এগৰাকী যুৱতীৰ হৃদয়স্পৰ্শী কথা, ‘মোক বহুতে কৈছে মাকে দোকান দিয়ে, এতিয়া জীয়েকেও দোকান দিবলৈ ওলাই আহিছে। সমাজে কৈ থাকিব আমি কাম কৰি থাকিম। মানুহে ভালো ক’ব বেয়াও ক’ব। গতিকে সমাজৰ কথা কাণ দি লাভ নাই।’ এই মন্তব্য স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী পৰিণীতা কলিতা নামৰ এগৰাকী যুৱতীৰ। পৰিণীতাই ৭ মাহৰ পূৰ্বে মহানগৰীৰ ভঙাগড়ত ফুটপাথতে আৰম্ভ কৰে ভাতৰ দোকান। তাৰ পাছতে সমাজৰ পৰা শুনিবলৈ পাইছিল বহু ঋণাত্মক কথা। কিন্তু সেইবোৰ কথাক আওকাণ কৰি কষ্ট কৰি আগুৱাই গৈছে পৰিণীতা। পৰিণীতাই সৰুতে পিতৃক হেৰুৱায়। তাৰ পাছত মাতৃয়ে বহু কষ্টৰ মাজেৰে এখন সৰু দোকানেৰে পৰিণীতা আৰু তেওঁৰ ভাতৃক পঢ়ুৱাই আহিছে। প্ৰায় বিশ বছৰ ধৰি তামোল-পাণৰ দোকান দি ঘৰ চলাই আছে পৰিণীতাৰ মাতৃয়ে। মাতৃৰ কষ্ট দেখি পৰিণীতা আৰু তেওঁৰ ভাতৃ কাম কৰিবলৈ ওলাই আহিল। এইদৰেই এতিয়া তেওঁলোকে কৰ্ম-সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ সপোন দেখিছে পৰিণীতাই। ভাত, মাছ, মাংস সকলো উপলব্ধ পৰিণীতাৰ দোকানত। নিৰামিষ ভাতৰ থালি ৫০ টকা, মাছ ভাত ৮০ টকা আৰু মাংস ভাত ১০০ টকাত পাব পৰিণীতাৰ দোকানত। সকলোখিনি পৰিণীতাৰ ভাতৃয়ে ৰান্ধি দিয়ে আৰু পৰিণীতাই আহি বিক্ৰী কৰেহি। পৰিণীতা আৰু তেওঁৰ ভাতৃৰ কৰ্ম-সংস্কৃতি দেখি আনন্দিত পৰিণীতাৰ মাতৃ। ভাতৰ দোকানেৰে নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে মাতৃকো সহায় কৰিবলৈ সক্ষম হৈছে তেওঁলোকে। অসমৰ বাতৰি / খবৰ / অসম / Guwahati : গুৱাহাটীৰ এই ঠাইত মাত্ৰ ৫০ টকাতে পাব নিৰামিষ ভাত, এগৰাকী স্নাতক শ্ৰেণীৰ ছাত্ৰীয়ে মুকলি কৰিছে ভাতৰ দোকান Guwahati : গুৱাহাটীৰ এই ঠাইত মাত্ৰ ৫০ টকাতে পাব নিৰামিষ ভাত, এগৰাকী স্নাতক শ্ৰেণীৰ ছাত্ৰীয়ে মুকলি কৰিছে ভাতৰ দোকান এগৰাকী যুৱতীৰ হৃদয়স্পৰ্শী কথা, মাতৃৰ কষ্ট দেখি পৰিণীতা আৰু তেওঁৰ ভাতৃ কাম কৰিবলৈ ওলাই আহিল। এইদৰেই এতিয়া তেওঁলোকে কৰ্ম-সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : December 20, 2024, 8:42 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ‘মোক বহুতে কৈছে মাকে দোকান দিয়ে, এতিয়া জীয়েকেও দোকান দিবলৈ ওলাই আহিছে। সমাজে কৈ থাকিব আমি কাম কৰি থাকিম। মানুহে ভালো ক’ব বেয়াও ক’ব। গতিকে সমাজৰ কথা কাণ দি লাভ নাই।’ এই মন্তব্য স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী পৰিণীতা কলিতা নামৰ এগৰাকী যুৱতীৰ। পৰিণীতাই ৭ মাহৰ পূৰ্বে মহানগৰীৰ ভঙাগড়ত ফুটপাথতে আৰম্ভ কৰে ভাতৰ দোকান। বিজ্ঞাপন তাৰ পাছতে সমাজৰ পৰা শুনিবলৈ পাইছিল বহু ঋণাত্মক কথা। কিন্তু সেইবোৰ কথাক আওকাণ কৰি কষ্ট কৰি আগুৱাই গৈছে পৰিণীতা। পৰিণীতাই সৰুতে পিতৃক হেৰুৱায়। তাৰ পাছত মাতৃয়ে বহু কষ্টৰ মাজেৰে এখন সৰু দোকানেৰে পৰিণীতা আৰু তেওঁৰ ভাতৃক পঢ়ুৱাই আহিছে। প্ৰায় বিশ বছৰ ধৰি তামোল-পাণৰ দোকান দি ঘৰ চলাই আছে পৰিণীতাৰ মাতৃয়ে। মাতৃৰ কষ্ট দেখি পৰিণীতা আৰু তেওঁৰ ভাতৃ কাম কৰিবলৈ ওলাই আহিল। এইদৰেই এতিয়া তেওঁলোকে কৰ্ম-সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ সপোন দেখিছে পৰিণীতাই। ভাত, মাছ, মাংস সকলো উপলব্ধ পৰিণীতাৰ দোকানত। নিৰামিষ ভাতৰ থালি ৫০ টকা, মাছ ভাত ৮০ টকা আৰু মাংস ভাত ১০০ টকাত পাব পৰিণীতাৰ দোকানত। সকলোখিনি পৰিণীতাৰ ভাতৃয়ে ৰান্ধি দিয়ে আৰু পৰিণীতাই আহি বিক্ৰী কৰেহি। পৰিণীতা আৰু তেওঁৰ ভাতৃৰ কৰ্ম-সংস্কৃতি দেখি আনন্দিত পৰিণীতাৰ মাতৃ। ভাতৰ দোকানেৰে নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে মাতৃকো সহায় কৰিবলৈ সক্ষম হৈছে তেওঁলোকে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Inspiration , local18 First Published : December 20, 2024, 8:42 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.