NEWS

Cachar News: SDRF বাহিনীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱালে এগৰাকী মাছমৰীয়াই, জিলা আৰক্ষী অধীক্ষকেও কৰিলে প্ৰশংসা

Cachar Police Superintendent extends warm welcome to Sheikh Rabijul ৭-৮ ঘণ্টা ধৰি এখন দুৰ্ঘটনাগ্ৰস্ত অল্ট’ গাড়ি বৰাক নৈৰ পৰা সন্ধান উলিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় SDRFবাহিনী। পিছে বাহনখনৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল এগৰাকী সাহসী ডুবাৰু। সেই সাহসী ব্যক্তিগৰাকী হৈছে এজন মাছমৰীয়া। কাছাৰ জিলাৰ বৰখলাৰ ৰায়পুৰত সংঘটিত দুৰ্ঘটনাত বৰাক নদীত ডুব যোৱা অল্ট’ গাড়ীখন উদ্ধাৰ কৰাৰ বাবে ডুবাৰুজনক সম্বৰ্ধনা জনাইছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। আৰক্ষী অধীক্ষক নোমালে ডুবাৰু শ্ৰীকোনা ৰাখালপাৰ অঞ্চলৰ বাসিন্দা ৰবিজুল আলীক সম্বৰ্ধনা জনোৱাৰ লগতে অৰ্থ পুৰস্কাৰ প্ৰদান কৰে। মঙলবাৰে নিশা ৰাইছউদ্দিন বাৰাভূঞা আৰু তেওঁৰ পত্নী হেলিনা বেগম বৰাভূঞা আৰু তেওঁলোকৰ ১৩ মহীয়া কন্যা সন্তানসহঅল্ট’ গাড়ীখন বৰাক নদীত পৰি ডুব যায়।গ্লাছ ভাঙি গাড়ীৰ পৰা নামি ৰাইছউদ্দিনে প্ৰাণ ৰক্ষা কৰিব পাৰিলেও তেওঁৰ পত্নী আৰু সন্তান গাড়ীত আবদ্ধ হৈ মৃত্যুমুখত পৰে। ঘটনাৰ পিছতে এছডিআৰএফ বাহিনীয়ে নদীত তালাচী অভিযান চলায় যদিও গাড়ীখনৰ কোনো সন্ধান পাবলৈ ব্যৰ্থ হয়।বুধবাৰে পুৱা শ্ৰীকোনাৰ ৰবিজুল আলীয়ে বৰাক নৈত নামি আহি আধা ঘণ্টাৰ ভিতৰতে ডুব যোৱা গাড়ীখনৰ অৱস্থান চিনাক্ত কৰি ৰছীডাল বান্ধি দিয়ে। তাৰ পিছত এই ৰছীডালেৰে গাড়ীখন ওপৰলৈ টানি অনা হয়। ৰবিজুলৰ তৎপৰতা মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই সাহসৰ বাবে তেওঁক নগদ ধনৰ পুৰস্কাৰ আৰু গাঁও প্ৰতিৰক্ষা পাৰ্টি (ভিডিপি) বা অসম গৃহৰক্ষী দলত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে কাছাৰৰ আৰক্ষী প্ৰশাসনে।১৭ ডিচেম্বৰৰ নিশা বুৰিবাইল তৃতীয় খণ্ডৰ নিবাসী ৰাইছ উদ্দিন বৰভূঞা,পত্নী হেলেনা বেগম বৰভূঞা আৰু এবছৰীয়া কন্যা জন্নতৰা বেগমৰ সৈতে চিকিৎসকৰ ওচৰলৈ গৈ শিলচৰৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। মথাউৰিৰ পৰা পিছলি যোৱা গাড়ীখন ২০০ মিটাৰ তললৈ বৰাক নদীত বাগৰি পৰে।কোনোমতে ৰাইছউদ্দিনে খিৰিকীৰে বাহিৰলৈ ওলাই আহিছিল যদিও তেওঁৰ পত্নী আৰু সন্তান গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰাত বচাব পৰা নাছিল।গোটেই নিশা SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ডুব যোৱা বাহনখন বিচাৰি উলিয়াব পৰা নাছিল। হতাশগ্ৰস্ত পৰিয়ালটোৱে ডুবাৰু হিচাপে দক্ষতা থকাঅঞ্চলটোত পৰিচিত শ্বেখ ৰবিজুল আলীৰ ওচৰলৈ যায়।প্ৰথম ডুব যোৱাৰ ৩০ ছেকেণ্ডৰ ভিতৰতে তেওঁ গাড়ীখনৰ স্থান নিৰ্ণয় কৰি দ্বিতীয়বাৰৰ বাবে ৰছীৰে গাড়ীখন বান্ধিবলৈ চেষ্টা কৰে।তাৰ পাছত স্থানীয় ৰাইজে গাড়ীখন টানি ওপৰলৈ উঠাই আনে।আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ৰবিজুল আলী আৰু বৰখলা ভিডিপিৰ সভাপতি জাকিৰ হুছেইনকো প্ৰশংসা কৰে।যিয়ে SDRFৰ সৈতে নিশাজোৰা উদ্ধাৰ অভিযানত সহায় কৰিছিল।দুয়োকে কাছাৰ জিলা আৰক্ষীয়ে সম্বৰ্ধনা জনায়। কাছাৰ আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰি ৰবিজুল আলীয়ে কয় যে তেওঁ ভৱিষ্যতেও মানুহৰ সেৱা আগবঢ়াই যাব বিচাৰে। আৰক্ষী অধীক্ষক মাহাত্তাই তেওঁৰ সাহসিকতাৰ বাবে প্ৰশংসা কৰি কয়, ৰবিজুল কাছাৰ আৰক্ষীৰ বাবে এক সম্পদ। ৰবিজুলক চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰশাসনে সমাজৰ এনে বীৰসকলক সন্মান জনোৱাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.