NEWS

জেহাদীৰ টাৰ্গেট শিলিগুৰি কৰিড’ৰ, উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ

পোহৰলৈ আহিছে জেহাদীৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য। উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ জেহাদীৰ। এছটিএফে গ্ৰেপ্তাৰ কৰা জেহাদীয়ে ৰচিছিল এই ভয়ংকৰ ষড়যন্ত্ৰ। জেহাদীৰ টাৰ্গেট আছিল শিলিগুৰি কৰিড’ৰ। আৰক্ষীৰ জেৰাত এই ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে ধৃত জেহাদীয়ে। বংগ আৰক্ষীৰ STFয়ে এক সংবাদমেলত সদৰি কৰিছে এই চাঞ্চল্যকৰ তথ্য। পশ্চিম বংগৰ STFয়ে সংবাদ মেলত কয়, এই শিলিগুৰি কৰিড’ৰত কূটাঘাত কৰাৰ পৰিকল্পনা কৰিছিল জেহাদীয়ে। এই শিলিগুৰি কৰিড’ৰ বা ‘চিকেন নেক’ হ’ল উত্তৰ-পূব ভাৰতক দেশৰ সৈতে সংযোগ কৰা এটা অংশ। যিটো অংশৰ জৰিয়তে উত্তৰ-পূবৰ সাতখন ৰাজ্যই দেশৰ আন প্ৰান্তৰ সৈতে সংযোগ স্থাপন কৰে। ইয়াৰ দুয়োফালে আছে বাংলাদেশ আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা। সেই শিলিগুৰি কৰিড’ৰকে টাৰ্গেট কৰি লৈছিল জেহাদীয়ে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ লক্ষ্যৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰিছিল এই জেহাদীৰ দলটো। পশ্চিম বংগৰ আৰক্ষীৰ এছটিএফ এছটিএফৰ মুৰব্বী, আই জি গৌতম শৰ্মাই শুকুৰবাৰে সম্বোধন কৰা সংবাদ মেলত কয় যে জেহাদী কেইটাৰ লক্ষ্য আছিল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক দেশখনৰ সৈতে সংযোগ কৰি ৰখা ভূখণ্ড অধিকাৰ কৰা। অৰ্থাৎ উত্তৰ বংগ জিলাৰ সদৰ শিলিগুৰিকে ধৰি পশ্চিম বংগৰ এটা বৃহৎ অঞ্চল অধিকাৰ কৰাৰ লক্ষ্যৰে ভাৰতত প্ৰৱেশ কৰিছিল জেহাদীৰ দলটো। ইতিমধ্যে বৃহস্পতিবাৰে অসম আৰক্ষীৰ বিশষ আৰক্ষী প্ৰধান আৰু এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্তৰ যৌথ সংবাদ মেলত প্ৰকাশ পাইছিল কিদৰে অসম আৰক্ষীয়ে পশ্চিম বংগ আৰক্ষীৰ সহায়ত পশ্চিম বংগ আৰু কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৮জনকৈ জেহাদীক। অসমৰ লগতে পশ্চিম বংগ আৰু কেৰেলাত এছটিএফে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৮টাকৈ জেহাদী। উল্লেখ্য যে প্ৰথমে বাংলাদেশৰ পৰা ছেদ ৰাদি ভাৰতত প্ৰৱেশ কৰি প্ৰথমে পশ্চিম বংগত আশ্ৰয় লৈছিল। পাছত কেৰালাৰ পৰা গ্ৰেপ্তাৰ হয় ছেড ৰাদি ওৰফে চাহাব শ্বেইখ। নৱেম্বৰত শ্লিপাৰ চেল শক্তিশালী কৰিবলৈ ভাৰতলৈ পঠিওৱা হৈছিল চাহাব শ্বেইখ ওৰফে ছেদ ৰাদিক। এই সময়ছোৱাত অসমৰ কেতবোৰ সংখ্যালঘু অধ্যূসিত অঞ্চলত গঢ়ি তোলা হৈছিল জেহাদী চক্ৰৰ নতুন নতুন মডিউল। এই মডিউলকেইটাৰ উদ্যোগত বহু লোকক প্ৰশিক্ষণ দিয়া হৈছিল জেহাদৰ। আনকি বোমা নিৰ্মাণ, বোমা নিক্ষেপৰো প্ৰশিক্ষণ দিয়া হৈছিল এই সময়ছোৱাত। উদ্বেগজনক কথাটো হ’ল জেহাদীৰ এই কূ-উদ্দেশ্যত সাঙুৰি লোৱা হৈছিল শিশু-কিশোৰকো। পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা মিনাৰুল শ্বেইখ এনে কেতবোৰ কামত নিয়োজিত হৈ আছিল। পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ পৰা আব্বাছ আলি নামৰ আন এটাক গ্ৰেপ্তাৰ হৈছিল পৰৱৰ্তী সময়ত। কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ নুৰ ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান আৰু হামিদুল ইছলাম প্ৰত্যক্ষভাবে জড়িত আছিল জেহাদী কাৰ্যকালাপত। ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ ইনামুল শ্বেখ নামৰ জেহাদীটোৰ পৰাও আৰক্ষীয়ে লাভ কৰিছিল বহু বিস্ফোৰক তথ্য। বৃহস্পতিবাৰে অসম আৰক্ষীৰ সংবাদ মেলত খোদ আৰক্ষীয়েও প্ৰকাশ কৰিছিল অসমত জেহাদী কাৰ্যকালাপ অথবা ইয়াত থকা শ্লিপাৰ চে’ল সন্দৰ্ভত যিমান ভয়ংকৰ বুলি ভাবিছিল তাতকৈ অধিক ভয়ংকৰ পৰিস্থিতিৰ কথা প্ৰকাশ পাইছিল জেহাদী কেইটাৰ স্বীকাৰোক্তিত। বৃহস্পতিবাৰে SDGP হৰমীত সিঙে সংবাদমেল সম্বোধন কৰি ‘অপাৰেচন প্ৰঘাত’ৰ অধীনত ৮টা জেহাদীক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছিল। অসম আৰক্ষীৰ SDGP গৰাকীয়ে কয়, ‘‘ভাৰতত এই জেহাদীকেইটাই সৃষ্টি কৰিছিল জেহাদীৰ শ্লীপাৰ চেল।’’ আটাইকেইটা জেহাদীৰ পৰা আপত্তিজনক তথ্য সংগ্ৰহ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে হৰমীত সিঙে। তেওঁ কয়, ‘আটাইৰে ম’বাইলত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য লাভ কৰা হৈছে। সমগ্ৰ দেশতে শ্লীপাৰ চেল গঢ়াৰ ব্লুপ্ৰিণ্ট ৰচনা হৈছিল। অস্ত্ৰ-শস্ত্ৰ কিদৰে আনিব পাৰি তাৰ আলোচনা কৰিছিল। পাকিস্তান-বাংলাদেশৰ লগত সঘন যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। গোপন এপছত কথোপকথন হৈছিল আটাইকেইটা সদস্যৰ। ৪টা পেনড্ৰাইভ-হাৰ্ডডিস্ক জব্দ কৰিছে আৰক্ষীয়ে। বহু কেইখন ধৰ্মীয় গ্ৰন্থও লাভ কৰিছে আৰক্ষীয়ে। দুটা মাহতে অসম-পশ্চিমবংগত জেহাদীৰ শিপা বিয়পাইছিল।’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.