswa Sarma First Published : December 20, 2024, 2:54 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.