NEWS

Darrang News: দৰঙৰ কেইগৰাকীমান মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী

দৰঙৰ কেইগৰাকীমান মান মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বাঁহেৰে নিৰ্মিত বিভিন্ন দৰঙৰ কেইগৰাকীমান মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছেবাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী। বাৰীৰ চুকত পৰি থকা এডাল বাঁহৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি তাকেই প্ৰমাণ কৰিলে মহিলাকেইগৰাকীয়ে। দৰঙৰ কেইগৰাকীমান মহিলাই দেখুৱাইছে কৰ্ম সংস্কৃতিৰ নিদৰ্শন। বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়ালে এইসকল মহিলাই। ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ উদ্দেশ্যৰে এইসকল মহিলাই দেখিছে সপোন। দৰঙৰ বৰনগাঁও অঞ্চলৰ প্ৰায় ১২ গৰাকী মহিলাই দেখুৱাইছে এক কৰ্ম সংস্কৃতিৰ নিদৰ্শন। এডাল বাঁহৰ পৰা প্ৰায় ২০ৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত কেনেকৈ উলিয়াব পাৰি তাৰেই শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে মহিলা সকল। বাৰীৰ চুকত থকা বাঁহ গছৰ জৰিয়তে এই সকল মহিলাই নীৰৱে চলাই গৈছে অৰ্থনৈতিক সংগ্ৰাম। মঙলদৈৰ বৰনগাঁও, ছোটো নগাঁও, পিপিৰাদোকান অঞ্চলৰ মহিলা সকলে বাঁহেৰে নিৰ্মিত কাপ, ব্ৰাছ, চকী, টেবুল, লেম্প, পেইন ষ্টেন,ট্ৰে, বিচনি, চালনি আদিবিভিন্ন ধৰণৰ সামগ্ৰীত ৰং তুলিকাৰে প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তুলিছে। তেওঁলোকে বাঁহেৰে নিৰ্মিত এইসমূহ সামগ্ৰীৰে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত চাহিদা লাভৰ বাবে পঠিয়াইছে। তেওঁলোকক FXB india surksha নামৰ এটি এন জি অৰ অধীনত প্ৰশিক্ষণ লৈ বৰ্তমান এই সকল মহিলাই নিজকে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে। মহিলা সকলৰ এই কৰ্মই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্অষম হৈছে। সমৰ থলুৱা সম্পদেৰে স্বাৱলম্বী হোৱাৰ মন মেলিছে গাঁৱৰ মহিলা সকলে। বৰ্তমান সময়ত অসমৰ মহিলা সকলে কেৱল বাঁহেৰে নিৰ্মিত নহয় বিভিন্ন ধৰণৰ কৰ্ম সংস্কৃতিৰে নিজকে চিনাকী কৰাই দিয়াৰ লগতে বিশ্ব দৰবাৰত অসমৰ এনেধৰনৰ সম্পদ বিলাক পৰিচয় কৰি দিয়াৰ চেষ্টা কৰিছে। পুৰুষৰ সমানে সমানে যে মহিলা সকলেও সকলো কাম কাজ কৰি যাবলৈ সক্ষম হৈছে তাৰে এক জ্বলন্ত উদাহৰণ এই সকল মহিলা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.