NEWS

Nalbari News : নলবাৰীত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে আগতীয়া প্ৰস্তুতি, বানাক্ৰান্তৰ বাবে ল’বলগীয়া বিধি-ব্যৱস্থাৰ অনুশীলন সম্পন্ন

nalbari disaster management programme আগন্তুক বৰ্ষাকালীন সময়ৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাৱ্য বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে শুকুৰবাৰে নলবাৰী জিলাত আগতীয়া অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰকুচিত পাগলাদিয়া নদীৰ ওপৰত থকা দলঙৰ সমীপত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰঙিয়া আৰু তামুলপুৰস্থিত ভাৰতীয় সেনা চাউনিৰ পৰা অহা সেনা জোৱান তথা প্ৰশিক্ষণপ্ৰাপ্ত অপদা মিত্ৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। অনুশীলনৰ সময়ত যন্ত্ৰচালিত নাৱেৰে পানীৰ পৰা উদ্ধাৰ অভিযান, চিকিৎসা কৰ্মীৰ দ্বাৰা প্ৰাথমিক চিকিৎসা তথা গুৰুতৰভাৱে আহত ব্যক্তিক প্ৰয়োজনীয় বিধি ব্যৱস্থাৰ জৰিয়তে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ আৰু চিকিৎসা ব্যৱস্থাপনাৰ অনুশীলন কৰা হয়। তদুপৰি কমাৰকুচি গাঁৱত অৱস্থিত উত্তম চন্দ্ৰ উচ্চ বুনিয়াদী বিদ্যালয়ত আশ্ৰয় শিবিৰ অনুষ্ঠিত কৰি বানাক্ৰান্ত ব্যক্তিসকলৰ বিশেষকৈ গৰ্ভৱতী মহিলা, শিশু আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ল’বলগীয়া ব্যৱস্থাপনাৰ প্ৰয়োজনীয় অনুশীলন কৰা হয়। এই অনুশীলনৰ পৰিদৰ্শক হিচাপে ২১ ডিভিজন ৰঙিয়া সেনা চাউনিৰ মেজৰ বৰুণ পাটিয়াল আৰু তামুলপুৰ সেনা চাউনিৰ কেপ্টেইন ৰোহিত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। জিলাখনত হোৱা এই অনুশীলন নলবাৰী জিলাৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা বৰ্ণালী ডেকাৰ তত্বাৱধানত অতিৰিক্ত আয়ুক্ত ৰুণাভ ৰামছিয়াৰী, বৰভাগ ৰাজহ চক্ৰ বিষয়া জিতেন টাইড, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক ডাঃ হেমন্ত বৈশ্য আৰু বিভিন্ন ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়াসকলে তদাৰক কৰে। অসমৰ বাতৰি / খবৰ / অসম / Nalbari News : নলবাৰীত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে আগতীয়া প্ৰস্তুতি, বানাক্ৰান্তৰ বাবে ল’বলগীয়া বিধি-ব্যৱস্থাৰ অনুশীলন সম্পন্ন Nalbari News : নলবাৰীত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে আগতীয়া প্ৰস্তুতি, বানাক্ৰান্তৰ বাবে ল’বলগীয়া বিধি-ব্যৱস্থাৰ অনুশীলন সম্পন্ন nalbari disaster management programme আগন্তুক বৰ্ষাকালীন সময়ৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাৱ্য বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে শুকুৰবাৰে নলবাৰী জিলাত আগতীয়া অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অধিক পঢ়ক … 1-MIN READ local18 Nalbari,Assam Last Updated : December 20, 2024, 7:17 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি আগন্তুক বৰ্ষাকালীন সময়ৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাৱ্য বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে শুকুৰবাৰে নলবাৰী জিলাত আগতীয়া অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰকুচিত পাগলাদিয়া নদীৰ ওপৰত থকা দলঙৰ সমীপত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰঙিয়া আৰু তামুলপুৰস্থিত ভাৰতীয় সেনা চাউনিৰ পৰা অহা সেনা জোৱান তথা প্ৰশিক্ষণপ্ৰাপ্ত অপদা মিত্ৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। বিজ্ঞাপন অনুশীলনৰ সময়ত যন্ত্ৰচালিত নাৱেৰে পানীৰ পৰা উদ্ধাৰ অভিযান, চিকিৎসা কৰ্মীৰ দ্বাৰা প্ৰাথমিক চিকিৎসা তথা গুৰুতৰভাৱে আহত ব্যক্তিক প্ৰয়োজনীয় বিধি ব্যৱস্থাৰ জৰিয়তে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ আৰু চিকিৎসা ব্যৱস্থাপনাৰ অনুশীলন কৰা হয়। তদুপৰি কমাৰকুচি গাঁৱত অৱস্থিত উত্তম চন্দ্ৰ উচ্চ বুনিয়াদী বিদ্যালয়ত আশ্ৰয় শিবিৰ অনুষ্ঠিত কৰি বানাক্ৰান্ত ব্যক্তিসকলৰ বিশেষকৈ গৰ্ভৱতী মহিলা, শিশু আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ল’বলগীয়া ব্যৱস্থাপনাৰ প্ৰয়োজনীয় অনুশীলন কৰা হয়। বিজ্ঞাপন এই অনুশীলনৰ পৰিদৰ্শক হিচাপে ২১ ডিভিজন ৰঙিয়া সেনা চাউনিৰ মেজৰ বৰুণ পাটিয়াল আৰু তামুলপুৰ সেনা চাউনিৰ কেপ্টেইন ৰোহিত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। জিলাখনত হোৱা এই অনুশীলন নলবাৰী জিলাৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা বৰ্ণালী ডেকাৰ তত্বাৱধানত অতিৰিক্ত আয়ুক্ত ৰুণাভ ৰামছিয়াৰী, বৰভাগ ৰাজহ চক্ৰ বিষয়া জিতেন টাইড, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক ডাঃ হেমন্ত বৈশ্য আৰু বিভিন্ন ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়াসকলে তদাৰক কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 , Nalbari First Published : December 20, 2024, 7:17 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.