অসম অৰুণাচল সীমান্তত আঘোণৰ শেষত ন খোৱা পৰ্ব।সকলোৱে মিলি ন চাউলেৰে এসাঁজ খালে। অসম অৰুণাচল সীমান্তত আঘোণৰ শেষত ন খোৱা পৰ্ব। সকলোৱে মিলি ন চাউলেৰে খালে এসাঁজ। উখল মাখল অসম অৰুণাচল সীমান্তৰ শেষ প্ৰান্তত অৱস্থিত শতবৰ্ষ গৰকা ডিৰাক সোণজান আদৰ্শ গাঁৱত ৷ আঘোণৰ শেষত সোনোৱালী ধাননিৰ সোনগুটি চপোৱাৰ পাছত গাঁৱৰ ৰাইজ একত্ৰিত হৈ পালন কৰিলে ৰাজহুৱা ন খোৱা পৰ্ব। এসময়ত ঘৰে ঘৰে আয়োজন হৈছিল ন খোৱাপৰ্ব। বৰ্তমান সময়ত হেৰাইছে পূৰ্বৰ নখোৱাৰ আনন্দ আৰু তাৰেই যেন মাদকতা ধৰি ৰখাৰ প্ৰয়াস ডিৰাক সোণজানবাসী ৰাইজৰ। তিনিচুকীয়া জিলাৰ সোণজান আদৰ্শ গাঁৱৰ পথাৰত সকলো ৰাইজে একলগে ন চাউলেৰে এসাঁজ খালে। বিভিন্ন সুস্বাদো ব্যঞ্জনৰ সমাহাৰ৷ কোনোৱে যদি হাঁহ দিছে, কোনোৱে দিছে মাছ৷ জহা কোমোৰাৰ লগত হাঁহৰ মাংস, ঔ টেঙাৰ লগত মাছৰ জুতি৷ এটাৰ পাছত আন এটা ব্যঞ্জন৷ ইফালে গাঁৱৰ জ্যেষ্ঠ মহিলাই গাইছে থলুৱা মৰাণ জনগোষ্ঠীৰ বিহু নাম,আনফালে বিহু নাম জুৰি পথাৰৰ মাজত ককাল ঘূৰাই নাচিছে গাঁৱৰ মহিলা সকলে। ন খোৱা পৰ্বত অংশগ্ৰহণ কৰিছে গাঁৱৰ জ্যেষ্ঠ ভকত-বৈষ্ণৱ, আই-মাতৃ, কিশোৰ-কিশোৰী, পুৰুষ-মহিলা, যুৱক-যুৱতী সকলোৰ৷ গাঁওবাসীয়ে সকলোৱে আনন্দ, ফুৰ্তিৰে একেলগে পথাৰৰ মাজত জুতি লৈছে ন-চাউলৰ৷ আধুনিকতা, যান্ত্ৰিকতা, অত্যাধিক মূল্য বৃদ্ধিৰ ফলত কালক্ৰমত হেৰাই যাবলৈ ধৰা অসমীয় চহা গাঁওসমূহৰ এই ন’খোৱা পৰম্পৰা পালন কৰি আহিছে এই সকল অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কৃষক ৰাইজে৷ উল্লেখ্য যে, কৃষিভিত্তিক ৰাইজৰ হেঁপাহৰ অনুষ্ঠান ন খোৱা। অসমীয়া গ্ৰাম্য কৃষিজীৱী ৰাইজে খেতি চপোৱাৰ পাছত ঘৰে ঘৰে এই ন খোৱা পৰ্ব পালন কৰি আহিছে। এই পৰ্বত সন্নিৱিষ্ট হৈ আছে সম্প্ৰীতি আৰু একতাৰ নিদৰ্শন। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.