চলিত মাহৰ অন্তিম দিনটোত CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ ইয়াৰ বাবে এতিয়া ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান পদত নিযুক্তিৰ বাবে প্ৰস্তুত কৰিছে এক পাঁচজনীয়া পেনেল ৷ কেন্দ্ৰীয় ডেপুটেশ্যনলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ৷ জি পি সিং হ’ব পাৰে CRPFৰ পৰৱৰ্তী DG! কিয়নো ৩১ ডিচেম্বৰত ১৯৮৮ বৰ্ষৰ IPS অনিশ দয়াল সিঙে অৱসৰ গ্ৰহণ কৰিব ৷ এই হিচাপত CRPFৰ DG অনিশ দয়াল সিঙ স্থলাভিষিক্ত হ’বলৈ এতিয়া আগবাঢ়িছে ১৯৯১ চনৰ IPS জি পি সিং! CRPFৰ পৰৱৰ্তী DG নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কৰিবলগীয়া প্ৰস্তুতি সম্পন্ন কৰিছে ৷ দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বী পদৰ পৰা অনিশ দয়াল সিঙৰ অৱসৰৰ দিনটোতে নতুন মুৰব্বীৰ নিযুক্তি দিব কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ এইক্ষেত্ৰত Appointments Committee of the Cabinetয়ে অনুমোদন জনাব CRPFৰ পৰৱৰ্তী DGৰ নাম ৷ ইয়াৰ বাবে পূৰ্বে NIA, SPGত দক্ষতাৰে কৰ্তব্য সমাপন কৰি বৰ্তমানে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা জি পি সিঙৰ হাততেই কেন্দ্ৰীয় চৰকাৰে CRPFৰ পৰৱৰ্তী DGৰ দায়িত্ব ভাৰ অৰ্পণ কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে ৷ এনে সন্ধিক্ষণত জি পি সিঙৰ স্থানত তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদত নিযুক্তি দিয়াৰ বাবে এক পেনেল প্ৰস্তুত কৰিছে ৰাজ্যৰ গৃহ বিভাগে ৷ প্ৰস্তুত কৰিছে DGP নিযুক্তিৰ বাবে ৫ জনীয়া পেনেল ৷ অসম-মেঘালয় বেটছৰ শীৰ্ষ পাঁচ IPS বিষয়াক লৈ প্ৰস্তুত কৰিছে এই পেনেল ৷ গৃহ বিভাগৰ খবৰ মতে, DGPৰ পেনেলত নাম সন্নিৱিষ্ট হৈছে ১৯৯৩ বৰ্ষৰ IPS তথা Special DGP হৰমীট সিং, ১৯৯৩ বৰ্ষৰ IPS তথা BSFৰ ADG ৰাম প্ৰসাদ মীনা, ১৯৯৪ বৰ্ষৰ IPS তথা CRPFৰ ADG দীপক কুমাৰ, ১৯৯৫ বৰ্ষৰ IPS এ ৱাই ভি কৃষ্ণা আৰু ১৯৯৫ বৰ্ষৰ IPS তথা CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাৰ নাম ৷ এই পাঁচজনীয়া পেনেল ৰাজ্যৰ গৃহ বিভাগে UPSCলৈ প্ৰেৰণ কৰিব আৰু UPSCৰ অনুমোদন ক্ৰমে ৰাজ্য চৰকাৰে নিযুক্তি দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানক৷ দিছপুৰৰ তথ্য মতে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদত জ্যেষ্ঠতাৰ ভিত্তিত হৰমিত সিঙকেই ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.