প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল ৰাজস্থানৰ জয়পুৰ। ক’লা ধোঁৱাই ছানি ধৰে পুৱাৰ আকাশ। জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু। CNG পৰিবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা LPG ভৰ্তি ট্ৰাকৰ। ভয়ংকৰ দুৰ্ঘটনাত বিস্ফোৰিত হয় CNG ভৰ্তি ট্ৰাকখন। বিস্ফোৰণত ভস্মীভূত হয় ১২খনৰো অধিক বাহন। ৰাজস্থানৰ জয়পুৰৰ আজমেৰ পথত পুৱাই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ভাংকৰোটা পেট্ৰ’ল পাম্পৰ সমীপত ৰখাই থোৱা CNG পৰিবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে এখন LPG ভৰ্তি ট্ৰাকে। ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে বিস্ফোৰিত হয় CNGভৰ্তি ট্ৰাকখন। বিস্ফোৰণত জীৱন্তে অগ্নিদগ্ধ হৈ ৭জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৩৬জনৰো অধিক লোক। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক, আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি জয়পুৰৰ ছাৱাই মানসিংহ চিকিৎসালয়ত ভৰ্তি কৰে। আহতসকলৰ কেইবাজনৰ অৱস্থা অতি সংকটজনক বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই। এই বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে ৩০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা ২০খনৰো অধিক বাহন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। ১০ কিলোমিটাৰ দূৰলৈকে বিস্ফোৰণৰ শব্দ স্থানীয় ৰাইজে শুনা পাইছিল বুলি প্ৰকাশ কৰিছে। বিস্ফোৰণৰ পাছত বহু সময়লৈ ক’লা ধোৱাই আৱৰি ধৰে পুৱাৰ আকাশ। ইফালে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পায়েই চিকিৎসালয়ত উপস্থিত হয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট। দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মীয়লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। আনহাতে জয়পুৰৰ দিল্লী পাব্লিক স্কুলৰ সন্মুখত সংঘটিত এই টেংকাৰ বিস্ফোৰণৰ ঘটনা অতি বেদনাদায়ক আৰু অবৰ্ণনীয় বুলি ক’লে মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.