NEWS

RSS আৰু হিন্দুত্ববাদী নেতাক হত্যা কৰাৰ পৰিকল্পনা! জামাতুল মুজাহিদীনে ৰচিছিল হিন্দু বিৰোধী ব্লুপ্ৰিণ্ট! কেনেকৈ ফাদিল হ'ল জেহাদীৰ ভয়ংকৰ পৰিকল্পনা?

শেহতীয়াকৈ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট STF-এ জেহাদীৰ বিৰুদ্ধে চলাইছিল ‘অপাৰেশ্যন প্ৰঘাত’। যুদ্ধগতিত অসম আৰক্ষীৰ STF-এ জেহাদীৰ বিৰুদ্ধে চলোৱা ‘অপাৰেশ্যন প্ৰঘাত’ৰ সময়ত পোহৰলৈ আহিছে বহু উদ্বেগজনক খবৰ। STFৰ অভিযানত বুধবাৰে জালত পৰে ৮ ‘জেহাদী’ সন্ত্ৰাসবাদী। অসম, পশ্চিমবংগ, কেৰালাৰ পৰা গ্ৰেপ্তাৰ জেহাদীকেইটাক। বুধবাৰে কোকৰাঝাৰ আৰু ধুবুৰীৰ পৰা ৫ জেহাদীক গ্ৰেপ্তাৰ কৰে STFয়ে। কেৰালা আৰু পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ আন ৩ জেহাদীক। কোকৰাঝাৰৰ পৰা নুৰ ইছলাম মণ্ডল, মজিবৰ ৰহমান, আব্দুল কৰিম মণ্ডল, হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ইনামূল হকক। ইপিনে কেৰালাৰ পৰা মহম্মদ ছেদ ৰাদি ওৰফে চাব শ্বেখক আৰু পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে মিনাৰুল শ্বেখ আৰু আব্বাছ আলীক। ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে ৮ জেহাদীক। ধৃত জেহাদীৰ পৰা বহু সামগ্ৰী উদ্ধাৰ STFৰ হাতত গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ পৰা জব্দ হৈছে জেহাদীৰ পুথি, বাংলাদেশী পাছপ’ৰ্ট, ভুৱা ভাৰতীয় নথি। সমান্তৰালকৈ জব্ধ হৈছে আপত্তিজনক বহু তথ্য আৰু সামগ্ৰী। জেহাদীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৪টা পেনড্ৰাইভ-হাৰ্ডডিস্ক আৰু মোবাইল ফোন। ধৃত ৮ জেহাদীৰ আটাইৰে ম’বাইলত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য লাভ জব্দ কৰিছে আৰক্ষীয়ে। আৰু ইয়াৰ পাছতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ হুংকাৰ ‘অসমত জেহাদীৰ জাল পেলাবলৈ দিয়া নহ’ব’। অসমত জেহাদীৰ ভয়ংকৰ পৰিকল্পনা ফাদিল বৃহস্পতিবাৰে এক সংবাদমেল যোগে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙে জানিবলৈ দিয়ে যে RSS আৰু হিন্দুত্ববাদী নেতাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল এই পাকিস্তান মদদপুষ্ট বাংলাদেশৰ মৌলবাদী দজেহাদীয়ে। ভাৰতত প্ৰৱেশ কৰি হিন্দু বিৰোধী ভয়ংকৰ পৰিকল্পনা কৰিছিল জামাতুল মুজাহিদীনে। সমগ্ৰ দেশজুৰি ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ। সেই পৰিকল্পনাৰেই মাত্ৰ দুটা মাহতে অসম-পশ্চিমবংগত জেহাদীৰ শিপা বিয়পাইছিল STFৰ হাতত গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটাই। পাকিস্তান আৰু বাংলাদেশৰ সন্ত্ৰাসবাদীৰ নেতৃত্বত অসম অস্থিৰ কৰাৰ ব্লুপ্ৰিণ্ট নৱেম্বৰ-ডিচেম্বৰত প্ৰৱেশ কৰা জেহাদীৰ দলটোৱে ভাৰতত গঠন কৰিছিল শ্লীপাৰ চেল। বাংলাদেশৰ আনছাৰুল্লাহ বাংলা টীমৰ নেতা ফাৰাহ ইশাকে চলাইছিল জেহাদীৰ কাম-কাজ। ABTৰ মুৰব্বী জেছিমুদ্দিন ৰহমানিৰ অতি ঘনিষ্ঠ এই ফাৰাহ ইশাক। নৱেম্বৰত ফাৰহা ইশাকে ভাৰতলৈ পঠিয়াইছিল কেৰালাৰ পৰা গ্ৰেপ্তাৰ হোৱা ছেদ ৰাদিক। প্ৰথম অৱস্থাত পশ্চিমবংগত আশ্ৰয় লৈছিল ছেদ ৰাদিক নামৰ জেহাদীটোৱে। ভাৰতত জেহাদীৰ শ্লীপাৰ চেল শক্তিশালী কৰিবলৈ ছেদ ৰাদিকক পঠিয়াইছিল ফাৰাহ ইশাকে। সমগ্ৰ দেশত জেহাদীৰ শ্লীপাৰ চেল গঢ়ি তোলাৰ ৰচিছিল ব্লুপ্ৰিণ্ট। ধৃত জেহাদী কেইটাই পাকিস্তান আৰু বাংলাদেশৰ লগত সঘনে আছিল যোগাযোগত। গোপন আৰু সন্দেহজনক এপৰ জৰিয়তে কথোপকথন হৈছিল আটাইকেইটা জেহাদীৰ। বহিঃৰাষ্ট্ৰৰ পৰা কিদৰে অস্ত্ৰ শস্ত্ৰ আনিব পাৰি সেই সন্দৰ্ভতো আলোচনাত বহিছিল জেহাদীৰ দলটোৱে। STFৰ জেৰাত পোহৰলৈ আহিছে এনে বহু বিস্ফোৰক তথ্য। ধৃত ৮ জেহাদীৰ মোবাইল ফোনত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য। সংবাদমেলযোগে এই তথ্য প্ৰকাশ কৰিছে SDGP হৰমিত সিং আৰু STFৰ নেতৃত্ব থকা IGP পাৰ্থ সাৰথি মহন্তই। একাংশ মাদ্ৰাছা আৰু মছজিদত সন্ত্ৰাসবাদৰ সদাগৰে দিছে জেহাদৰ পাঠ! বিভিন্ন সময়ত পোহৰলৈ আহিছে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা এনে সন্ত্ৰাসবাদৰ সদাগৰে খোপনি পোতে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত। মছজিদৰ ইমান, মাদ্ৰাছাৰ শিক্ষকৰ ৰূপত কাম কৰি জেহাদৰ নামত অনগ্ৰসৰ অঞ্চলৰ যুৱপ্ৰজন্মক টাৰ্গেট কৰি লয় সন্ত্ৰাসবাদীৰ এজেণ্টসকলে। শেহতীয়াকৈ ১২ ডিচেম্বৰত গোৱালপাৰাত NIAই গ্ৰেপ্তাৰ কৰে ৪ টা জেহাদীক। STFৰ সহযোগত চলা এই অভিযানত গ্ৰেপ্তাৰ হোৱা এটা জেহাদীও আছিল মছজিদৰ ইমাম। গোৱালপাৰাৰ টুকুৰাৰ মিলনপাৰাৰ NIAই গ্ৰেপ্তাৰ কৰে জেহাদী জয়নাল অবেদিনক। এই জয়নাল আছিল মছজিদৰ ইমাম। জয়নালৰ উপৰি টুকুৰাৰ পৰা গ্ৰেপ্তাৰ কাপোৰৰ ব্যৱসায়ী তথা জেহাদী ছাহানুৰ আলমক। গোৱালপাৰাৰ বৰপাহাৰ পৰা গ্ৰেপ্তাৰ ব্যৱসায়ী তথা জেহাদী আবু তালেবক। চালাৰ পৰা গ্ৰেপ্তাৰ কম্পিউটাৰ দোকানী তথা জেহাদী ছাহানুৰ ইছলামক। তাৰ ৬দিনৰ পিছতে পুনৰ STFয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৮টা জেহাদীক। আৰু তাৰ পিছতে পোহৰলৈ আহে পাকিস্তান মদদপুষ্ট বাংলাদেশী সন্ত্ৰাসবাদীৰ অসম ৰক্তাক্ত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.