The biggest Burmese Python rescued from Assam University. প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰিছে অসম বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা। ১৭ ফুটতকৈও অধিক দীঘল আৰু প্ৰায় ১০০ কিলোগ্ৰাম ওজনৰ অজগৰ সাপ(বাৰ্মিজ পাইথন) প্ৰথমবাৰ বৰাক উপত্যকাৰ পৰা উদ্ধাৰ হৈছে বুলি জনাইছে বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষণবিদ বিশাল সোণাৰ আৰু বন্যপ্ৰাণী সংমণ্ডলৰ উদ্ধাৰকাৰী তথা সংৰক্ষণবিদ ত্ৰিকাল চক্ৰৱৰ্তীৱে। শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদৰ পৰা বুধবাৰে নিশা ১৭ ফুটতকৈও অধিক দীঘল আৰু প্ৰায় ১০০ কিলোগ্ৰাম ওজনৰ বিশালকায় অজগৰটো প্ৰথমে কেম্পাছৰ গাৰ্লছ হোষ্টেল- ১ এৰ ওচৰত দেখা পোৱা যায়। পিছত কেম্পাছৰ জিম চেণ্টাৰৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয় এই প্ৰকাণ্ড অজগৰটো। বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষণবিদ বিশাল সোণাৰ আৰু উদ্ধাৰকাৰী ত্ৰিকাল চক্ৰৱৰ্তীৰ নেতৃত্বত এখন অভিযানৰ অন্তত এই অজগৰ উদ্ধাৰ কৰা হয়। বিশাল সোণাৰে এই সন্দৰ্ভত কয়, ‘বাৰ্মিজ পাইথন অঞ্চলটোত যথেষ্ট পৰিমাণে আৰু প্ৰায়ে কেম্পাছৰ ভিতৰত দেখা যায়।সাধাৰণতে এই সাপডালে ছাগলী আৰু অন্যান্য সৰু জীৱ-জন্তু চিকাৰ কৰে।১ নং গাৰ্লছ হোষ্টেলৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁক এই প্ৰকাণ্ড সাপটোৰ কথা কয় আৰু তেওঁ ততাতৈয়াকৈ ঘটনাস্থলিত উপস্থিত হয়।সাপটোৰ দৈৰ্ঘ্য আৰু ওজনৰ বাবে চম্ভালিবলৈ অতি কঠিন হৈ পৰিছিল।সহ-উদ্ধাৰকাৰী ত্ৰিকাল চক্ৰৱৰ্তী, নিৰাপত্তাৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ সহায়ত ইয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। পিছত বন বিষয়াৰ তত্বাৱধানত ইনাৰ লাইন ফৰেষ্টত সাপটো এৰি দিয়া হয়।তেওঁ লগতে কয়, এনে সাপ সাধাৰণতে মানুহৰ বাবে প্ৰত্যক্ষ ভাবুকি নহয়, কিন্তু ইহঁতক বিচলিত বা ক্ষতি কৰা উচিত নহয়। ই সাধাৰণতে ঘৰচীয়া জীৱ-জন্তু আৰু সৰু স্তন্যপায়ী প্ৰাণীক চিকাৰ কৰে। এনে পৰিস্থিতিত মানুহে দায়িত্বশীলভাৱে কাম কৰা উচিত। বিশাল সোণাৰে এই বিশালকায় অজগৰক তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ গধুৰ সাপ আৰু অঞ্চলটোৰ আটাইতকৈ গধুৰ পাইথন বুলি অভিহিত কৰে।ত্ৰিকাল চক্ৰৱৰ্তী বন্যপ্ৰাণী উদ্ধাৰ বিশেষজ্ঞ হিচাপেও বিখ্যাত। দুয়োজনেই অজগৰ উদ্ধাৰৰ প্ৰশংসনীয় দক্ষতা আৰু নিৰ্ভীকতাৰ বাবে পৰিচিত।ইপিনে, বৰাক উপত্যকাৰ বন্যপ্ৰাণী সংমণ্ডলৰ উদ্ধাৰকাৰী ত্ৰিকাল চক্ৰৱৰ্তীয়ে কয়, বৰাক উপত্যকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বাৰ্মিজ পাইথন যোৱা নিশা উদ্ধাৰ কৰা হয়। ১৭ ফুট ওখ আৰু ১০০ কেজিৰ এই পাইথনটোক উদ্ধাৰ কৰিবলৈ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ফোন কৰিছিল।লগে লগে তেওঁ সেই স্থানত লৰালৰিকৈ গৈ উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে আৰু কেম্পাছৰ অন্যতম অভিজ্ঞ বন্যপ্ৰাণী উদ্ধাৰকাৰী বিশাল সোণাৰে মিলি পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয়। এই উদ্ধাৰ অভিযানে মানৱ বসতি আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থান আৰু বুজাবুজিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.