NEWS

Rahul Gandhi: সংসদৰ হতাহতি কাণ্ডত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু গোচৰ, গ্ৰেপ্তাৰ হ'ব নেকি ৰাহুল গান্ধী? কি শাস্তি হ'ব পাৰে ৰাহুল গান্ধীৰ?

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু গোচৰ। বৃহস্পতিবাৰে পুৱা সংসদ চৌহদত সংঘটিত হোৱা কংগ্ৰেছ আৰু বিজেপিৰ সাংসদৰ মাজত হতাহতিৰ ঘটনাৰ পাছতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ। অভিযোগ অনুসৰি, সংসদ চৌহদত বিজেপিৰ সাংসদৰ সৈতে হতাহতিত লিপ্ত হয় ৰাহুল গান্ধী। বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰ, হেমাংগ যোশী আৰু বাঁসুৰী স্বৰাজৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে। সূত্ৰ অনুসৰি, যিহেতু ৰাহুল গান্ধী লোকসভাৰ সদস্য, সেয়েহে এই বিষয়ত দিল্লী আৰক্ষীয়ে আইনী পৰামৰ্শ লৈছে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে, গ্ৰেপ্তাৰ হ’ব নেকি ৰাহুল গান্ধী? ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ‘আম্বেদকাৰ ইজ দ্য ফেশ্বন’ মন্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ সাংসদৰ মাজত তুমুল মতানৈক্যৰ সৃষ্টি হৈছিল। সেই সময়তে বিজেপিৰ সাংসদসকলৰ সৈতে ৰাহুল হতাহতিত লিপ্ত হয় বুলি অভিযোগ উত্থাপিত হৈছে। আম্বেদকাৰ বিতৰ্কক লৈ বিজেপি আৰু বিৰোধী নেতাৰ প্ৰতিবাদ আৰু বিক্ষোভৰ ফলত আহত হয় বিজেপিৰ দুই সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু মুকেশ ৰাজপুট। আহত সাংসদ দুয়োগৰাকী ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি, ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯(৫) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। লঘু আঘাতৰ ক্ষেত্ৰত ১১৫ (২) আৰু গুৰুতৰ আঘাতৰ ক্ষেত্ৰত ১১৭ (২) ধাৰা আৰোপ কৰা হয়। বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০৯, ১২৫, ১৩১ আৰু ১০৯ ধাৰাত অভিযোগ দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত ১০৯ নং ধাৰাত হত্যাৰ চেষ্টাৰো গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এই অভিযোগ পোনছাটেই নস্যাৎ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। তেওঁ দাবী কৰে যে, “মই সংসদত প্ৰৱেশ কৰাৰ সময়ত বিজেপিৰ সাংসদে মোক ঘেৰি ধৰিছিল আৰু মোকহে ঠেলি দিয়া হৈছিল।” লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে লিখিছে, “বিজেপিৰ সাংসদসকলে ৰাহুল গান্ধীক লোকসভাত প্ৰৱেশ কৰাত বাধা দিছিল। তেওঁকো ঠেলি দিয়া হৈছিল। ভাৰসাম্য হেৰুৱাই আঁঠুত আঘাতপ্ৰাপ্ত হৈছে।” None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.