NEWS

সাহিত্য সুবাস : গাঁও এৰি চহৰলৈ গুচি অহা দিন ধৰি দুখৰ বৰষুণজাকত তিতিছোঁ, এতিয়া হাঁহি এটাৰ বিনিময়ত হাঁহি এটা উপহাৰ পোৱাটো সহজ নহয়... আৰু কেইবাটাও বাচকবনীয়া কবিতা

এতিয়া ইয়াত দূৰত্ব বাঢ়িছে হৃদয়ৰ পৰা হৃদয়ৰ গোপাল কৃষ্ণ বাঢ়ৈ, যোৰহাট এতিয়া হাঁহি এটাৰ বিনিময়ত হাঁহি এটা উপহাৰ পোৱাটো সহজ নহয়… কিছু আকুলতাৰ বিনিময়ত আকুলতা অলপ সঁচা ভালপোৱাৰ বিনিময়ত সঁচা ভালপোৱা আন্তৰিকতাৰ বিনিময়ত আন্তৰিকতা৷ সৌভাগ্যবান আপুনি যদি কাৰোবাৰ কাষত মন খুলি হাঁহিব পাৰিছে সৌভাগ্যবান আপুনি যদি কাৰোবাৰ সৈতে একেলগে আকাশলৈ চাব পাৰিছে লুক-ঢাক নকৰাকৈ যদি ভাগ-বতৰা কৰিব পাৰিছে কাৰোবাৰ সৈতে মনৰ কথাবোৰ৷ আচলতে কৃত্ৰিমতাৰ প্ৰলেপ সানি সকলো মানুহেই সুখী মানুহৰ অভিনয় কৰে সকলোৰে থাকে নিজা নিজা অসুখ একান্তই ব্যস্ত থাকে নিজৰ সৈতে সকলো৷ সকলো মানুহেই মিঁছা কথা কয় স্বাৰ্থৰ কাৰণে সম্পৰ্ক গঢ়ে স্বাৰ্থ শেষ হ’লেই সম্পৰ্ক ভাঙে৷ এতিয়া ইয়াত দূৰত্ববোৰ বাঢ়িছে মানুহৰ পৰা মানুহ হৃদয়ৰ পৰা হৃদয়ৰ৷ অস্থায়ী ভাস্কৰ জ্যোতি লাঙি কলিয়াবৰ, নগাঁও হৰ্ষোল্লাস চহৰত, যদি তুমি নোহোৱা মই থকাৰ অস্তিত্ব শূন্য ইমান আমনিদায়ক হ’লে পৰিধি ভাঙি তৈয়াৰ কৰা সেই আকাশৰ নীলা ঘৰটো কাৰ পৰশত জিলিকি উঠিব? তুমি কৈছিলা- মই ৰং সানিব নাজানো উপসংহাৰ এটাই; মোৰ আত্মাৰ পৰা প্ৰেম নোলাব কোনোদিন। মই সেই পৃথিৱীৰ বাসিন্দা হ’ব নোখোজো য’ত মানুহ স্থিতপ্ৰজ্ঞ নহয়। মোৰ অবাটে যোৱা প্ৰেয়সীৰ স্থান পৰিণামবিহীন যাৰ কোনো স্থায়ী মৃত্যু নাই আছে মাথোঁ মহাশূন্যৰ অপূর্ণতাত দেখা কিছু স্বপ্ন। ব্ৰেক-আপ প্ৰাঞ্জল প্ৰতিম ডেকা কি ঠিক! হঠাৎ নুঘূৰা হ’ব ঘঁড়ীৰ কাটা পুৱালৈ বাট নাচাব ৰাতিয়ে জোনে বাট এৰি নিদিব বেলিক কি ঠিক! কথাবোৰ নহ’ব কথাৰ দৰে এবাৰেই মাত্ৰ ১২ বাজিব কি ঠিক! এন্ধাৰক ব্ৰেক-আপ দি এদিন ৰাতিটোও শুই পৰিব হাত সত্যজিৎ গগৈ জখলাবন্ধা, নগাঁও ঘন কুঁৱলী বৰণৰ ভাৱ এটা উৰি যোৱা কোনোবা নিশাৰ পৰা উঠি অহা এখন নৈ বাউসিৰ পৰা খহি পৰে নিৰ্বাক এটা তৰা বুকু ভাঙি এছটা শিলে অহৰ্নিশে মাথো চিঞৰিছে ছিগি পৰা এখন হাত জোৰা লগাবলৈ ক’তবা বেলিটো লুকাল গাঁও এৰি অহা দিন ধৰি পংকজ শইকীয়া বৰালীগাঁও, কলিয়াবৰ, নগাঁও গাঁও এৰি চহৰলৈ গুচি অহা দিন ধৰি দুখৰ বৰষুণজাকত তিতিছোঁ চকুপানীৰ উৎসৱ পাতিছোঁ ইয়াত একোকে ভাল নালাগে এতিয়া চৰাইৰ কাকলিত নোলাই প্ৰত্যুষৰ ৰ’দকাঁচলি গৰখীয়াৰ বাঁহীৰ সুৰত নাহে ওভতনি বেলি ব্যস্ততাৰ সহিব নোৱাৰা হেঁচাত আজি মই ক্লান্ত পথিক ব্যস্ত চহৰখনৰ বুকুত নাই শৈশৱৰ ল’ৰা-ধেমালি এদিম চেদিম বাই বা ৰজাৰ দ’ল সজা দিন মেটমৰা কিতাপৰ বোজাৰে সমনীয়াৰ লগত দেও দি ফুৰা বাৰীৰ আম-জামু ৰবাব টেঙাত লাগি ৰোৱা মধুৰ স্মৃতি ইয়াত আকাশ চোৱাৰ হেঁপাহ কাৰোৱেই নাই ফুল তৰা গান কবিতাৰ লগত ওমলা সময় সোঁৱৰণীয়ে মাথো দুচকু তিয়াই আই অ’ তোৰ হাতৰ অকণমান মৰম তই ৰান্ধি দিয়া কচু-ঢেকীয়া আৰু ঔটেঙাৰ ভাত সাঁজ ইয়াত একোকে বিচাৰি নাপায় ব্যস্ততাৰ বাঘজৰীৰে মেৰিওৱা সকলোৰে হাত-ভৰিবোৰ ইয়াত সেয়ে দুচকুৰ উজ্জলতাৰে কোনেও নলয় কুশল বাৰ্তা- ভাল নে আপোনাৰ? কুশলে আছেনে আপুনি? গাঁৱৰ মূৰৰ ধাননি ডৰাত ছাগে জাক জাক টুনী চৰাই পৰিছেহি ঘন কুঁৱলীয়ে ঢাকি ধৰা গাঁওখনত শীতৰ ওভতনি বেলিত আইৰো দুখবোৰো উজাই আহিছে পিতাইৰো ফটা কাামিজটোৱেদি ছাগৈ শীতে বৰকৈ আমনি কৰিছে তথাপিও কুশলে আছে নিশ্চয় মোৰ আপোন গাঁওখন মোৰ আপোন মানুহবোৰ গাঁও এৰি চহৰলৈ অহা দিন ধৰি ব্যস্ত চহৰখনৰ বুকুত মই নিসংগতাৰ পোচাক পিন্ধি দুখৰ বৰষুণজাকত তিতিছোঁ আই অ’ মই গুচি যাম এই চহৰ এৰি তোৰ আঁচলৰ ছাত আকৌ গাম ল’ৰালিৰ গীত এফাঁকি নাই অৰূপজ্যোতি হাজৰিকা টীয়ক পৰ্বতীয়া, যোৰহাট আছে বুলিনো কোনে কয় কেৱল নাই আৰু নাই গাড়ীত যাত্ৰী নাই, দোকানত গ্ৰাহক নাই বাইকত তেল নাই, ঘৰত বস্তু নাই বিপদত পৰি বিচাৰিলেও নাই আছেনো কি? পায় বুলিনো কোনে কয়? ভাওনাত দৰ্শক নাই, খেলত দৰ্শক নাই মিটিঙত মানুহ নাই, কিতাপৰ বিক্ৰী নাই কেৱল নাই আৰু নাই কৰিবলৈ কাম নাই, চিন্তাত টোপনি নাই বাৰীটো একো নাই থাকে মাথোঁ ভোক আৰু ভোগ লৈ ইচ্ছা নাই, হেঁপাহ নাই, সাহস নাই কি আছে?কি নাই? মানুহক বুজিবলৈ এবাৰহে পায় ভগা টিন-লোহা আছে নেকি? তেতিয়াও নাই! ঘৰে ঘৰে দিলেও নাই লাগে মাথোঁ বিনামূল্যে চৰকাৰী ঘৰ, বৃদ্ধ পেঞ্চন, চাকৰি। তেতিয়াও নাই আছে বুলিনো কোনে কয় অগাধ সম্পত্তিৰ গৰাকীয়েও নাই নাই কৰিয়েই যায় জন্ম হওঁতে লগত একো অনা নাই মৃত্যুৰ সময়তো একো লৈ নাযায় পাৰোতে জানো কোটিপতিজনো নাই নাই কৰিয়েই যায়নে? এশাৰীৰ কবিতা গুণ মৰাণ শাকনি শাকনিত কবিবোৰ আন শাকৰ দৰে নাবাঢ়ে -শুৱনি হৈ ঠাই বন্দীহে কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.