গুৱাহাটীৰ বজাৰত এডাল খ্ৰীষ্টমাছ ট্ৰীৰ দাম ৬০ৰ পৰা ৯৫০০ টকা। বৰদিনলৈ মাজত মাত্ৰ ৪টা দিন বাকী। ২৫ ডিচেম্বৰত প্ৰভু যীশুৰ জন্মদিন উদযাপন কৰিব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে৷ বৰদিনৰ প্ৰাকক্ষণত বজাৰ সমূহ ভৰি পৰিছে খ্ৰীষ্টমাছৰ বিভিন্ন সামগ্ৰীৰে। গুৱাহাটীৰ বজাৰতো পৰিলক্ষিত হৈছে বৰদিনৰ ৰং বিৰঙৰ বিভিন্ন সামগ্ৰী। বৰদিনত খ্ৰীষ্টমাছ ট্ৰীৰ বিশেষ গুৰুত্ব থাকে। মহানগৰীৰ বজাৰত বিভিন্ন ধৰণৰ খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ হৈছে। যাৰ মূল্য ৬০ টকাৰ পৰা আৰম্ভ কৰি ৯৫০০ টকা পৰ্যন্ত। খ্ৰীষ্টমাছ ট্ৰীৰ সমান্তৰালকৈ চান্টাক্ল’জ, চান্টাক্ল’জৰ টুপী, নানাৰঙী লাইট, জিংগল বেল, ষ্টাৰ, বিভিন্ন ৰঙৰ মালাকে ধৰি বহু সামগ্ৰী উপলব্ধ হৈছে মহানগৰীৰ বজাৰত। উপহাৰৰ সামগ্ৰী ২৫ টকাৰ পৰা আৰম্ভ কৰি ২৫০ টকা, জিংগল বেল ৫ টকাৰ পৰা আৰম্ভ কৰি ৩৫০ টকা, চান্টাক্ল’জৰ টুপী ২০ টকাৰ পৰা আৰম্ভ কৰি ৩০০ টকা, নানাৰঙী লাইট ৫০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা, ষ্টাৰ ২০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত দাম হৈছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ গ্ৰাহকৰ সঁহাৰি ভাল বুলি জানিবলৈ দিয়ে গৰাকীয়ে। কিছুমান সামগ্ৰীৰ দাম বৃদ্ধি হৈছে আৰু কিছুমান সামগ্ৰীৰ দাম হ্ৰাস পাইছে বুলি উল্লেখ কৰে গৰাকীয়ে। এইদৰেই এতিয়া বৰদিন ওচৰ চপাৰ লগে লগে বজাৰ সমূহ ভৰি পৰিছে খ্ৰীষ্টমাছৰ বিভিন্ন সামগ্ৰী। ইয়াৰ উপৰি কেকৰ দোকানতো অৰ্ডাৰ বাঢ়িছে। কিয়নো যীশুৰ জন্মদিন উপলক্ষ্যে বৰদিনৰ দিনা কেক কাটি উদযাপন কৰা হয় বৰদিন। সমান্তৰালকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো সাজু হৈছে বৰদিন উদযাপনৰ বাবে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.