চৰাইদেউ মহোৎসৱৰ লাইখুঁটা স্হাপন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত বিগত সময়ৰ দৰে পুনৰ চৰাইদেউ মহোৎসৱ উদযাপন কৰিবলৈ আগবঢ়িছে। চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ আগবাঢ়িছে চৰাইদেউ মহোৎসৱ। আগন্তুক নৱবৰ্ষৰ ৯,১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ ২০২৫। শুকুৰবাৰে চৰাইদেউ মহোৎসৱৰ লাইখুঁটা স্থাপনকৰা হয়। পৰম্পৰাগত আহোমৰ ৰীতি নীতিৰে স্থাপন কৰা হ’ল লাইখুঁটা৷ এই অনুস্থানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউ মহোৎসৱৰ এটা কাৰ্যালয় শুভাৰম্ভ কৰা দেখা যায়। বিগত বৰ্ষৰ দৰে এইবাৰো টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা তথা বিভিন্ন কাৰ্যসূচীৰ উপৰিও বৃহৎ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলাৰে চৰাইদেউ মহোৎসৱ উদযাপন কৰাৰ লগতে এইবাৰ বিদেশী পৰ্যটকক নিমন্ত্ৰণ জনায় পূৰ্বতকৈ ডাঙৰকৈ এই মহোৎসৱ আয়োজন কৰা হ’ব বুলিও বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে জানিবলৈ দিয়ে। পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে ২০১৫ চনৰ পৰা চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।উল্লেখ্য যে ৬০০ বজৰ ধৰি আহোমৰ ইতিহাস ধৰি ৰখা বাবেই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। স্বীকৃতি লাভ কৰাৰ পাছতে দেশৰ লগতে বিদেশৰো বিভিন্ন পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ অহা দেখিবলৈ পোৱা গৈছে।আজি লাইখুঁটা স্থাপন কৰা মূহুৰ্তৰ পৰা ক্ষিপ্ৰ গতিত এই মহোৎসৱৰ বাবে সকলোৱে একত্ৰিত হৈ যা-যোগাৰ কৰি সুন্দৰকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰ সজাই তোলা হ’ববুলিও মন্তব্য প্ৰকাশ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিগত সময়ত বিভিন্ন স্থানৰ পৰা চৰাইদেউ মৈদামলৈ পৰ্যটক সকল আহি মিলা-প্ৰীতিৰ মাজেৰে বনভোজ খোৱাৰ লগতে ঐতিহাসিক চৰাইদেউৰ ইতিহাসৰ বিষয়েও জানিবলৈ চেষ্টা কৰা দেখা গৈছে । None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.